• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নেপাল-বাংলাদেশৰ দৰে গণ-অভ্যুত্থানৰ উচতনি দিছিল ৱাংচুকে: উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 4, 2026 10:25 am
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লাডাখৰ সক্ৰিয় সমাজকৰ্মী সোণম ৱাংচুকৰ আটকক লৈ উচ্চতম ন্যায়ালয়ত চলি থকা শুনানিত কেন্দ্ৰীয় চৰকাৰে এক গুৰুতৰ অভিযোগ উত্থাপন কৰে। চৰকাৰৰ মতে, ষষ্ঠ অনুসূচীৰ মৰ্যাদাৰ দাবী পূৰণ নহ’লে ৱাংচুকে লাডাখৰ যুৱ প্ৰজন্মক নেপাল, বাংলাদেশ আৰু শ্ৰীলংকাৰ দৰে চৰকাৰ বিৰোধী আন্দোলন তথা গণ-অভ্যুত্থানৰ পৰা অনুপ্ৰাণিত হ’বলৈ উচতনি দিছিল।

উল্লেখ্য যে, ৰাজ্যৰ মৰ্যাদাৰ দাবীত চলি থকা আন্দোলনে হিংসাত্মক ৰূপ লোৱাৰ পিছত ২০২৫ চনৰ ২৬ ছেপ্টেম্বৰত ৱাংচুকক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ (NSA) অধীনত আটক কৰা হৈছিল। বৰ্তমান তেওঁ যোধপুৰ কাৰাগাৰত বন্দী হৈ আছে।

Apply Now

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অৰবিন্দ কুমাৰ আৰু ন্যায়াধীশ পি. বি. ভাৰালেৰ বিচাৰপীঠৰ সন্মুখত কেন্দ্ৰীয় চৰকাৰৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই যুক্তি দৰ্শায় যে ৱাংচুকে তেওঁৰ ভাষণত গান্ধীৰ আদৰ্শৰ দোহাই দি প্ৰকৃততে উচতনিমূলক মন্তব্য লুকুৱাই ৰাখিছিল। মেহতাই কয়, “ৱাংচুকে যুৱ প্ৰজন্মক ‘আৰব স্প্ৰিং’ (Arab Spring) আৰু আত্মজাহৰ দৰে হিংসাত্মক পন্থা অৱলম্বন কৰিবলৈ উচতাইছিল।”

মেহতাই আদালতত কয় যে নেপাল বা বাংলাদেশৰ দৰে পৰিস্থিতি ভাৰতৰ এক সংবেদনশীল সীমান্তৱৰ্তী ৰাজ্যত গঢ়ি তোলাৰ প্ৰচেষ্টা দেশৰ নিৰাপত্তাৰ বাবে এক ডাঙৰ ভাবুকি। তেওঁ লগতে অভিযোগ কৰে যে ৱাংচুকে সুৰক্ষাবাহিনী আৰু সাধাৰণ নাগৰিকৰ মাজত দূৰত্ব সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল, যিটো জনশৃংখলাৰ বাবে বিপজ্জনক।

আনহাতে, ৱাংচুকৰ পত্নী গীতাঞ্জলি আংমোৱে দাখিল কৰা ৰিট আবেদনৰ সমৰ্থনত জ্যেষ্ঠ অধিবক্তা কপিল ছিবলে চৰকাৰী পক্ষৰ অভিযোগ খণ্ডন কৰে। ছিবলে অভিযোগ কৰে যে ৱাংচুকক আটক কৰাৰ আধাৰ হিচাপে ব্যৱহাৰ কৰা চাৰিটা ভিডিঅ’ আৰু অন্যান্য তথ্যসমূহ তেওঁক সঠিকভাৱে যোগান ধৰা হোৱা নাছিল, যিয়ে এজন বন্দীৰ আইনী অধিকাৰ খৰ্ব কৰিছে।

ছিবলে যুক্তি দিয়ে যে, ৱাংচুকৰ ভাষণসমূহৰ ভুল অনুবাদ কৰি তেওঁক দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি হিচাপে সজোৱা হৈছে। আৰু ২৪ ছেপ্টেম্বৰত ৱাংচুকে দিয়া শান্তিৰ আবেদনৰ ভাষণটোও জিলা দণ্ডাধীশৰ সন্মুখত উপস্থাপন কৰা হোৱা নাছিল। তদুপৰি ৱাংচুকক পুৰণি এফ. আই. আৰ. ব্যৱহাৰ কৰি লক্ষ্য কৰি লোৱা হৈছে বুলি যুক্তি দৰ্শায়। ভাৰতীয় সেনাৰ বিৰুদ্ধে মন্তব্য কৰাৰ অভিযোগ অস্বীকাৰ কৰি ছিবলে কয় যে ৰাজনীতি আৰু দেশপ্ৰেমক একাকাৰ কৰা অনুচিত।

কেন্দ্ৰীয় চৰকাৰে আদালতক জনায় যে ৱাংচুকক আটক কৰাৰ সময়ত সকলো প্ৰক্ৰিয়া মানি চলা হৈছে আৰু ইয়াৰ সম্পূৰ্ণ ভিডিঅ’গ্ৰাফী মজুত আছে। আনহাতে, আবেদনকাৰী পক্ষই দাবী কৰিছে যে এই আটক সম্পূৰ্ণ বেআইনী।

বৰ্তমান উচ্চতম ন্যায়ালয়ে দুয়ো পক্ষৰ যুক্তি শুনি আছে। সীমান্তৱৰ্তী অঞ্চলৰ নিৰাপত্তা আৰু এজন নাগৰিকৰ বাক-স্বাধীনতা তথা ব্যক্তিগত স্বাধীনতাৰ মাজত ভাৰসাম্য ৰক্ষা কৰি আদালতে পৰৱৰ্তী সময়ত কি ৰায় দিয়ে, সেয়া লক্ষ্যণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

September 3, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd