• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সোণাপুৰৰ টোলগেট মুকলিৰ ক্ষেত্ৰত সাৰ-পানী যোগাইছিল নেকি আছুৰ লগতে অন্য সংগঠনৰ বিষয়ববীয়াই?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 27, 2020 8:28 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম ছাত্ৰ সন্থা, আক্ৰাছু, আটছা, আমৰি কাৰ্বি ছাত্ৰ সন্থা, সংগ্ৰামী যুৱ মঞ্চ আৰু ট্ৰাইবেল সংঘৰ একোজনকৈ সদস্যই সোণাপুৰ নাজিৰাখাটৰ টোলগেট খোলাৰ বাবে প্ৰত্যক্ষভাৱে সাৰ পানী যোগাইছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছিল।

এই বিষয় লৈ কালি এটা সংবাদ প্ৰতিষ্ঠানত বহুল ৰূপত বাতৰি প্ৰকাশ হৈছিল। তাৰ পাছতে সংগঠনকেইটাৰ বিষয়ববীয়াৰ বিৰুদ্ধে সৰব হৈ পৰিছিল কিছুসংখ্যক ৰাজনৈতিক দল তথা জাতীয় সংগঠনৰ নেতা।

Apply Now

বাতৰিটো প্ৰকাশ পোৱাৰ পাছতে নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কয় ‘বিভিন্ন জাতীয় দল সংগঠনক লৈ আলোচনা কৰাৰ পাছত এই টোলগেটখনৰ মুকলিৰ সন্মতি দিয়া বুলি ধৰিব পৰা গৈছে। ৰাইজৰ দুৰ্যোগৰ সময়ত যিসমূহ সংগঠনে বলিৰ পঠা কৰি আগবঢ়াই দিছে বহুতে এতিয়া তেওঁলোকৰ অসমৰ প্ৰতি থকা আন্তৰিকতাৰ প্ৰতিও প্ৰশ্ন তুলিবলৈ সুবিধা পাব। তেওঁলোকে এই কাম কিয় কৰিলে নাজানো।‘

ইয়াৰোপৰি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ‘জাতীয় দল সংগঠনৰ নেতৃত্বৰ উপস্থিতিত চক্ৰ বিষয়া তথা কামৰূপ জিলা প্ৰশাসনৰ লোকে স্থান পৰিদৰ্শন কৰিবলৈ যোৱা বিষয়টোৱে অতি দুৰ্ভাগ্যজনক বিষয়। যিসময়ত চৰকাৰে টোলগেট স্থাপন কৰি জনসাধাৰণক শোষণ কৰিছে তেনে ক্ষেত্ৰত জাতীয় দল সংগঠন বুলি ক’লে ৰাইজৰ পক্ষতে স্থান গ্ৰহণ কৰিব লাগিব।‘

আনহাতে, এই বাতৰিৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সাংগঠনিক সম্পাদক মুকুট ডেকাই।

তেওঁ কয় ‘যিবোৰ জাতীয় সংগঠনৰ নেতাৰ নাম প্ৰকাশ হৈছে বা যদিহে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ লগত বুজা-বুজি কৰি সন্মতি জনাইছে। তেন্তে অতি শীঘ্ৰে এই সন্মতি প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছো।অনথ্যা জাতীয় সংগঠনৰ প্ৰতি ৰাইজৰ আস্থা নাইকিয়া হৈ পৰিব।‘

এনেদৰে বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাছত এই সন্দৰ্ভত নৰ্থ ইষ্ট নাওৰ জৰিয়তে স্পষ্টীকৰণ দিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ জাননীত নাম উল্লেখ থকা দিব্যজ্যোতি মেধিয়ে। তেওঁ কামৰূপ মহানগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছে।

তেওঁ কয় ‘২০১৫ চনত নাজিৰাখাটত যেতিয়া টোলগেট স্থাপন কৰিব বিচৰা হৈছিল তেতিয়া আমি আছুৱে ইয়াৰ বিৰোধিতা কৰিছিলো। ২০২০ ৰ ৬ ফেব্ৰুৱাৰিত যেতিয়া প্ৰথম টোলগেট নিৰ্মাৰ কাম আৰম্ভ হৈছিল তেতিয়া আমি মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছিলো।‘

ইপিনে, ডিমৰীয়া অঞ্চলৰ ৰাইজ সকলো অভিযোগ সমস্যা লৈ জিলা উপায়ুক্তৰ সৈতে আলোচনাৰ মেজত বহিছিল বুলি জানিবলৈ দি তেওঁ কয় ‘পাছত ২৭ ফেব্ৰুৱাৰিত সোণাপুৰৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত এখন সভা অনুষ্ঠিত অনুষ্ঠিত হ’ব বুলি প্ৰশাসনে জনাইছিল। তথা এই সকলো সমস্যাৰ ওপৰত খানাপাৰাৰ পৰা টোপাতলীলৈ সমগ্ৰ অঞ্চলটো চৰজমিন তদন্ত কৰা হ’ব আৰু নেশ্যেনেল হাইৱে অথৰিটী অৱ ইণ্ডিয়াৰ ব্যক্তি প্ৰশাসন আৰু সকলো জাতীয় দল-সংগঠনৰ নেতৃত্বক লৈ এখন সমিতি গঠন কৰা হ’ব আৰু তেতিয়ালৈকে টোলগেটৰ নিৰ্মাণ কাৰ্য বন্ধ থাকিব বুলি জনাইছিল।‘

আনহাতে, এই সম্পৰ্কে জিলা উপায়ুক্তৰ তৰফৰ পৰা প্ৰেৰণ কৰা চিঠি বিসংগতি তথা আঁসোৱাহপূৰ্ণ বুলি দাবী কৰে মেধিয়ে।

তেওঁ কয় ’২৫ ফেব্ৰুৱাৰিত এই সন্দৰ্ভত জিলা উপায়ুক্তৰ ফালৰ পৰা প্ৰেৰণ কৰা পত্ৰ বিসংগতিপূৰ্ণ আছিল আৰু জিলা উপায়ুক্তৰ কক্ষত আলোচনা কৰা বিষয়ৰ লগত এই পত্ৰৰ কোনো সামজঞ্চ্য নাছিল। সেয়েহে ২৬ ফেব্ৰুৱাৰিত চক্ৰ বিষয়াক এখন পত্ৰ দিয়া হৈছিল যে এনেধৰণৰ সভা বা এই সমিতিৰ সৈতে ছাত্ৰ সন্থাৰ কোনো সম্পৰ্ক নাই। ২৭ ফেব্ৰুৱাৰিৰ সভাখনত আমাৰ কোনো প্ৰতিনিধি উপস্থিত নাছিল।‘

ইপিনে, সংবাদ মাধ্যমত প্ৰকাশিত চিঠিখন উদ্দেশ্যপ্ৰণোদিতভাৱে প্ৰকাশ কৰা বুলি তেওঁ দাবী কৰে।

‘চিঠিখন হয়তো চৰকাৰী পক্ষৰ হৈ দল সংগঠনৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ তেওঁলোকে এখন নাটক ৰচনা কৰিছে। সমগ্ৰ বিষয়টো বেলেগ এটা মেৰুলৈ আনিব বিচৰা হৈছে। চৰকাৰ বিৰোধী শ্লোগান বেছিকৈ হোৱা বাবে জাতীয় দল সংগঠনৰ গাত দোষ থেলি তেওঁলোকে ইয়াৰ পৰা মূৰ পোলোকা মাৰিব বিচাৰিছে। কাইলৈ নাম থকা অন্য সকলো সংগঠনৰ নেতৃত্বই মিলি সংবাদমেল সম্বোধন কৰিব।‘ মেধিয়ে এইদৰে কয়।

চৰকাৰৰ বিৰুদ্ধে হুংকাৰ দি তেওঁ আৰু কয় ‘লকডাউনৰ সময়ছোৱাত আন্দোলন কৰিব নোৱাৰাৰ সুবিধা গ্ৰহণ কৰি এই টোলগেট মুকলি কৰিছে। ৰাইজৰ তেজ শুহি আমাৰ ওপৰত এনেদৰে শোষণ কৰিলে কোনোপধ্যে এই টোলগেট মানি নলওঁ। টোলগেট ওফৰাই দিবৰ বাবে আমি তীব্ৰ প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিম।‘

আজি মুখ্য মন্ত্ৰীলৈ এই সন্দৰ্ভত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি তেওঁ জনায়।

প্ৰশাসনৰ ফালৰ পৰা প্ৰস্তুত কৰা তালিকাত আছুৰ হৈ কমিটিত আছিল দিব্যজ্যেতি মেধি, আক্ৰাছুৰ সোণ বৰা, আটছাৰ ৰাজু গোৰাইট, আমৰি কাৰ্বি ছাত্ৰ সন্থাৰ ৰমেন কাথাৰ, সংগ্ৰামী যুৱ মঞ্চৰ আখটাৰ হুছেইন আৰু ট্ৰাইবেল সংঘৰ ধীৰেণ সিং।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd