• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

গাজাত ইজৰাইলৰ আক্ৰমণ আৰু মোদী চৰকাৰৰ নীৰৱতাক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 27, 2026 4:14 pm
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে গাজাত চলি থকা ইজৰাইলৰ আক্ৰমণ আৰু এই ক্ষেত্ৰত মোদী চৰকাৰৰ নীৰৱতাক লৈ তীব্ৰ সমালোচনা কৰিছে। তেওঁ কয় যে গাজাৰ ঘটনাক লৈ কেন্দ্ৰীয় চৰকাৰৰ এই নীৰৱতা কেৱল নৈতিকভাৱে ভুল নহয়, বৰঞ্চ ই দেশৰ স্বাৰ্থৰ পৰিপন্থী। কংগ্ৰেছৰ সংসদীয় দলৰ অধ্যক্ষা গৰাকীয়ে দাবী কৰে যে ভাৰতে পেলেষ্টাইন, ইৰাণ আৰু মধ্যপ্ৰাচ্যৰ দৰে ঐতিহাসিক মিত্ৰ দেশসমূহৰ পৰা নিজকে আঁতৰাই আনিছে। ইয়াৰ সুযোগ লৈ পাকিস্তানে এতিয়া মধ্যস্থতাকাৰীৰ ভূমিকা ল’বলৈ চেষ্টা কৰিছে বুলিও তেওঁ মন্তব্য কৰে।

দ্য ইণ্ডিয়ান এক্সপ্ৰেছ কাকতত প্ৰকাশিত এক প্ৰবন্ধত ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া ইজৰাইল ভ্ৰমণক এক বিভ্ৰান্তিকৰ কৌশলগত সিদ্ধান্ত বুলি অভিহিত কৰিছে। তেওঁ কয় যে পেলেষ্টাইনৰ নিৰীহ শিশুসকলক নিষ্ঠুৰভাৱে লক্ষ্য কৰি লোৱা হৈছে আৰু ভাৰতে ইয়াৰ বিৰুদ্ধে মাত মতা উচিত। গাজাত ইজৰাইলৰ কাৰ্যকলাপ আৰু পশ্চিম তীৰত পেলেষ্টাইনী পৰিয়ালসমূহক স্থানচ্যুত কৰাৰ বিৰুদ্ধে বিশ্বৰ জনমতৰ প্ৰতি ভাৰতে সঁহাৰি জনোৱা উচিত বুলি তেওঁ মত প্ৰকাশ কৰে।

Apply Now

গানধীয়ে কয় যে মোদী চৰকাৰৰ এই নীৰৱতাক কোনো কাৰণতে গ্ৰহণ কৰিব নোৱাৰি। ৰাষ্ট্ৰসংঘৰ এক আয়োগৰ প্ৰতিবেদনৰ কথা উল্লেখ কৰি তেওঁ কয় যে ইজৰাইলে গাজাত পেলেষ্টাইনীসকলক ধ্বংস কৰাৰ চেষ্টা কৰিছে। ভাৰতৰ বিশিষ্ট ন্যায়াধীশ এছ মুৰুলীধৰৰ নেতৃত্বত গঠিত এই আয়োগৰ প্ৰতিবেদন অনুসৰি গাজাত কমেও ২০ হাজাৰ শিশুৰ মৃত্যু হৈছে আৰু ৪৪ হাজাৰ শিশু আহত হৈছে। ইয়াৰ উপৰিও গাজাৰ ৯৭ শতাংশ বিদ্যালয় আৰু স্বাস্থ্য খণ্ড সম্পূৰ্ণৰূপে ধ্বংস হৈছে।

প্ৰবন্ধটোত তেওঁ লগতে কয় যে হামাছৰ আক্ৰমণ গ্ৰহণযোগ্য নহয়, কিন্তু তাৰ পাছত ইজৰাইলৰ সেনাই যি নিষ্ঠুৰতা দেখুৱাইছে সেয়া অমানৱীয়। আমেৰিকাৰ ডনাল্ড ট্ৰাম্প চৰকাৰৰ সমৰ্থনৰ বাবেই ইজৰাইলে এই আক্ৰমণ চলাই নিবলৈ সক্ষম হৈছে বুলি তেওঁ উল্লেখ কৰে। বিশ্বৰ বহু দেশ যেনে ফ্ৰান্স, ব্ৰিটেইন, কানাডা আৰু অষ্ট্ৰেলিয়াই পেলেষ্টাইনক স্বীকৃতি দিছে আৰু দক্ষিণ আফ্ৰিকাই ইজৰাইলৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ কাষ চাপিছে। কিন্তু ইমানৰ পাছতো ভাৰতে একো কোৱা নাই। ৫ বছৰীয়া শিশু হিন্দ ৰাজাবৰ কৰুণ মৃত্যুৰ কথাও তেওঁ উল্লেখ কৰে যাক ইজৰাইলৰ সেনাই নিষ্ঠুৰভাৱে হত্যা কৰিছিল।

শেষত ছোনিয়া গান্ধীয়ে কয় যে ভাৰতে নিজৰ নৈতিকতা আৰু কৌশলগত স্বাৰ্থ বিসৰ্জন দি কেৱল প্ৰধানমন্ত্ৰী মোদী আৰু নেতানিয়াহুৰ বন্ধুত্বক গুৰুত্ব দিছে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীয়েও এক্সত এই প্ৰবন্ধটো শ্বেয়াৰ কৰি ছোনিয়া গান্ধীৰ মতক সমৰ্থন জনাইছে। ৰাহুল গান্ধীয়ে কয় যে ভাৰতে নিজৰ স্বাধীন বৈদেশিক নীতি ঘূৰাই আনিব লাগে আৰু গাজাৰ মানৱীয় সংকটৰ সময়ত মাত মাতিব লাগে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd