• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

IND vs SA 1st T20: মিলাৰ-ডুছেনৰ বেটিং তাণ্ডৱ! বিশাল স্ক’ৰ কৰিও শ্বাসৰুদ্ধকাৰী মেচত আত্মসমৰ্পণ পন্থ বাহিনীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 10, 2022 7:26 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আইপিএলত গুজৰাট টাইটানছৰ হৈ তেওঁ  প্ৰতিখন খেলতে তাণ্ডৱ চলাইছিল। গুজৰাটক চেম্পিয়ন কৰি তোলাতো তেওঁৰ অৰিহনা আছে। আইপিএলৰ সমাপ্তিৰ পিছত ডেভিদ মিলাৰ পুনৰ ৰাষ্ট্ৰীয় দলৰ বাবে দুৰন্ত পাৰ্ফৰ্মাৰ হৈ পৰিছে। ভাৰতৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ প্ৰথমখন খেলত তেওঁ এককভাৱেই বেটেৰে দক্ষিণ আফ্ৰিকাক বিজয় কৰে। মাত্ৰ ৩১ টা বলতে তেওঁ ৬৪ ৰাণ সংগ্ৰহ কৰে।

ৰাছি ভান ডাৰ ডুছেন (৪৬ টা বলত ৭৫ ৰাণ) ‘কিলাৰ’ মিলাৰৰ যোগ্য সংগী হিচাপে আত্মপ্ৰকাশ কৰে। মিলাৰ-ডুছেনৰ ১৩১ ৰাণৰ পাৰ্টনাৰশ্বিপে ভাৰতক এক শ্বাসৰুদ্ধকাৰী থ্ৰিলাৰত ৭ উইকেটত পৰাজিত কৰাত সহায় কৰে। দক্ষিণ আফ্ৰিকাই পাঁচটা বল বাকী থকা অৱস্থাতে অভিলেখসংখ্যক ৰাণ অতিক্ৰম কৰে।

২১১ ৰাণ অনুসৰণ কৰি দক্ষিণ আফ্ৰিকাই এটা সময়ত ৮১ ৰাণত ৩টা উইকেট হেৰুৱাইছিল। প্ৰতি অভাৰত ১০ ৰাণকৈ কৰাৰ পিছতো ভাৰতে বিজয়ৰ গোন্ধ পাইছিল কিয়নো ডিককে (১৮ টা বলত ২২ ৰাণ), বাভুমাই (৮ টা বলত ১০ ৰাণ), প্ৰিটোৰিয়াছে (১৩ টা বলত ২৯ ৰাণ) পাৱাৰ প্লেত পেভলিয়নলৈ উভতিছিল। তাৰ পিছতে মিলাৰ-ডুছেন যুটীয়ে খেলখন ঘূৰাই দিয়ে।

Apply Now

অধিনায়ক টেম্বা বাভুমাই বিশাল ৰাণ অনুসৰণ কৰিবলৈ নামি সোনকালেই উভতিছিল। ডোৱেন প্ৰিটোৰিয়াছক পিঞ্চ হিটাৰৰ ভূমিকাত পঠোৱা হৈছিল। তেওঁ পাৱাৰ প্লেত সেই ভূমিকাত সফল আছিল। কিন্তু প্ৰিটোৰিয়াছে ৰাণৰ হাৰ বৃদ্ধি কৰিবলৈ গৈ আউট হোৱাৰ পিছত কুইন্টন ডিককো পেভিলিয়নলৈ উভতি গৈছিল।

তিনিটা উইকেটৰ পতনৰ পিছত দক্ষিণ আফ্ৰিকা যথেষ্ট চাপত আছিল। ডুছেনে প্ৰথম অৱস্থাত আক্ৰমণাত্মক হ’ব পৰা নাছিল। কিন্তু মিলাৰে আৰম্ভণিৰ পৰাই ধ্বংসাত্মক ৰূপ আৰম্ভ কৰিছিল। মিলাৰে মাত্ৰ ২২ টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে। আনহাতে, ডুছেনে শীতল এংকৰৰ ভূমিকা গ্ৰহণ কৰিছিল। এসময়ত, তাৰকাগৰাকীয়ে ৩২ টা বলত ৩০ ৰাণ কৰি নিজকে চাপত পেলাইছিল।

কিন্তু ১৭ তম অভাৰত ডুছেন তেওঁৰ নিজৰ আক্ৰমণাত্মক ৰূপত ধৰা দিয়ে। হৰ্ষল পেটেলৰ অভাৰটোত তিনিটা ছয় আৰু এটা চাৰিৰে ২২ ৰাণ সংগ্ৰহ কৰে। তেওঁ এটা ছয় মাৰি ৩৭ টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে।

দক্ষিণ আফ্ৰিকাক শেষৰ তিনি অভাৰত জয়ৰ বাবে ৩৪ ৰাণৰ প্ৰয়োজন আছিল। ভুৱনেশ্বৰ কুমাৰে ১৮ তম অভাৰত ২২ ৰাণ দিয়াৰ পিছতে খেলখনৰ ভাগ্য নিৰ্ণয় কৰা হৈছিল। তাৰ পিছত বাকী ৰাণখিনি অতিক্ৰম কৰাত কোনো সমস্যা নহ’ল।

ইয়াৰ পূৰ্বে টছত পৰাজিত হৈ প্ৰথমে বেটিং কৰা  ভাৰতে স্ক’ৰব’ৰ্ডত এক বৃহৎ স্ক’ৰ তুলিছি। শ্ৰেয়াস আয়াৰৰ (২৭ টা বলত ৩৬ ৰাণ), ঋষভ পন্ত (১৬ টা বলত ২৯ ৰাণ) আৰু হাৰ্দিক পাণ্ডিয়াৰ (১২ টা বলত ৩১ ৰাণ) আক্ৰমণাত্মক বেটিঙৰ সহায়ত ভাৰতে ২১১ ৰাণ তোলে।

অ’পেনিং কৰিবলৈ অহা দুয়োজন অ’পেনাৰ ৰিতুৰাজ গায়কোৱাড় (১৫ টা বলত ২৩ ৰাণ) আৰু ঈশান কিষাণে (৪৮ টা বলত ৭৬ ৰাণ) সুন্দৰ আৰম্ভণি কৰিছিল। তেওঁলোক দুয়োজনে পঞ্চাশ ৰাণৰ যুটী বান্ধি দলটোক এটা ভাল আৰম্ভণি দিছিল।

ভুৱনেশ্বৰ কুমাৰে পাৱাৰ প্লেত সুন্দৰ বলিং কৰিছিল। হৰ্ষল পেটেল, অক্ষৰ পেটেলে আৰম্ভণিতে দক্ষিণ আফ্ৰিকাৰ ৰাণ সংগ্ৰহৰ গতিত মন্থৰতা আনি দিছিল। আবেশ খানে প্ৰথম অভাৰত বেছি ৰাণ দিলেও দ্বিতীয় স্পেলত ভাল বলিং কৰিছিল। কিন্তু ডেথ অভাৰত হৰ্ষলৰ পৰা ভুৱনেশ্বৰলৈকে মিলাৰ-ডুছেনৰ তাণ্ডৱক বাধা দিয়াত ব্যৰ্থ হয়।

সংক্ষিপ্ত স্ক’ৰ:

ভাৰত: ২১১/৪

দক্ষিণ আফ্ৰিকা: ২১২/৩ 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd