• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘দেৱসেনা’ৰ বিয়া! প্ৰভাস নহয়, কাৰ লগত বিবাহবন্ধনত দক্ষিণ ভাৰতীয় সুন্দৰী অনুষ্কা শ্বেট্টী?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 15, 2026 1:13 pm
88
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী অনুষ্কা শ্বেট্টীৰ অনুৰাগীসকল তেওঁৰ ব্যক্তিগত জীৱনৰ প্ৰতি অন্তহীন কৌতুহলী। বিশেষকৈ ‘বাহুবলী’ চিনেমাখনৰ আকাশলংঘী সফলতাৰ পাছত পৰ্দাত তেওঁৰ চৰিত্ৰ ‘দেৱসেনা’ই দৰ্শকৰ হৃদয়ত নিগাজী স্থান দখল কৰিছে, আৰু পৰ্দাৰ বাহিৰত প্ৰভাসৰ সৈতে তেওঁৰ কেমিষ্ট্ৰীৰ চৰ্চাও কম হোৱা নাই।

দক্ষিণ ভাৰতৰ মেগাষ্টাৰ প্ৰভাসৰ সৈতে অনুষ্কা বিবাহপাশত আবদ্ধ হ’ব পাৰে বুলি বহুদিনৰ পৰা চৰ্চা চলি আছিল। অৱশ্যে সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই তেওঁৰ বিয়াৰ খবৰে নতুন চৰ্চাৰ বাট লৈছে।

Apply Now

মুম্বাইৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি ৪২ বছৰীয়া সুন্দৰী অভিনেত্ৰীগৰাকীয়ে প্ৰভাসৰ সৈতে নহয়, এগৰাকী প্ৰখ্যাত ব্যৱসায়ীৰ সৈতে জীৱনৰ পৰৱৰ্তী অধ্যায় আৰম্ভ কৰিবলৈ ওলাইছে।

জানিব পৰা মতে অনুষ্কাৰ পৰিয়ালে দৰা নিৰ্বাচন কৰিছে। কোৱা হৈছে যে এইটো ‘এৰেঞ্জ মেৰেজ’ হ’বলৈ গৈ আছে। যদিও দৰাৰ নাম বা পৰিচয় এতিয়াও কঠোৰ গোপনীয়তাৰ মাজত ৰখা হৈছে, তথাপিও ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰিছে যে তেওঁ এগৰাকী ডাঙৰ ব্যৱসায়ী।

দীৰ্ঘদিন ধৰি অনুষ্কা আৰু প্ৰভাসৰ সম্পৰ্কক লৈ ছ’চিয়েল মিডিয়াত বহু চৰ্চা চলি আহিছে। তেওঁলোকৰ অন-স্ক্ৰীণ কেমিষ্ট্ৰী দেখি অনুৰাগীসকলে একপ্ৰকাৰ নিশ্চিত হৈছিল যে তেওঁলোক বাস্তৱ জীৱনতো দম্পতী হ’ব। আনকি কেইবাবাৰো তেওঁলোকৰ এংগেজমেণ্টৰ খবৰও আহিছিল।

অৱশ্যে প্ৰতিবাৰেই এই দুয়োগৰাকী তাৰকাই দাবী কৰি আহিছে যে ইজনে সিজনৰ কেৱল ‘ভাল বন্ধু’। এতিয়া অনুষ্কাৰ বিয়াৰ সিদ্ধান্তৰ লগে লগে নিমিষতে দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ অন্ত পৰিল।”

জানিব পৰা মতে, অনুষ্কাই সদায় পিতৃ-মাতৃৰ পছন্দক অগ্ৰাধিকাৰ দিয়ে। সেয়ে পৰিয়ালৰ আলোচনাৰ জৰিয়তে বিয়াৰ সিদ্ধান্ত লোৱা হৈছিল। বিয়াৰ প্ৰস্তুতিও আন্তৰিকতাৰে আৰম্ভ হৈছে। বৰ্তমান অনুষ্কাই নিজৰ কিছুমান ছবি শেষ কৰাত ব্যস্ত হৈ আছে যাতে বিয়াৰ বাবে যথেষ্ট সময় পায়।

অনুষ্কাৰ ঘনিষ্ঠ মহলৰ মতে, এই ভাল খবৰটো হয়তো অতি সোনকালে অনুৰাগীসকলৰ আগত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব। অৱশ্যে এই খবৰটো প্ৰভাসৰ অনুৰাগীৰ বাবে অলপ দুখজনক হ’লেও অনুষ্কাৰ নতুন জীৱনৰ কামনাৰে ভৰি পৰিছে ইণ্টাৰনেট। এতিয়া, ‘দেৱসেনা’ই নিজৰ ৰাজকুমাৰক সকলোৰে আগত চিনাকি কৰাই দিয়াটো মাথোঁ সময়ৰ অপেক্ষা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm
অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm
অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd