• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

World Cup 2026: একপক্ষীয় ফাইনেল! টৰেছৰ গ’লেৰে বিশ্ব চেম্পিয়ন স্পেইন; শূন্য হাতেৰে উভতিল মেছি

প্ৰায় সকলো বিভাগতে একপক্ষীয় দমনীয় প্ৰদৰ্শন আছিল স্পেনিছ আৰ্মাডাৰ। দুৰন্ত পাছৰ গতিত অসহায় আৰ্জেণ্টিনাৰ মিডফিল্ড, আৰু দিশহাৰা ৰক্ষণ! বিশ্বকাপৰ ইতিহাসত কেতিয়াবা এনে অসহায় আত্মসমৰ্পণ দেখা গৈছে সেয়া কোৱা টান।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 20, 2026 7:42 am
116
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

একেবাৰে একপক্ষীয় যুঁজ! ১২০ মিনিটত কেবল স্পেইনৰ ধুমুহা। স্ক’ৰলাইনে কৈছে স্পেইন বিশ্ব চেম্পিয়ন। ফলাফল ১-০। কিন্তু এই সংখ্যাৰে নিউ জাৰ্চিৰ যুঁজখনৰ প্ৰকৃত বিৱৰণ দাঙি ধৰাটো সম্ভৱ নহয়।

আজিৰ মেগা ফাইনেলত বলৰ নিয়ন্ত্ৰণৰ পৰা আৰম্ভ কৰি তীব্ৰ আক্ৰমণলৈকে – প্ৰায় সকলো বিভাগতে একপক্ষীয় দমনীয় প্ৰদৰ্শন আছিল স্পেনিছ আৰ্মাডাৰ। দুৰন্ত পাছৰ গতিত অসহায় আৰ্জেণ্টিনাৰ মিডফিল্ড, আৰু দিশহাৰা ৰক্ষণ! বিশ্বকাপৰ ইতিহাসত কেতিয়াবা এনে অসহায় আত্মসমৰ্পণ দেখা গৈছে সেয়া কোৱা টান।

Apply Now

অৱশেষত সেই আধিপত্যৰ যোগ্য পুৰস্কাৰ পালে অতিৰিক্ত সময়ত। বিকল্প হিচাপে খেলপথাৰত নমা টৰেছৰ নিখুঁত ফিনিছিঙৰ জৰিয়তে বিশ্বকাপ জয় কৰাৰ আনন্দই স্পেইনক উল্লাসিত কৰিছিল। আনহাতে, একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপ জয়ৰ সপোন ভংগ হোৱাৰ পাছত শূন্য হাতেৰে খেলপথাৰ এৰিলে লিয়নেল মেছিয়ে।

আৰম্ভণিৰে পৰা স্পেইনে খেলখনৰ নিয়ন্ত্ৰণ ধৰি ৰাখিছিল। প্ৰথম পাঁচ মিনিটত লামিন ইয়ামালে ডাঙৰ সুযোগ লাভ কৰে। তাৰ পাছত ডানি অলমো, মাইকেল ভাৰ্জাবাল, মাৰ্ক কুকুৰেৰা আৰু এলেক্স বায়েনাই ইটোৰ পিছত সিটোকৈ আৰ্জেণ্টিনাৰ ৰক্ষণত উপৰ্যুপৰি আক্ৰমণৰ জোৱাৰ তোলে।

সকলো সময়তে বলটোৰ দখল আছিল স্পেনিছ খেলুৱৈসকলৰ ভৰিৰ মাজত। এনে আক্ৰমণাত্মক ফুটবলৰ সন্মুখত প্ৰায় পিঞ্জৰাবদ্ধ হৈ পৰে মেছি। বর্তমানৰ বিশ্ব চেম্পিয়ন দলটোৱে প্রথমার্ধত এটাও শ্বট ল’ব নোৱাৰিলে৷ ১৯৬৬ চনৰ পিছৰ বিশ্বকাপৰ ইতিহাসত এনে পৰিসংখ্যা সঁচাকৈয়ে লজ্জাজনক।

অৱশ্যে নিৰ্ধাৰিত ৯০ মিনিটলৈকে গ’লবিহীন ড্ৰ’ ৰখাৰ একমাত্ৰ কৃতিত্ব আছিল এমিলিয়ানো মাৰ্টিনেজৰ। স্পেনিছ ফৰৱাৰ্ডৰ সন্মুখত ঠিক যেন চীনৰ দেৱালৰ দৰে থিয় হৈ আছিল এষ্টন ভিলাৰ গ’লৰক্ষকগৰাকী। এইগৰাকী গ’লৰক্ষকে নিৰ্ধাৰিত সময়ত ১০টা ছেভ কৰি বিশ্বকাপৰ ফাইনেলৰ ইতিহাসত এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়।

মেচখনৰ কেইবাটাও মুহূৰ্ত গুৰুত্বপূৰ্ণ আছিল। উদাহৰণস্বৰূপে, প্ৰথমাৰ্ধৰ শেষত আঘাতপ্ৰাপ্ত হৈ খেলপথাৰৰ পৰা ওলাই আহিছিল লিছান্দ্ৰ’ মাৰ্টিনেজে। তেওঁৰ ঠাইত নিকোলাছ অটামেণ্ডীক নমোৱা হয়। সেইটোৱে ছন্দটো অলপ ভাঙি পেলালে। দ্বিতীয়াৰ্ধত স্পেইনে আৰ্জেণ্টিনাক নিজৰ অৰ্ধত আৱদ্ধ কৰি ৰাখিছিল। ৫০ মিনিটৰ পাছত দুয়োটা দলৰ ফুটবলাৰৰ মাজত হতাহতি আৰম্ভ হয়। অৱশ্যে নিয়মীয়া সময়ৰ একেবাৰে শেষৰ পিনে আহে মেছিৰ দলৰ বাবে আটাইতকৈ ডাঙৰ আঘাত। দ্বিতীয়খন হালধীয়া কাৰ্ড পাই এনজো ফাৰ্নাণ্ডেজে খেলপথাৰ এৰে। ফলত লিয়নেল স্কাল’নিৰ দলটো ১০ জনলৈ হ্ৰাস পায়।

মেচখন গ’ল নোহোৱাকৈয়ে অতিৰিক্ত সময়লৈ গৈছিল। তাতো স্পেইনে আক্ৰমণাত্মক ধাৰা হ্ৰাস কৰা নাছিল। প্ৰথমতে ভিএআৰ নিৰীক্ষণত মাইকেল মেৰিনোৰ ফাউলৰ বাবে স্পেইনৰ এটা গ’ল বাতিল হয়।

এই সকলোবোৰৰ মাজতো স্পেনিছ আৰ্মাডাক বেছি সময় ধৰি ৰাখিব পৰা নগ’ল। ১০৬ মিনিটত সোঁফালৰ পৰা পেড্ৰ’ প’ৰ’ৰ এক আচৰিত ক্ৰছ বাওঁফালৰ পোষ্টত নিকো উইলিয়ামছে হেড কৰি বক্সৰ মাজলৈ পঠিয়াই দিয়ে। আৰু সঠিক সময়ত, সঠিক স্থানত উপস্থিত হৈ ছুপাৰ চাব ফেৰাণ টৰেছে বাওঁ ভৰিৰ শক্তিশালী শ্বট এটাৰে বলটো নেটত সুমুৱাই দিলে।

এই এটা গ’লেই যথেষ্ট আছিল। সেইটোৱে মেচখনৰ ভাগ্য নিৰ্ণয় কৰিলে। পিছ পৰাৰ পিছতেই অস্থিৰ হৈ পৰা মেছিয়ে এটা দৰ্শনীয় শ্বট ল’লে যদিও সেই শ্বটটো বাৰৰ ঠিক ওপৰেৰে গ’ল। সেইটোৱেই আছিল সমগ্ৰ মেচখনত আৰ্জেণ্টিনাৰ প্ৰথম আৰু একমাত্ৰ শ্বট।

অৱশেষত ২০১০ চনৰ পিছত দ্বিতীয়বাৰৰ বাবে লুইছ ডি লা ফুয়েণ্টৰ স্পেইনে ১-০ গ’লত জয়লাভ কৰি বিশ্বকাপ তুলি ল’লে। আনহাতে লিয়নেল মেছিৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন হোৱাৰ সপোন অপূৰ্ণ হৈয়ে ৰ’ল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd