• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

ডালাছত কোনো ইতিহাসৰ সৃষ্টি নহ’ল যদিও স্পেনিছ ৰণকৌশলত পৰাস্ত হৈ বিশ্ব মঞ্চৰ পৰা বিদায় মাগিলে চি আৰ ৭-য়ে। আনহাতে স্পেইনে স্নায়ুযুঁজত জয়লাভ কৰি বিশ্বকাপৰ অন্তিম আঠটা স্থানৰ টিকট নিশ্চিত কৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 7, 2026 8:03 am
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফুটবল খেলপথাৰত ৯০ মিনিট গ’লবিহীন হৈ থকা মানেই এখন মেচ অতিৰিক্ত সময়ৰ দিশে আগবাঢ়িছে বুলি ভবাৰ কোনো কাৰণ নাই। স্পেনিছ আৰ্মাডাই ডালাছত আকৌ এবাৰ প্ৰমাণ কৰিলে যে এখন খেল এক চেকেণ্ডৰ ভিতৰতে সলনি হৈ যাব পাৰে।

মেচখনৰ একেবাৰে শেষত ৯১ মিনিটত মাইকেল মেৰিনোৰ আকস্মিক গ’লেৰে লুইছ ডি লা ফুয়েণ্টেৰ স্পেইনে পৰ্তুগালক বিশ্বকাপৰ পৰা বাহিৰ কৰি দিলে।  ৰেফাৰীৰ চূড়ান্ত হুইচেল বজাৰ লগে লগে ৪১ বছৰীয়া ক্রিষ্টিয়ানো ৰোনাল্ডোৰ বিশ্বকাপ জয়ৰ সপোনৰো অন্ত পৰিল।

Apply Now

ডালাছত কোনো ইতিহাসৰ সৃষ্টি নহ’ল যদিও স্পেনিছ ৰণকৌশলত পৰাস্ত হৈ বিশ্ব মঞ্চৰ পৰা বিদায় মাগিলে চি আৰ ৭-য়ে। আনহাতে স্পেইনে স্নায়ুযুঁজত জয়লাভ কৰি বিশ্বকাপৰ অন্তিম আঠটা স্থানৰ টিকট নিশ্চিত কৰে।

খেলখনৰ আৰম্ভণিৰে পৰা দুয়োটা দলে সন্তৰ্পনে আগবাঢ়িছিল। খেলৰ অষ্টম মিনিটত মাইকেল ভাৰ্জাবালে স্পেইনক অগ্ৰগতি দিয়াৰ সোণালী সুযোগ লাভ কৰিছিল। পৰ্তুগীজ গ’লৰক্ষকজনক অকলে পোৱাৰ পিছতো তেওঁৰ শ্বটটো লক্ষ্যভ্ৰষ্ট হয়। আনটো মূৰত গ’লৰ বাবে হাহাকাৰ হৈ পৰিছিল ৰোনাল্ডোৱে। ১১ মিনিটত এটা শক্তিশালী শ্বট স্পেনিছ গ’লৰক্ষক উনাই ছিমিওনে সহজেই ব্লক কৰে। তাৰ পাছত জোৱাও ফেলিক্সৰ নিখুঁত পাছৰ পৰা ৰোনাল্ডোৰ দুৰ্দান্ত ভলীও অতি দক্ষতাৰে ৰক্ষা কৰে।

প্ৰথমাৰ্ধৰ শেষৰ ঠিক আগতে ৪১ মিনিটত পৰ্তুগালৰ নুনো মেণ্ডেছৰ এটা শক্তিশালী শ্বট পেড্ৰ’ প’ৰ’ৰ গাত লাগি ক্ৰছবাৰত প্ৰতিহত হয়। প্ৰথমাৰ্ধত গ’ল কৰিবলৈ কেইবাটাও সুযোগ পোৱাৰ পিছতো দুয়োটা দলে ফিনিছিঙৰ অভাৱত গ’লবিহীনভাৱে লকাৰ ৰুমলৈ উভতি যায়।

দ্বিতীয়াৰ্ধত বল দখল আৰু গতিৰ যুঁজখন অধিক তীব্ৰতৰ হৈ পৰে। অৱশ্যে ৫৫ মিনিটত পৰ্তুগীজ শিবিৰ ডাঙৰ আঘাতৰ সন্মুখীন হ’বলগীয়া হয়। স্পেইনৰ যুৱ যোদ্ধা লেমিন ইয়ামালক বান্ধি ৰাখিবলৈ আটাইতকৈ ডাঙৰ ভৰসা বাওঁ বেক নুনো মেণ্ডেছে আঘাতৰ বাবে খেলপথাৰ এৰিবলৈ বাধ্য হয়। তেওঁৰ সলনি নামে নেলছন চেমেডো।

৭০ মিনিটত পৰ্তুগালৰ প্ৰশিক্ষক ৰবাৰ্ট মাৰ্টিনেজে ৰাফেল লিয়াও, ডিঅ’গো ডাল’ট আৰু ফ্ৰান্সিস্কো কনচেইকাওক আনি আক্ৰমণৰ চোক আৰু অধিক বৃদ্ধি কৰে। স্পেনিছ প্ৰশিক্ষকগৰাকীয়েও পাল্টা পদক্ষেপ গ্ৰহণ কৰে। তেওঁ মিডফিল্ডত বলৰ দখল ৰাখিবলৈ কৌশল সলনি কৰি মেৰিনো আৰু ফেবিয়ান ৰুইজক নমায়। ৭২ মিনিটত ইয়ামালৰ এটা সুন্দৰ ফ্ৰী কিক ডিঅ’গো কষ্টাই দুৰ্দান্তভাৱে ৰক্ষা কৰে। ৭৮ মিনিটত ৰুবেন ডায়েছে ডানি অলমোৰ নিশ্চিত শ্বটটো এটা আচৰিত স্লাইডিং ব্লকৰ জৰিয়তে ব্লক কৰে।

যেতিয়া গেলেৰীৰ প্ৰায় সকলোৱে অতিৰিক্ত সময়ৰ গণনা আৰম্ভ কৰিছিল, তেতিয়াই ইনজুৰি টাইমৰ প্ৰথম মিনিটত স্পেইনৰ মোক্ষম আঘাত। পৰ্তুগীজ ডিফেন্সে বুজি পোৱাৰ আগতেই দ্ৰুত ফ্ৰী কিকৰ পৰা বলটো পাইছিল ফেৰাণ টৰেছে। তেওঁৰ নিখুঁত থ্ৰু বলটো ধৰি বক্সত প্ৰৱেশ কৰি লো শ্বট এটাৰে বলটো নেটত সোমাই দিলে মেৰিনোৱে। ৯১ মিনিটত সেই গ’লেৰে স্পেইনে জয় নিশ্চিত কৰিলে।

শেষ কেইমিনিটত তীব্ৰ আক্ৰমণৰ পিছতো পৰ্তুগালে সমতা স্থাপন কৰাত ব্যৰ্থ হয়। খেলখনৰ পূৰ্বে ৰোনাল্ডোৱে ঘোষণা কৰিছিল যে এইটো তেওঁৰ শেষ বিশ্বকাপ। তেওঁ একেৰাহে দুখন নকআউট মেচত গ’ল দি নতুন ইতিহাস সৃষ্টিৰ সুযোগো হেৰুৱাই পেলালে। গোটেই মেচখনত স্পেইনৰ কঠিন ডিফেন্সে তেওঁক তেনেকৈ লৰচৰ ঠাইয়েই নিদিলে। কোৱাৰ্টাৰ ফাইনেলত এতিয়া স্পেইনৰ মুখামুখি হ’ব আমেৰিকা বা বেলজিয়াম। ফুটবল যে অতি নিৰ্মম আৰু আশা পূৰণৰ থলী নহয় সেয়া ডালাছৰ খেলপথাৰত প্ৰমাণিত হ’ল। শূন্য হাতে উভতিল ৰোনাল্ডো।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm
ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

September 13, 2026 11:01 am
ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

September 13, 2026 10:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm
ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd