• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সংসদীয় গণতন্ত্ৰত বিৰোধীৰ স্থানক লৈ উঠিছে প্ৰশ্ন: অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ হুংকাৰ কংগ্ৰেছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 9, 2026 3:55 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত লোকসভাৰ বাজেট অধিৱেশনত শাসক আৰু বিৰোধীৰ মাজৰ সংঘাত তুংগত উঠিছে। সোমবাৰে কংগ্ৰেছ দলে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সংসদত বিৰোধীৰ কণ্ঠৰুদ্ধ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই পক্ষপাতিত্বমূলক আচৰণ কৰা বুলি দাবী কৰি কংগ্ৰেছ নেতৃত্বই এতিয়া অধ্যক্ষগৰাকীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনাৰ সম্ভাৱনাও প্ৰকট কৰি তুলিছে। সংসদৰ মজিয়াত বিৰোধী দলপতি ৰাহুল গান্ধীক নিজৰ বক্তব্য ৰাখিবলৈ সুযোগ নিদিয়াৰ অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই উত্তপ্ত পৰিস্থিতিয়ে দেশৰ সংসদীয় ইতিহাসত এক নতুন পাক লৈছে।

কংগ্ৰেছ সাংসদ কে. চি. বেণুগোপালে অভিযোগ কৰে যে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু অন্যান্য বিৰোধী নেতাসকলক সদনত নিজৰ মতামত প্ৰকাশ কৰিবলৈ দিয়া হোৱা নাই। বিপৰীতে, চৰকাৰী পক্ষই যিকোনো কথা ক’ব পাৰে আৰু আনকি বিৰোধী সদস্যৰ বিৰুদ্ধে “অপমানজনক মন্তব্য”ও কৰিব পাৰে।

Apply Now

অধ্যক্ষ বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনাৰ সম্ভাৱনা সম্পৰ্কে সোধা এক প্ৰশ্নৰ উত্তৰত বেণুগোপালে কয়, “সংসদত কি ঘটিছে সেয়া আপোনালোকে দেখিছে। এই অধিবেশনত বিৰোধী দলপতি ৰাহুল গান্ধীক সদনত একো ক’বলৈ দিয়া হোৱা নাই।”

সংসদ ভৱনৰ চৌহদত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বেণুগোপালে লগতে কয়, “চৰকাৰী পক্ষই যিকোনো কথা ক’ব পাৰে। তেওঁলোকে যিকোনো ব্যক্তিকে আক্ৰমণ কৰিব পাৰে, আনকি জীৱিত নথকা লোকৰ বিৰুদ্ধেও অপমানজনক কথা ক’ব পাৰে। অধ্যক্ষই কংগ্ৰেছৰ মহিলা সাংসদসকলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। এই সদনত বিৰোধীৰ বাবে কোনো স্থান নাই।”

তেওঁ আৰু কয়, “বিৰোধী দলপতি হওক বা অন্যান্য বিৰোধী নেতাই হওক, তেওঁলোকক কথা ক’বলৈ অনুমতি দিয়া হোৱা নাই। বিৰোধীৰ প্ৰতি এনেধৰণৰ আচৰণ আগতে কেতিয়াও হোৱা নাছিল।” বিৰোধীয়ে এনে প্ৰস্তাৱ আনিব নেকি বুলি সোধাত তেওঁ কয় যে সমগ্ৰ বিৰোধী ঐক্যবদ্ধ আৰু “পদক্ষেপ লোৱাৰ পিছতহে আপোনালোকে জানিব পাৰিব।”

অনাগত দিনবোৰৰ বাবে এক যৌথ ৰণনীতি প্ৰস্তুত কৰিবলৈ আজি পুৱা সংসদ ভৱনৰ চৌহদত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ কক্ষত বিৰোধী দলসমূহৰ সদনৰ দলীয় নেতাসকলৰ এখন বৈঠক অনুষ্ঠিত হৈছিল।

উল্লেখ্য যে, এক অভূতপূৰ্ব পৰিস্থিতিত যোৱা বৃহস্পতিবাৰে বিৰোধীৰ তীব্ৰ শ্ল’গান আৰু প্ৰতিবাদৰ মাজতে প্ৰধানমন্ত্ৰীৰ পৰম্পৰাগত উত্তৰ অবিহনেই লোকসভাত ধন্যবাদ সূচক প্ৰস্তাৱ গৃহীত হৈছিল।

ইফালে, লোকসভাৰ অধ্যক্ষই যোৱা বৃহস্পতিবাৰে ক্ষোভ প্ৰকাশ কৰি কৈছিল যে তেওঁৰ ওচৰত “নিশ্চিত তথ্য” আছিল যে কংগ্ৰেছৰ বহু সদস্যই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আসনৰ ফালে আগবাঢ়ি গৈ “অঅপ্ৰত্যাশিত কিবা কাণ্ড” কৰাৰ সম্ভাৱনা আছিল। সেইবাবেই তেওঁ প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ সূচক প্ৰস্তাৱৰ উত্তৰ দিবলৈ সদনলৈ নাহিবলৈ অনুৰোধ জনাইছিল। অধ্যক্ষগৰাকীয়ে মত প্ৰকাশ কৰে যে যদি এনে ঘটনা ঘটিলহেঁতেন, তেন্তে দেশৰ গণতান্ত্ৰিক পৰম্পৰা ধূলিস্যাৎ হ’লহেঁতেন।

অৱশ্যে, কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে প্ৰধানমন্ত্ৰীক আঘাত কৰাৰ কোনো পৰিকল্পনা আছিল বুলি কৰা দাবীটো “সম্পূৰ্ণ মিছা”। তেওঁ অভিযোগ কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে অধ্যক্ষৰ আৰঁত “আত্মগোপন” কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm
চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

August 11, 2026 9:37 pm
প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

August 11, 2026 8:33 pm
উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

August 11, 2026 7:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm
চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

August 11, 2026 9:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd