লোকসভাৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে উদ্ধৱ থাকৰেৰ শিৱসেনাই ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী একনাথ শিণ্ডেৰ শিবিৰত যোগদান কৰা ৬ জন সাংসদৰ দল সলনিক স্বীকৃতি দিলে। অধিবেশন কক্ষত তেওঁলোকৰ বাবে সুকীয়া আসনও আবণ্টন দিয়া হৈছে। মুঠৰ ওপৰত ৰাজনৈতিক মহলৰ একাংশই বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে এন ডি এ শিবিৰৰ শক্তি বৃদ্ধি পাইছে বুলিয়েই ধাৰণা কৰিছে।
দীৰ্ঘসময়ৰ অৰিয়াঅৰিৰ অন্তত সঞ্জয় দীনা পাটিল, সঞ্জয় দেশমুখ, সঞ্জয় যাদৱ, ভৌচাহেব ৱাকচৌৰে, নাগেশ পাটিল আষ্টিকাৰ আৰু ওমপ্ৰকাশ ৰাজে নিম্বালকাৰে উদ্ধৱ গোট এৰি যোৱা মাহত (জুন) শিণ্ডে শিবিৰত যোগদান কৰে। ফলত শিণ্ডেৰ শিৱসেনাত সাংসদৰ সংখ্যা ৭ৰ পৰা ১৩লৈ বৃদ্ধি পালে। আনহাতে উদ্ধৱ থাকৰেৰ দলৰ সাংসদৰ সংখ্যা ৩জনলৈ নামি আহিছে।
উদ্ধৱ গোটৰ ৬জন সাংসদে শিণ্ডেৰ শিবিৰত যোগদান কৰাৰ পিছতে সৰৱ হৈছিল বিৰোধী শিবিৰ। দলৰ সাংগঠনিক গাঁথনিৰ দুই তৃতীয়াংশৰ সমৰ্থন অবিহনে দল সলনিক স্বীকৃতি দিয়াটো সাংবিধানিক নহয় বুলি দাবী কৰিছিল। ইয়াৰ আঁৰত হৰ্ছ ট্ৰেডিং হোৱা বুলিও একাংশই অভিযোগ উত্থাপন কৰিছিল।
অৱশ্যে শিণ্ডেই পূৰ্বে উল্লেখ কৰিছিল যে এই একত্ৰীকৰণ সকলো সাংবিধানিক আৰু আইনী পদ্ধতি অনুসৰি কৰা হৈছে। তেওঁ বিত্তীয় লেনদেনৰ অভিযোগো খাৰিজ কৰে। শনিবাৰে তেওঁৰ দাবীকেই মান্যতা প্ৰদান কৰা হৈছে।
শিণ্ডেৰ শিৱসেনাৰ শক্তি বাঢ়ি অহাৰ লগে লগে এন ডি এৰ সংখ্যাও বৃদ্ধি পালে। লোকসভা সচিবালয়ে প্ৰদান কৰা পৰিসংখ্যা অনুসৰি বৰ্তমান বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ মুঠ সাংসদৰ সংখ্যা ৩১৮ জন। কংগ্ৰেছকে ধৰি বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটৰ সাংসদৰ সংখ্যা ১৮১ জন।উদ্ধৱ থাকৰেৰ শিৱসেনা (ইউবিটি)ৰ ৬ জন সাংসদে শিণ্ডে শিবিৰত যোগদান কৰাৰ লগে লগে মিত্ৰজোঁটৰ শক্তি হ্ৰাস পাইছে। আন দলৰ মুঠ সাংসদৰ সংখ্যা এতিয়া ৪১ জন।
বৰ্তমান লোকসভাৰ মুঠ সদস্যৰ সংখ্যা ৫৪০ জন।৩খন আসন খালী আছে। ফলত সংবিধান সংশোধনী বিধেয়কখন গৃহীত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ৩৬০জন সাংসদৰ সমৰ্থনৰ প্ৰয়োজন। সংশোধিত তালিকাত দেখা গৈছে যে শৰদ পাৱাৰৰ এন চি পিকো পৃথক সংসদীয় দল হিচাপে স্বীকৃতি দিয়া হৈছে। তেওঁলোকৰ সাংসদৰ সংখ্যাও ২০ জন বৃদ্ধি পাইছে।
লোকসভাৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে অধ্যক্ষৰ এই সিদ্ধান্তত দুয়োটা শিৱসেনাৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক যুঁজত শিণ্ডে শিবিৰৰ বাবে এক বৃহৎ জয় বুলি বিবেচিত হৈছে। একে সময়তে এন ডি এৰ শক্তিও বৃদ্ধি পাইছে।





