• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্বেয়াৰ বজাৰত জালিয়াতি! ছেবিৰ প্ৰাক্তন মুৰব্বী মাধৱী পুৰিৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ আদালতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 3, 2025 9:39 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ মাধৱী পুৰি বুচৰ বিৰুদ্ধে আদালতে তদন্তৰ নিৰ্দেশ দিছে। ছেবিৰ দায়িত্বত থকাৰ সময়তে মাধৱীয়ে শ্বেয়াৰ বজাৰত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছিল। মুম্বাইৰ এখন বিশেষ আদালতে সেই গোচৰত মাধৱী আৰু আন ৫জনৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰি তদন্তৰ নিৰ্দেশ দিছে।

ছেবিৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে মাধৱী পুৰি বুচৰ বিৰুদ্ধে ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছিল। সেই গোচৰৰ তদন্তৰ দাবীত এজন সাংবাদিকে আদালতত জনস্বাৰ্থৰ গোচৰ দাখিল কৰে। তেওঁৰ অভিযোগ আছিল যে মাধৱী ছেবিৰ মুৰব্বী থকা কাৰ্যকালত শ্বেয়াৰ বজাৰত ব্যাপক আৰ্থিক জালিয়াতি, অনিয়ম আৰু দুৰ্নীতি সংঘটিত হৈছিল।

Apply Now

শনিবাৰে গোচৰৰ শুনানিত মুম্বাইৰ এখন বিশেষ আদালতে কয় যে জালিয়াতি সংঘটিত হোৱাৰ প্ৰাথমিক প্ৰমাণ ইতিমধ্যে আমি লাভ কৰিছো। ফলত এই ঘটনাৰ নিৰপেক্ষ তদন্ত হ’ব লাগে। আদালতৰ তত্বাৱধানত এই গোচৰৰ তদন্ত হ’ব আৰু ৩০ দিনৰ ভিতৰত তদন্তৰ ষ্টেটাছ ৰিপৰ্ট দাখিল কৰিবলৈ কোৱা হৈছে। অৱশ্যে এই সিদ্ধান্তৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন কৰিব বুলি ছেবিয়ে বাৰ্তা দিছে।

উল্লেখ্য যে যোৱা বছৰ আমেৰিকান সংস্থা হিণ্ডেনবাৰ্গৰ এক প্ৰতিবেদনে দেশখনত যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছিল। সেই প্ৰতিবেদনত ছেবিৰ মুৰব্বীগৰাকীৰ বিৰুদ্ধে বিভিন্ন অনিয়মৰ অভিযোগ উত্থাপন কৰা হৈছিল। কোৱা হৈছিল যে মাধৱী ছেবিৰ অধ্যক্ষ হোৱাৰ পিছতো তেওঁ আৰু তেওঁৰ স্বামীয়ে বিভিন্ন উদ্যোগিক কোম্পানীক পৰামৰ্শ দি ধন ঘটা বিত্তীয় পৰামৰ্শদাতা প্ৰতিষ্ঠানটোৰ সৈতে জড়িত আছিল।

কোৱা হৈছিল যে বিভিন্ন অজ্ঞাত আৰু বিদেশী বিনিয়োগ সংস্থাৰ জৰিয়তে বিভিন্ন কোম্পানীত বিনিয়োগ কৰি আদানী গোষ্ঠীৰ শ্বেয়াৰৰ মূল্য কৃত্ৰিমভাৱে বৃদ্ধি কৰা হৈছিল। সেই বিনিয়োগত বুচ দম্পতীৰ ধনো আছিল। ইয়াৰ লগত বিৰোধীৰ বিভিন্ন দাবীও সংযোজন কৰা হয়।

কোৱা হৈছে যে মাধৱীয়ে ছেবিৰ দায়িত্বত থকাৰ পিছতো ব্যক্তিগত বেংকৰ পৰা নিয়মীয়াকৈ দৰমহা লৈ আহিছে। এটা সময়ত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে নিজেই মাধৱীক অপসাৰণৰ দাবী জনাইছিল।

এই ঘটনাত পাব্লিক একাউণ্টছ কমিটীয়ে মাধৱীক মাতি পঠাইছিল। অৱশ্যে সেই বৈঠক আওকাণ কৰে ছেবি মুৰব্বীগৰাকীয়ে। এই ঘটনাত ক্ষুব্ধ হৈ সমিতিৰ অধ্যক্ষ কে চি ভেনুগোপালে বৈঠক স্থগিত ৰাখে। যদিও সেই ঘটনাৰ পিছত বিগত কেইমাহমান বিষয়টো ঠাণ্ডা পৰি থাকিল, এইবাৰ আদালতৰ নিৰ্দেশত বিপদত পৰিল ছেবিৰ প্ৰাক্তন মুৰব্বীগৰাকী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সঘনাই পেইনকিলাৰ খাই নেকি? বিকল হ’ব পাৰে আপোনাৰো বৃক্ক! চিডিএছচিঅ’ৰ কঠোৰ নিৰ্দেশনা জাৰি

সঘনাই পেইনকিলাৰ খাই নেকি? বিকল হ’ব পাৰে আপোনাৰো বৃক্ক! চিডিএছচিঅ’ৰ কঠোৰ নিৰ্দেশনা জাৰি

September 24, 2026 11:38 am
লাডাখলৈ শান্তিৰ বাৰ্তা : ছোনম ৱাংচুককে ধৰি ২০ জনৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ

লাডাখলৈ শান্তিৰ বাৰ্তা : ছোনম ৱাংচুককে ধৰি ২০ জনৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ

September 24, 2026 11:18 am
নতুন ভোটাৰৰ পঞ্জীয়ন প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগত সংঘাত! কেন্দ্ৰীয় চৰকাৰৰ জাননী অবিহনেই সলনি হ’ল নেকি ‘প্ৰ-পত্ৰ ৬’?

নতুন ভোটাৰৰ পঞ্জীয়ন প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগত সংঘাত! কেন্দ্ৰীয় চৰকাৰৰ জাননী অবিহনেই সলনি হ’ল নেকি ‘প্ৰ-পত্ৰ ৬’?

September 24, 2026 10:32 am
পুৱতি নিশা চলন্ত বাছত দাওদাওকৈ জ্বলি উঠিল জুই : নিদ্ৰামগ্ন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ কেইবাজনো পৰ্যটক

পুৱতি নিশা চলন্ত বাছত দাওদাওকৈ জ্বলি উঠিল জুই : নিদ্ৰামগ্ন অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ কেইবাজনো পৰ্যটক

September 24, 2026 10:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সঘনাই পেইনকিলাৰ খাই নেকি? বিকল হ’ব পাৰে আপোনাৰো বৃক্ক! চিডিএছচিঅ’ৰ কঠোৰ নিৰ্দেশনা জাৰি

সঘনাই পেইনকিলাৰ খাই নেকি? বিকল হ’ব পাৰে আপোনাৰো বৃক্ক! চিডিএছচিঅ’ৰ কঠোৰ নিৰ্দেশনা জাৰি

September 24, 2026 11:38 am
লাডাখলৈ শান্তিৰ বাৰ্তা : ছোনম ৱাংচুককে ধৰি ২০ জনৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ

লাডাখলৈ শান্তিৰ বাৰ্তা : ছোনম ৱাংচুককে ধৰি ২০ জনৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ

September 24, 2026 11:18 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd