অহা ৪ ডিচেম্বৰৰ পৰা ভাৰত-লণ্ডনৰ মাজত পুনৰ উৰণ আৰম্ভ হ’ব স্পাইজেট বিমানৰ। সোমবাৰে বিমান পৰিহণ সংস্থাটোৱে এক প্ৰেছ বিজ্ঞপ্তিৰ যোগে এই কথা ঘোষণা কৰিছে।
সংস্থাটোৱে বিজ্ঞপ্তিৰ যোগে জনাইছে যে অহা ৪ ডিচেম্বৰৰ পৰা দিল্লী-লণ্ডন আৰু মুম্বাই-লণ্ডনৰ মাজত স্পাইজেটৰ বিমান উৰণ পুনৰ আৰম্ভ কৰা হ’ব। ইতিমধ্যে ইউনাইটেড কিংডমৰ সৈতে এই সম্পৰ্কীয় এক চুক্তিও সম্পন্ন হৈ গৈছে বুলি জনাইছে সংস্থাটোৱে।
“স্পাইজেটে এই বিমান সেৱাৰ বাবে এয়াৰবাছ এ৩৩০-৯০০ নতুন বিমান ব্যৱহাৰ কৰিব। ৩৭১-আসনযুক্ত টুইন-ইজল এ৩৩০-ত ৩৫৩ টা ইক’নমিক শ্ৰেণী আৰু ১৮টা ব্যৱসায়িক শ্ৰেণীৰ আসনৰ কনফিগাৰেশ্যন থাকিব।” বিবৃতিটোত লগতে এইদৰে কোৱা হৈছে।
সংস্থাটোৱে জনোৱা অনুসৰি ভাৰতৰ পৰা যোৱা বিমানসমূহ লণ্ডনৰ হিথ্ৰ’ বিমান বন্দৰত অৱতৰণ কৰিব।
স্পাইজেটৰ পৰিচানল সঞ্চালক অজয় সিঙে জনাইছে যে দিল্লী-লণ্ডনৰ মাজত সপ্তাহত দুবাৰ আৰু মুম্বাই-লণ্ডনৰ মাজত সপ্তাহত এবাৰ অহা যোৱা কৰিব স্পাইজেটৰ বিমানে।
পৰিচালন সঞ্চালক গৰাকীয়ে লগতে আৰু জনায় যে অতি শীঘ্ৰেই প্ৰতিষ্ঠানটোৱে অধিক দেশৰ সৈতে দীঘলীয়া বিমান সেৱা পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিব।
উল্লেখ্য যে, ক’ৰ’ণা ভাইৰাছ সংক্ৰমণৰ বাবে ভাৰতে যোৱা ২৩ মাৰ্চৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ সেৱা বন্ধ কৰিছিল।
অৱশ্যে মে’ মাহত কেন্দ্ৰীয় চৰকাৰে ‘বন্দে ভাৰত অভিযান’ৰ অধীনত ব্ৰিটেইন, আমেৰিকাকে ধৰি কেইখনমান দেশৰ সৈতে এক বিশেষ বিমান পৰিবহণ সেৱা পুনৰ আৰম্ভ কৰিছিল।