• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আলফা (স্বাধীন)- ৰ শিবিৰত সেনাত গুপ্তচৰ! চাঞ্চল্যকৰ ভিডিঅ’ বাৰ্তা প্ৰেৰণ আলফাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 26, 2022 4:59 pm
Spy in ULFA-I camp
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাধীন)ৰ শিবিৰত গুপ্তচৰ নিয়োগ কৰিছে অসম আৰক্ষীয়ে। আজি আলফা (স্বাধীন)- এ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা ভিডিঅ’ যোগে এটা চাঞ্চল্যকৰ বাৰ্তা প্ৰেৰণ কৰিছে।

সংগঠনটোৱে এজন ‘গুপ্তচৰ’ৰ স্বীকাৰোক্তিমূলক ভিডিঅ’ মুকলি কৰিছে। ভিডিঅ’টোত যুৱকজনে স্বীকাৰ কৰিছে যে অসম আৰক্ষীৰ এজন শীৰ্ষ বিষয়া আৰু ভাৰতীয় সেনাৰ এজন জ্যেষ্ঠ বিষয়াৰ নিৰ্দেশত তেওঁ গুপ্তচৰ হৈ আলফাত যোগদান কৰিছিল।

Apply Now

গুপ্তচৰ ৰূপী যুৱকজনে নিজকে বাইহাটা চাৰিআলিৰ সঞ্জীৱ শৰ্মা বুলি চিনাকি দিয়ে। ভিডিঅ’টোত শৰ্মাই কয় যে তেওঁ গুৱাহাটী আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্ত আৰু শ্ৰীনগৰ- ধুনুমণি নাৰায়ণত নিয়োজিত জ্যেষ্ঠ সেনা বিষয়াৰ বাবে আলফাৰ শিবিৰৰ পৰা গুপ্তচৰৰ কাম কৰি আছে।

শৰ্মাই উল্লেখ কৰিছে যে তেওঁক সংগঠনটোৰ গুৰুত্বপূৰ্ণ ভিতৰুৱা তথ্য সংগ্ৰহ কৰা আৰু বিভিন্ন স্থানত নিষিদ্ধ সংগঠনটোৰ ঘাটি ধ্বংস কৰাৰ উদ্দেশ্যে আলফাত যোগদান কৰিবলৈ পঠোৱা হৈছিল।

সঞ্জীৱ শৰ্মাই অসম আৰক্ষীৰ জ্যেষ্ঠ বিষয়া পাৰ্থ সাৰথি মহন্ত আৰু সেনা বিষয়া ধুনুমণি নাৰায়ণক তেওঁৰ জ্যেষ্ঠ ভাতৃৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ আলফাত যোগদান কৰিবলৈ হেঁচা দিয়াৰ অভিযোগ উত্থাপন কৰিছে।

যদি তেওঁ আলফাৰ শিবিৰত ‘মিছন’ সম্পূৰ্ণ কৰিব পাৰে, তেন্তে তেওঁক ১ কোটি টকাৰে পুৰস্কৃত কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল বুলিও সঞ্জীৱ শৰ্মাই লগতে উল্লেখ কৰে।

“মই চাৰি বছৰ আগতে মোৰ ভাতৃৰ জৰিয়তে পাৰ্থ সাৰথি মহন্ত আৰু ধুনুমণি নাৰায়ণক লগ পাইছিলো। মোৰ ভাতৃ এজন পেৰা কমাণ্ডো আছিল আৰু মণিপুৰত এক এম্বুশ্বত নিহত হৈছিল। পাৰ্থ সাৰথি মহন্তই মোক মোৰ ভাতৃৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ আলফা-স্বাধীত যোগদান কৰিবলৈ কৈছিল। লগতে তেওঁ কৈছিল যে মিছনটোৰ সফলতাৰ লগে লগে তেওঁ মোক ১ কোটি টকা দিব।”- সঞ্জীৱ শৰ্মাই কয়।

লক্ষণীয়ভাৱে, গুপ্তচৰ হিচাপে আলফালৈ প্ৰেৰণ কৰাৰ পূৰ্বে মাৰ্শিয়েল আৰ্ট, শ্বুটিং আদিৰ প্ৰশিক্ষণো দিয়া হৈছিল বুলি তেওঁ জানিবলৈ দিয়ে।

আনহাতে যুৱকজনৰ এই অভিযোগৰ পাছতে আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্তই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সঞ্জীৱ শৰ্মাই কিয় তেওঁৰ নাম উল্লেখ কৰিছে এই বিষয়ে জ্ঞাত নহয় বুলি মন্তব্য কৰে মহন্তই।

তেওঁ কয়, “মই হৈছোঁ গুৱাহাটী আৰক্ষীৰ বিষয়া। এই বিষয়টোৰ লগত কেৱল মহানগৰ আৰক্ষী জড়িত নহয়। আমি বিভিন্ন সময়ত বিভিন্ন মানুহৰ সৈতে কাম কৰোঁ। গতিকে হয়তু কামৰূপত থাকোতে লগ পাবও পাৰো কিন্তু মোৰ মনত নাই।”

যুৱকজনে কিয় কেৱল তেওঁৰ নাম লৈছে সেই বিষয়ে কৰ্তৃপক্ষই তদন্ত কৰিব বুলিও পাৰ্থ সাৰথি মহন্তই জানিবলৈ দিয়ে।

আলফা স্বাধীনৰ শিবিৰত অসম আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ গুপ্তচৰ নিয়োগৰ অভিযোগে নিশ্চিতভাৱে চৰকাৰ আৰু সংগঠনটোৰ মাজত প্ৰস্তাৱিত শান্তি আলোচনাক লৈ আশংকা সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

July 25, 2026 5:39 pm
দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

July 25, 2026 5:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd