নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাধীন)ৰ শিবিৰত গুপ্তচৰ নিয়োগ কৰিছে অসম আৰক্ষীয়ে। আজি আলফা (স্বাধীন)- এ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা ভিডিঅ’ যোগে এটা চাঞ্চল্যকৰ বাৰ্তা প্ৰেৰণ কৰিছে।
সংগঠনটোৱে এজন ‘গুপ্তচৰ’ৰ স্বীকাৰোক্তিমূলক ভিডিঅ’ মুকলি কৰিছে। ভিডিঅ’টোত যুৱকজনে স্বীকাৰ কৰিছে যে অসম আৰক্ষীৰ এজন শীৰ্ষ বিষয়া আৰু ভাৰতীয় সেনাৰ এজন জ্যেষ্ঠ বিষয়াৰ নিৰ্দেশত তেওঁ গুপ্তচৰ হৈ আলফাত যোগদান কৰিছিল।
গুপ্তচৰ ৰূপী যুৱকজনে নিজকে বাইহাটা চাৰিআলিৰ সঞ্জীৱ শৰ্মা বুলি চিনাকি দিয়ে। ভিডিঅ’টোত শৰ্মাই কয় যে তেওঁ গুৱাহাটী আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্ত আৰু শ্ৰীনগৰ- ধুনুমণি নাৰায়ণত নিয়োজিত জ্যেষ্ঠ সেনা বিষয়াৰ বাবে আলফাৰ শিবিৰৰ পৰা গুপ্তচৰৰ কাম কৰি আছে।
শৰ্মাই উল্লেখ কৰিছে যে তেওঁক সংগঠনটোৰ গুৰুত্বপূৰ্ণ ভিতৰুৱা তথ্য সংগ্ৰহ কৰা আৰু বিভিন্ন স্থানত নিষিদ্ধ সংগঠনটোৰ ঘাটি ধ্বংস কৰাৰ উদ্দেশ্যে আলফাত যোগদান কৰিবলৈ পঠোৱা হৈছিল।
সঞ্জীৱ শৰ্মাই অসম আৰক্ষীৰ জ্যেষ্ঠ বিষয়া পাৰ্থ সাৰথি মহন্ত আৰু সেনা বিষয়া ধুনুমণি নাৰায়ণক তেওঁৰ জ্যেষ্ঠ ভাতৃৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ আলফাত যোগদান কৰিবলৈ হেঁচা দিয়াৰ অভিযোগ উত্থাপন কৰিছে।
যদি তেওঁ আলফাৰ শিবিৰত ‘মিছন’ সম্পূৰ্ণ কৰিব পাৰে, তেন্তে তেওঁক ১ কোটি টকাৰে পুৰস্কৃত কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল বুলিও সঞ্জীৱ শৰ্মাই লগতে উল্লেখ কৰে।
“মই চাৰি বছৰ আগতে মোৰ ভাতৃৰ জৰিয়তে পাৰ্থ সাৰথি মহন্ত আৰু ধুনুমণি নাৰায়ণক লগ পাইছিলো। মোৰ ভাতৃ এজন পেৰা কমাণ্ডো আছিল আৰু মণিপুৰত এক এম্বুশ্বত নিহত হৈছিল। পাৰ্থ সাৰথি মহন্তই মোক মোৰ ভাতৃৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ আলফা-স্বাধীত যোগদান কৰিবলৈ কৈছিল। লগতে তেওঁ কৈছিল যে মিছনটোৰ সফলতাৰ লগে লগে তেওঁ মোক ১ কোটি টকা দিব।”- সঞ্জীৱ শৰ্মাই কয়।
লক্ষণীয়ভাৱে, গুপ্তচৰ হিচাপে আলফালৈ প্ৰেৰণ কৰাৰ পূৰ্বে মাৰ্শিয়েল আৰ্ট, শ্বুটিং আদিৰ প্ৰশিক্ষণো দিয়া হৈছিল বুলি তেওঁ জানিবলৈ দিয়ে।
আনহাতে যুৱকজনৰ এই অভিযোগৰ পাছতে আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্তই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সঞ্জীৱ শৰ্মাই কিয় তেওঁৰ নাম উল্লেখ কৰিছে এই বিষয়ে জ্ঞাত নহয় বুলি মন্তব্য কৰে মহন্তই।
তেওঁ কয়, “মই হৈছোঁ গুৱাহাটী আৰক্ষীৰ বিষয়া। এই বিষয়টোৰ লগত কেৱল মহানগৰ আৰক্ষী জড়িত নহয়। আমি বিভিন্ন সময়ত বিভিন্ন মানুহৰ সৈতে কাম কৰোঁ। গতিকে হয়তু কামৰূপত থাকোতে লগ পাবও পাৰো কিন্তু মোৰ মনত নাই।”
যুৱকজনে কিয় কেৱল তেওঁৰ নাম লৈছে সেই বিষয়ে কৰ্তৃপক্ষই তদন্ত কৰিব বুলিও পাৰ্থ সাৰথি মহন্তই জানিবলৈ দিয়ে।
আলফা স্বাধীনৰ শিবিৰত অসম আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ গুপ্তচৰ নিয়োগৰ অভিযোগে নিশ্চিতভাৱে চৰকাৰ আৰু সংগঠনটোৰ মাজত প্ৰস্তাৱিত শান্তি আলোচনাক লৈ আশংকা সৃষ্টি কৰিছে।