• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতীয় মাছমৰীয়াৰ নাওত শ্ৰীলংকাৰ নৌসেনাৰ আক্ৰমণ! মৃত এজন, নতুন দিল্লীয়ে বিচাৰিছে কৈফিয়ৎ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 1, 2024 5:10 pm
534
VIEWS
Share on FacebookShare on Twitter

শ্ৰীলংকাৰ নৌসেনাই ভাৰতৰ মাছমৰীয়াৰ নাওত আক্রমণ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ ঘটনাত এজন মাছমৰীয়াৰ মৃত্যু হোৱাৰ বিপৰীতে আন এজন নিৰুদ্দেশ হৈছে। প্ৰশ্ন হয় তেওঁক জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পৰা যাব নেকি? এই ঘটনাৰ পৰিপ্ৰেক্ষিতত নতুন দিল্লীয়ে চৰম ক্ষোভ প্ৰকাশ কৰে। ইতিমধ্যে ভাৰতৰ শ্ৰীলংকাৰ উচ্চায়ুক্ত প্ৰিয়ংকা উইক্ৰেমসিংহৰ পৰা উত্তৰ বিচৰা হৈছে।

ইয়াৰ পূৰ্বেও শ্ৰীলংকাৰ নৌসেনাৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন হৈছে। যোৱা কেইবছৰমানৰ পৰা তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় জলসীমাত তামিলনাডুৰ মাছমৰীয়াৰ ওপৰত অহৰহ আক্ৰমণ চলাই আহিছে। এইবাৰো একেধৰণৰ ঘটনা সংঘটিত হয়। বৃহস্পতিবাৰে কাচচিটভু দ্বীপৰ পৰা পাঁচ নটিকেল মাইল উত্তৰত শ্ৰীলংকাৰ নৌসেনাৰ এখন জাহাজে ‘ইচ্ছাকৃতভাৱে’ মাছমৰীয়াৰ নাওখনত খুন্দা মাৰিছিল বুলি অভিযোগ উঠিছে। এই ঘটনাত এজন ভাৰতীয় মাছমৰীয়াৰ মৃত্যু হয়।

কিছু মাহ পূৰ্বে ভাৰতীয় মাছমৰীয়াই শ্ৰীলংকাৰ নৌসেনাৰ বিৰুদ্ধে প্ৰতিশোধ লয়। ইয়াত শ্ৰীলংকাৰ নৌসেনাৰ এজন বিষয়াৰ মৃত্যু হয়। সেই ঘটনাৰ পাছত ভাৰতীয় মাছমৰীয়াৰ ওপৰত আক্ৰমণ বৃদ্ধি পোৱা বুলি অনুমান কৰা হৈছে। স্বাভাৱিকতে ভাৰত-শ্ৰীলংকাৰ কূটনৈতিক সম্পৰ্ক পুনৰ উত্তপ্ত হৈছে।

শেহতীয়াকৈ কাচ্চটিবু দ্বীপক লৈ দুয়োখন দেশৰ মাজৰ সম্পৰ্ক উত্তপ্ত হৈ পৰিছে। প্ৰশ্ন উত্থাপন হয় যে এই দ্বীপটো ভাৰতৰ নে শ্ৰীলংকাৰ। আচলতে এই দ্বীপটো ভাৰত আৰু শ্ৰীলংকাৰ মাজত অৱস্থিত। আৰু এই দ্বীপটো বৰ্তমান শ্ৰীলংকাৰ অধীনত আছে। কিন্তু দুয়োখন দেশৰ মানুহ প্ৰতি বছৰে নিৰ্দিষ্ট সময়ত ইয়ালৈ তীৰ্থযাত্ৰাৰ বাবে যায়। যদিও দ্বীপটোত কোনো স্থায়ী ঘৰ নাই, তথাপিও ইয়াত এটা গীৰ্জা আছে।

নৰেন্দ্ৰ মোদী চৰকাৰে লোকসভা নিৰ্বাচনৰ পূৰ্বে দ্বীপ বিষয়টোক লৈ কংগ্ৰেছক আক্ৰমণ কৰে। কোৱা হৈছিল যে কংগ্ৰেছে নিৰ্মমভাৱে এই দ্বীপটো শ্ৰীলংকাৰ হাতত গতাই দিছিল। ইতিমধ্যে দুয়োখন দেশৰ মাছমৰীয়াৰ মাজত দ্বীপটোত মাছ ধৰা আৰু বিশেষাধিকাৰক লৈ মতানৈক্যৰ সৃষ্টি হৈছিল। কিন্তু শেহতীয়াকৈ যেন অধিক চৰম হৈ পৰিছে। বৃহস্পতিবাৰৰ এই কাণ্ডটোও কাচচাটিভু দ্বীপৰ আশে-পাশে সংঘটিত হয়।

Recent News

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd