• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডেলিমিটেচন বিলৰ কপি জ্বলালে ষ্টেলিনে; আসনৰ সংখ্যা অপৰিৱৰ্তিত ৰাখি মহিলাৰ সংৰক্ষণ বিচাৰে কংগ্ৰেছে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 16, 2026 3:10 pm
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংসদ আৰু বিধানসভা আৰু বিধান পৰিষদৰ মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ আৰু সংসদীয় সমষ্টিৰ সীমা নিৰ্ধাৰণ সন্দৰ্ভত বিধেয়কখনক লৈ লোকসভাত বিতৰ্ক আৰম্ভ হৈছে। কংগ্ৰেছৰ হৈ অসমৰ সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে লোকসভাৰ বৰ্তমানৰ আসনৰ সংখ্যা অপৰিৱৰ্তিত ৰাখি এক তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষিত হোৱাটো তেওঁলোকে বিচাৰে।

ইপিনে, পূৰ্বে ঘোষণা কৰা অনুসৰি বৃহস্পতিবাৰে লোকসভাত বিতৰ্ক আৰম্ভ হোৱাৰ লগে লগে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে সীমা নিৰ্ধাৰণ বিধেয়কৰ প্ৰতিলিপি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

Apply Now

বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে বৃহস্পতিবাৰে নামাক্কাল জিলালৈ গৈছিল মুখ্যমন্ত্ৰী ষ্টেলিন। প্ৰচাৰ বন্ধ কৰি বিধেয়কখনৰ প্ৰতিলিপি জ্বলোৱাৰ পিছত ষ্টেলিনে অভিযোগ কৰে যে তামিলনাডুকে ধৰি দক্ষিণৰ ৰাজ্যসমূহ সীমা নিৰ্ধাৰণ বিধেয়কৰ পৰা বঞ্চিত হৈছে। দক্ষিণৰ ৰাজ্যসমূহত আসনৰ সংখ্যা পৰ্যাপ্ত পৰিমাণে বৃদ্ধি হোৱা নাই।

তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে কয়, আমি মহিলাৰ বাবে আসন সংৰক্ষণৰ ১০০ শতাংশ পক্ষত। কিন্তু যিদৰে কেন্দ্ৰই একপক্ষীয়ভাৱে লোকসভাৰ আসনৰ সংখ্যা বৃদ্ধি কৰিছে, যিকোনো মূল্যৰ বিনিময়ত ইয়াৰ বিৰোধিতা কৰিব ডি এম কে-ই।

তাৎপৰ্যপূৰ্ণভাৱে আঞ্চলিক দলসমূহৰ ভিতৰত ষ্টেলিন একমাত্ৰ মুখ্যমন্ত্ৰী আৰু ডি এম কে-ই সমষ্টি সীমা নিৰ্ধাৰণ বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰিছে। কেন্দ্ৰই বিধেয়কখন প্ৰত্যাহাৰ নকৰিলে ৰাজ্যখন অচল কৰি তোলা হ’ব বুলি সকীয়াই দিছে তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে। ষ্টেলিনে ঘোষণা কৰে যে বিধেয়কখনৰ প্ৰতিবাদত এনে আন্দোলন হ’ব যিটো কোনেও অতীতত দেখা নাই।

ৰাজ্যসমূহৰ জনসংখ্যা অনুপাতে লোকসভাৰ আসনৰ সংখ্যা বৃদ্ধি কৰাটো অবৈজ্ঞানিক সিদ্ধান্ত বুলি উল্লেখ কৰে ডি এম কেৰ মুৰব্বীগৰাকীয়ে। তেওঁৰ মতে, তামিলনাডুকে ধৰি দক্ষিণৰ ৰাজ্যসমূহে নিজৰ জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত দেশৰ বাকী অংশতকৈ বহু আগবাঢ়ি আছে, আৰু সেয়েহে এই ৰাজ্যসমূহৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অতি নগণ্য। ফলত জনসংখ্যাৰ ভিত্তিত আসনৰ সংখ্যা বৃদ্ধিৰ সিদ্ধান্ত লোৱা হ’লে দক্ষিণৰ ৰাজ্যসমূহ বঞ্চিত হ’ব৷

ইপিনে, লোকসভাত বিধেয়কখনৰ বিৰোধিতা কৰি গৌৰৱ গগৈয়ে প্ৰশ্ন উত্থাপন কৰে যে কি মাপকাঠীত চৰকাৰে লোকসভাৰ আসনৰ সংখ্যা ৫০ শতাংশ বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছে? তেওঁ অভিযোগ কৰে যে মহিলাৰ বাবে আসন সংৰক্ষণৰ কথা কৈ কেন্দ্ৰীয় চৰকাৰে প্ৰকৃততে বিজেপিৰ ভোটবেংক সুৰক্ষিত কৰাৰ চেষ্টা কৰিছে। কংগ্ৰেছ নেতাগৰাকীয়ে অভিযোগ কৰে যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই আসনৰ সংখ্যা বৃদ্ধিৰ সিদ্ধান্ত লৈছে।

চৰকাৰৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে দাবী কৰে যে সৰ্বদলীয় বৈঠকত আসনৰ সংখ্যা বৃদ্ধিৰ বিষয়ে চৰকাৰে ব্যাখ্যা আগবঢ়াইছে। কিন্তু কংগ্ৰেছে সেই বৈঠক বৰ্জন কৰিছে।

প্ৰসংগক্ৰমে কংগ্ৰেছৰ বাহিৰেও তৃণমূল কংগ্ৰেছ আৰু বাওঁপন্থী দলসমূহেও সৰ্বদলীয় বৈঠকত অংশ লোৱা নাছিল। কিন্তু অংশগ্ৰহণ কৰা দলসমূহে কয় যে যি ব্যাখ্যাৰ ভিত্তিত চৰকাৰে আসনৰ সংখ্যা ৫৪৩ৰ পৰা ৮৫০লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছিল, সেই ব্যাখ্যা সৰ্বদলীয় বৈঠকত দিয়া হোৱা নাছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

June 23, 2026 9:13 pm
লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

June 23, 2026 8:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd