DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যোৰহাট জিলাত ৰাষ্ট্ৰীয় ঘাই পথৰ কাম মন্থৰ; কেন্দ্ৰীয় মন্ত্ৰীৰ নিৰ্দেশনাকো গুৰুত্ব দিয়া নাই ৰাজ্য চৰকাৰে

নীৰ্মলেন্দু পাঠক by নীৰ্মলেন্দু পাঠক
September 14, 2020 4:05 pm
114374_12_02

প্ৰতিনিধিত্বমূলক ছবি

250
VIEWS
Share on FacebookShare on Twitter

উজনি অসমৰ প্ৰধানকৈ যোৰহাট জিলাত ২০০৭ চনতে আৰম্ভ হোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম অতি লেহেমীয়া হোৱাৰ অভিযোগ উত্থাপিত হৈ থকাৰ পাছতো পথ সম্প্ৰসাৰণৰ কাম খৰতকীয়া নোহোৱাত বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

পথ সম্প্ৰসাৰণৰ কামৰ এনে লেহেমীয়া গতিৰ বাবে প্ৰায় আঠ মাহ পূৰ্বে মুখ্যমন্ত্ৰীয়ে নিজে যোৰহাটৰ চেনিজানৰ সমীপত ৰৈ গাড়ীৰ পৰা নামি কাম কাজৰ অগ্ৰগতিৰ বুজ লৈ ক্ষীপ্ৰতাৰে কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিছিল।

কিন্তু স্বয়ং মুখ্যমন্ত্ৰী গৰাকীৰ এই নিৰ্দেশনাৰ পাছতো শামুকীয়া গতিৰে অব্যাহত আছে পথ সম্প্ৰসাৰণৰ কাম।

অসম চৰকাৰৰ বন বিভাগ, জলসম্পদ বিভাগ, বিদ্যুৎ বিভাগৰ মাজত প্ৰয়োজনীয় সমন্বয়হীনতাই হৈছে চাৰিলেন যুক্ত পথ সম্প্ৰসাৰণৰ কাম অতি লেহেমীয়া হোৱাৰ অন্যতম কাৰণ।

বিভাগ কেইটাৰ বিষয়া কৰ্মচাৰীৰ মাজত এনে সমন্বয়হীনতাৰ বাবে সঠিক সময়ত প্ৰয়োজন হোৱা নথি আদি লাভ নকৰাৰ বাবে অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে নিৰ্মাণ সংস্থা সমূহ।

শেহতীয়াকৈ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ কাম ক্ষীপ্ৰতাৰে কৰাৰ বেলিকা অসম চৰকাৰৰ আন্তৰিকতাহীনতাও উন্মোচিত হৈছে।

যোৱা ১৫ জুলাইতে কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰী প্ৰকাশ জাভেদকাৰে চাৰিলেন পথ সম্প্ৰসাৰণ কামত প্ৰয়োজন হোৱা পলস(অৰ্ডিনাৰি আৰ্থ) সৰবৰাহৰ বাবে পৰিৱেশ সম্পৰ্কীয় কোনো প্ৰমাণ পত্ৰৰ আৱশ্যক নহয় বুলি নিৰ্দেশনা জাৰি কৰি ৰাজ্য চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল।

উল্লেখযোগ্য যে পৰিৱেশ সম্পৰ্কীয় প্ৰমাণ পত্ৰ লাভৰ বাবে চৰকাৰী ৰঙাফিটা মেৰপেচৰ বাবে দীৰ্ঘ সময়ৰ প্ৰয়োজন হয়। যাৰ বাবে পথ সম্প্ৰসাৰণৰ কাম অতি লেহেমীয়া হয়।

এনে সমস্যাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে এক নিৰ্দেশনা জাৰি কৰিছিল যদিও দুটা মাহ পাৰ হোৱাৰ পাছতো ৰাজ্য চৰকাৰে আজি পৰ্যন্ত বন বিভাগলৈ কোনো নিৰ্দেশনা জাৰি নকৰিলে। যাৰ বাবে এতিয়া বিপদত পৰিছে চাৰিলেন পথ সম্প্ৰসাৰণৰে জড়িত নিৰ্মাণ সংস্থাসমূহ।

ইপিনে যোৰহাট জিলাৰ টীয়ক নগৰৰ দুই কাষে পথৰ কাম আধৰুৱা হোৱাৰ বাবে ব্যৱসায়-বাণিজ্যত বাৰুকৈ প্ৰভাৱ পৰিছে।

কোভিড প্ৰতিৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউনৰ ফলত প্ৰায় সৰ্বস্বান্ত হোৱা ব্যৱসায়ীসকলে অনতি বিলম্বে পথৰ কাম সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছে অন্যথা ক্ষতিপুৰণৰ দাবী কৰিছে।

ৰাজ্য চৰকাৰৰ এনে অমনোযোগিতাই এতিয়া ৰহস্যৰ সৃষ্টি কৰিছে ৰাইজৰ। পথ সম্প্ৰসাৰণৰ কাম ক্ষীপ্ৰতাৰে আগবঢ়োৱাৰ স্বাৰ্থত ৰাজ্য চৰকাৰখনে এই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ আহ্বান জনাইছে সচেতন ৰাইজে।

Recent News

AASU

সদৌ অসম ছাত্ৰ সন্থা আৰু প্ৰতিষ্ঠাপক সভাপতিজন

Adani

টোপনি হৰিছে শান্তিলালৰ! হিণ্ডেনবাৰ্গ ধুমহাই বাহিৰ কৰি নিলে তালিকাৰ শীৰ্ষ দহৰ পৰা

Asaram Bapu

আশ্ৰমত শিষ্যক ধৰ্ষণ: যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত স্বয়ম্ভু গডমেন আশাৰাম বাপু

Visakhapatnam Andhra Pradesh

বিশাখাপট্টনম হ’ব অন্ধ্ৰ প্ৰদেশৰ ৰাজধানী: ঘোষণা মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd