• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ বনাঞ্চলৰ পৰিসৰ ২ হাজাৰ বৰ্গ কিলোমিটাৰ বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত

৬৬ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশ গ্ৰহণ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 7, 2020 7:11 pm
DSC_3213
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য চৰকাৰে আগন্তক দিনত ৰাজ্যখনৰ বনাঞ্চলৰ পৰিসৰ ২ হাজাৰ বৰ্গ কিলোমিটাৰ বৃদ্ধিৰ বাবে পদক্ষেপ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰে বন্যপ্ৰাণীৰ স্বাস্থ্য আৰু গৱেষণাৰ বাবে ইনষ্টিটিউট অৱ ৱাইল্ড লাইফ হেলৎ্‌ এণ্ড ৰিচাৰ্চ নামৰ এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিষ্ঠান গঢ়ি তুলিব। ডিব্ৰুগড় জিলাৰ দিনজানত এই প্রতিষ্ঠানটো গঢ়ি তোলা হ’ব।

আনহাতে কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ দৰে প্রতিখন সংৰক্ষিত বনাঞ্চলত থকা কেম্পত সৌৰ শক্তি চালিত চাকি আৰু স্মাৰ্ট ফোন প্ৰদান কৰিব ৰাজ্য চৰকাৰে৷ আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশী শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ৰাজ্য চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ দ্বাৰা আয়োজিত ৬৬ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

Apply Now

মুখ্যমন্ত্ৰী সোণোৱালে কয় যে বৰাইল বনাঞ্চলত এটা বন সংমণ্ডল স্থাপন কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। দিহিং-পাটকাইক জয়পুৰৰ লগত সংযোগ কৰি ৰাষ্ট্ৰীয় উদ্যান এখন গঢ়ি তোলাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলিও তেওঁ কয়।

তেওঁ লগতে কয় যে জোনাইৰ পবাস্থিত বৰ্ষাৰণ্যক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে।

ৰাজ্যখনৰ প্রাকৃতিক সম্পদ আৰু বন্যপ্ৰাণীৰ সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰে আৰম্ভণিৰে পৰা দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰি আহিছে।

বনাঞ্চল, বন্যপ্ৰাণীৰ সংৰক্ষণৰ ক্ষেত্ৰত ৰাইজ তথা ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা বৃদ্ধি পাইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ প্রাকৃতিক সৌন্দৰ্য অটুট ৰখাৰ বাবে সকলোৱে দায়বদ্ধতাৰে আগুৱাই আহিব লাগিব। পূৰ্বৰ চৰকাৰে গঁড় হত্যাৰ ক্ষেত্ৰত আন্তৰিকতা নেদেখুৱালে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কাজিৰঙাত প্রতিমাহে গঁড় হত্যা হৈছিল।

বহু নিৰীহ প্রাণীৰ মৃত্যু হ’ল। চোৰাং চিকাৰীয়ে কাজিৰঙাক মুকলি পথাৰ হিচাপে গণ্য কৰিছিল। বৰ্তমানৰ ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ ফলত কাজিৰঙাত চোৰাং চিকাৰীৰ প্রৱেশ নিষিদ্ধ হ’ল।

১০ খন ফাষ্ট ট্ৰেক ক’ৰ্টৰ জৰিয়তে ২৪০ গৰাকী চোৰাং চিকাৰীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে ৰাজ্য চৰকাৰে আৰম্ভণিৰে পৰা দুৰ্নীতিৰ বিৰুদ্ধে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰি আহিছে। ৰাজ্য চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিবলৈ সংকল্পবন্ধ আৰু দৃঢ় প্রতিজ্ঞ। দুনীৰ্তিক প্ৰশ্ৰয় দিয়া বিষয়া-কৰ্মচাৰী, ৰাজনীতিবিদ সাৰি যাব নোৱাৰে। দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলি থাকিব। এই ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ’ব।

অনুষ্ঠানত ভাষণ প্রদান কৰি বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে ৰাজ্য চৰকাৰে ১০ কোটি গছপুলি ৰোপণৰ সিদ্ধান্ত লৈ ৮ কোটি গছপুলি ৰোপণৰ কাম ইতিমধ্যে সম্পূৰ্ণ কৰিছে।

মন্ত্ৰী গৰাকীয়ে কয় যে আমাৰ আধ্যাত্মিক আৰু সাংস্কৃতিক জীৱনৰ লগত প্রকৃতিৰ সম্পৰ্ক আছে। বন্যপ্ৰাণী সংৰক্ষণৰ প্রতি আমি সকলোৱে দায়বদ্ধ হ’ব লাগিব বুলিও তেওঁ কয়।

চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰি আহিছে। মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে কয় যে জীৱ-জন্তু আমাৰ আধ্যাত্মিক আৰু সমাজ জীৱনত অংগাগী ভাবে জড়িত।

আজিৰ এই অনুষ্ঠানত পৰিৱেশ আৰু বন বিভাগৰ প্রধান সচিব অবিনাশ যোশী, প্ৰধান মুখ্য  বনসংৰক্ষক তথা ৰাজ্যৰ বন বাহিনীৰ প্রধান এ এম সিং, প্রধান মুখ্য বন্যপ্রাণী সংৰক্ষক(বন্যপ্ৰাণী) অমিত সাহাই ভাষণ দিয়ে।

মুখ্যমন্ত্ৰীয়ে বিশিষ্ট পৰিৱেশবিদ পৰিমল চন্দ্ৰ ভট্টচাৰ্যক আজিৰ অনুষ্ঠানতে জীৱনজোৰা সাধনা বঁটা প্রদান কৰাৰ লগতে বন্যপ্ৰাণী সংৰক্ষণত উল্লেখযোগ্য ভূমিকা লোৱা ব্যক্তি, সংগঠনক বঁটা প্রদান কৰাৰ উপৰি বিদ্যালয় পৰ্যায়ত অনুষ্ঠিত প্রতিযোগিতাৰ প্রতিযোগীসকলকো পুৰষ্কাৰ প্রদান কৰে।

মুখ্যমন্ত্ৰীয়ে হাড়গিলা সংৰক্ষণত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি অহা ডঃ পূৰ্ণিমা দেৱী বৰ্মনকো সম্বৰ্দ্ধনা জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd