• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাবাৰ্ডৰ ঋণেৰে পকী হ’ব ৰাজ্যৰ ১১৭৯খন কাঠৰ দলং; চৰকাৰৰ নিজা পুঁজিৰে হ’ব ১০৮খন : মন্ত্ৰী হিমন্ত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 4, 2018 8:07 pm
গড়কাপ্তানী বিভাগৰ সভাগৃহত সংবাদমেলত গড়কপ্তানী বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

গড়কাপ্তানী বিভাগৰ সভাগৃহত সংবাদমেলত গড়কপ্তানী বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“অহা বছৰৰ পৰা অসমত নাথাকিব এখনো কাঠৰ দলং। ৰাজ্যৰ সকলো দলঙেই পকী কৰা হ’ব লাচিত-চিলাৰায় সেঁতু নিৰ্মাণ পৰিযোজনাৰ অধীনত।”

যোৱা ৫ জুনত জনতা ভৱনত আয়োজিত এখন সংবাদমেলত এইদৰে ঘোষণা কৰিছিল গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পাছত ৬ মাহৰ পাছত আজি পুনৰ গড়কাপ্তানী বিভাগৰ সভাগৃহত এখন সংবাদমেল পাতি একেখিনি কথাৰ পুনৰাবৃত্তি কৰিলে গড়কপ্তানী বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Apply Now

চলিত বৰ্ষৰ অন্তিম পৰ্য্যায় পালেহি তথা নতুন বৰ্ষ আৰম্ভ হ’বৰ বাবে মাজত আছে মাথোঁ কেইটামান দিন। তাৰ পাছতো নাবাৰ্ডৰ পৰা ঋণ লৈ ৰাজ্যৰ ১১৭৯খন কাঠৰ দলং পকীকৰণ কৰাৰ কথাহে ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখযোগ্য যে যোৱা ৫ জুনতে বিভাগীয় মন্ত্ৰীজনে ঘোষণা কৰিছিল যদিও এই পৰ্য্যন্ত এখনো কাঠৰ দলং পকী হোৱা নাই। অথচ অহা বছৰৰ ভিতৰত ১ হাজাৰখনৰো অধিক দলং পকী কৰাৰ প্ৰতিশ্ৰুতি দিছে মন্ত্ৰীজনে।

আজিৰ সংবাদ মেলত হিমন্ত বিশৰ্মাই কয়, “নাবাৰ্ড আৰু ৰাজ্য চৰকাৰৰ পুঁজি মিলাই ‘মহাবীৰ লাচিত-চিলাৰায় সেঁতু’ আঁচনি লোৱা হৈছে।”

পূৰ্বৰ ৫ জুনৰ সংবাদমেলত তেওঁ কৈছিল, “প্ৰত্যেক বছৰে ২০০-৩০০ কাঠৰ দলং পকী কৰি থকা হয় যদিও এইবছৰ লাচিত-চিলাৰায় সেঁতু নিৰ্মাণ আঁচনিৰ অধীনত এই গোটেই কাঠৰ দলং একেলগে পকী কৰাৰ ব্যৱস্থা কৰা হ’ব।”

আনহাতে, আজি মন্ত্ৰীগৰাকীয়ে ১১৭৯ কাঠৰ দলং এতিয়াও ৰাজ্যত আছে বুলি নিজে স্বীকাৰ কৰি লগতে কয় যে নাবাৰ্ডৰ ঋণেৰে প্ৰথম অৱস্থাত ২৮৯খন কাঠৰ দলং পকী কৰিব। বাকীবোৰো পৰ্য্যায়ক্ৰমে পকী কৰা হ’ব। ইয়াৰ বাবে মুঠ ১০৪৬ কোটি টকা নাবাৰ্ডৰ পৰা ঋণ লোৱা হৈছে।

আনহাতে, ৩২৪কোটি টকা ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ পুঁজিৰ পৰা অনুমোদন জনাই অন্য ১০৮খন দলং পকীকৰণৰ সিদ্ধান্ত কৰা হৈছে বুলি সংবাদমেলত জানিবলৈ দিয়ে মন্ত্ৰীজনে।

আনহাতে, সেই একেখন সংবাদমেলতে গড়কাপ্তানী বিভাগৰ অন্য কিছু সংখ্যক আঁচনিৰ কথা সদৰী কৰে।

সংবাদমেলত মন্ত্ৰী শৰ্মাই কয়, “গড়কাপ্তানী বিভাগৰ উত্তৰণ আঁচনিৰ অধীনত নিৰ্দিষ্ট ৫০টা সমষ্টিৰ একোটাকৈ নিৰ্বাচিত বিশেষ পথ ১০ কোটি টকাকৈ খৰচৰেৰে নিৰ্মাণ কৰিবৰ বাবে অনুমোদন জনোৱা হৈছে। এইক্ষেত্ৰত ৪৯৯.৯৪ কোটি টকা ইতিমধ্যে অনুমোদন কৰা হৈছে।”

ইয়াৰোপৰি, ৰাজ্যৰ ৮০০খন চাহ-বাগিচাৰ অধীনৰ পথ নিৰ্মাণৰ বাবে প্ৰত্যেকখন বাগিচাৰ অধীনত ১ কোটি টকাকৈ পুঁজি ধাৰ্য্য কৰা হৈছে বুলি জানিবলৈ দি লগতে কয়, “আজিৰ দিনলৈকে ইতিমধ্যে ৬৩৬টা প্ৰজেক্টৰ বাবে ৫১৩ কোটি টকাত অনুমোদন জনোৱা হৈছে।”

আনহাতে, ৰাজ্যত ১৬২১ কিল’মিটাৰ নতুনকৈ ৰাস্তা নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সংবাদমেলত সদৰী কৰি মন্ত্ৰীগৰাকীয়ে কয় “তাৰ বাবে ১৩২৭ কোটি টকাত ইতিমধ্যে অনুমোদন জনোৱা হৈছে।”

ইয়াৰোপৰি তেওঁ জনায় যে জহি-খহি যোৱা ৰাস্তাসমূহ মেৰামতি কৰাৰ বাবে ইতিমধ্যে ১৭০৬ কিল’মিটাৰ ৰাস্তা নিৰ্বাচন কৰা হৈছে। উক্ত ৰাস্তা মেৰামতিৰ বাবে ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা ১২৮৫ কোটি টকা অনুমোদন জনোৱা হৈছে বুলি তেওঁ কয়।

আনহাতে, গুৱাহাটীক বাদ কৰি ৰাজ্যৰ নগৰসমূহৰ পথসমূহ নিৰ্মাণ কৰিবৰ বাবে ৭৭২টা প্ৰজেক্ট হাতত লোৱা হৈছে, এই প্ৰজেক্টসমূহৰ বাবে অনুমোদন জনোৱা হৈছে ৩০৪ কোটি টকা।

ইয়াৰোপৰি, তেওঁ সংবাদমেলত জানিবলৈ দিয়া মতে কামৰূপ জিলাৰ চাৰিটা বিধান সভা সমষ্টিৰ বাবে ৫২৭টা প্ৰজেক্ট অনুমোদন কৰা হৈছে, এই প্ৰজেক্টসমূহত অনুমোদন জনোৱা হৈছে ৩৯৯ কোটি টকা।

দায়িত্বভাৰ গ্ৰহণ কৰাৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে সৰ্বমুঠ ৫৬৮১ টা প্ৰজেক্টৰ লগতে ৫৭০০ কোটি টকাত ইতিমধ্যে গড়কপ্তানী বিভাগে অনুমোদন জনাইছে বুলি তেওঁ কয়। লগতে এই অনুমোদিত ধনৰ পৰিমাণ ৬২০০ কোটি টকালৈ বৃদ্ধি কৰা হ’ব বুলি তেওঁ সংবাদমেলত জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd