স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দ্দেশত বুধবাৰে নিশা স্বাস্থ্য আৰু পৰিয়াল বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযূষ হাজৰিকাই গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকান চুপাৰ মাৰ্কেটত আকস্মিক অভিযান চলায়।
অভিযান কালত মন্ত্ৰীগৰাকীয়ে কেবাখনো ধাবাৰ খাদ্যৰ মানদণ্ড নিৰীক্ষন কৰাৰ লগতে ধাবাৰ স্বত্বাধিকাৰী সকলৰ সৈতে আলোচনাত মিলিত হৈ তেওঁলোকক কঠোৰ নিৰ্দ্দেশ দিয়ে।
উল্লেখযোগ্য যে কৃষ্ণাইৰ চুপাৰ মাকেৰ্টত থকা ধাবা সমূহত প্ৰত্যেক নিশা মেঘালয়ৰ তুৰা, শ্বিলং, কোচবিহাৰ, শিলিগুৰী আদিৰ পৰা অহা নৈশ বাছৰ শ শ যাত্ৰীয়ে আহাৰ গ্ৰহণ কৰে।
মন্ত্ৰী গৰাকীয়ে জানিব দিয়া অনুসৰি পাইকান চুপাৰ মাকেটত থকা এই হোটেল সমূহত অতি লেতেৰা আৰু খোৱাৰ অনুপযোগী খাদ্য গ্ৰাহকক দি অহা হৈছে।
বুধবাৰে মন্ত্ৰী গৰাকীয়ে আকস্মিক অভিযানত হোটেল সমূহৰ অতি লেতেৰা অৱস্থা দেখি হোটেলৰ স্বত্বাধিকাৰী সকলক কঠোৰ ভাবে সকীয়নি দি যায়। মেঘালয় চৰকাৰৰ এক অভিযোগৰ পিছতে মন্ত্ৰী গৰাকীয়ে এই অভিযান চলাই বুলি জানিব পৰা গৈছে।