DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত ধঁপাত নিয়ন্ত্ৰণ সন্দৰ্ভত ৰাজ্যিক কৰ্মশালা

অভীক চক্ৰবৰ্তী by অভীক চক্ৰবৰ্তী
January 19, 2019 5:29 pm
Dibrugarh

প্ৰতীকী ছবি। সৌজন্য: hubpages.ocm

394
VIEWS
Share on FacebookShare on Twitter

ধঁপাত নিয়ন্ত্ৰণৰ বাবে দীৰ্ঘদিন ধৰি কাম কৰি অহা নতুন দিল্লীৰ ‘কনজিউমাৰ ভয়ছ’ আৰু অসমৰ ‘কনজিউমাৰচ লীগেল প্ৰটেকচন ফ’ৰাম’ৰ উদ্যোগত শনিবাৰে ডিব্ৰুগড়ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত ধঁপাত নিয়ন্ত্ৰণৰ ওপৰত ৰাজ্যিক পৰ্যায়ৰ এখন কৰ্মশালা অনুষ্ঠিত হয়।

ধঁপাত ব্যৱহাৰৰপৰা যুৱ প্ৰজন্মক কেনেকৈ আঁতৰাই ৰাখিব পাৰি সেই উদ্দেশ্যেৰে আয়োজিত কৰ্মশালাখনত উপস্থিত থাকি ‘কনজিউমাৰচ লীগেল প্ৰটেকচন ফ’ৰাম’ৰ সচিব অধিবক্তা অজয় হাজৰিকাই শেহতীয়াভাৱে ডিব্ৰুগড়, যোৰহাট আৰু গুৱাহাটীত চলোৱা এক সমীক্ষাৰ আঁত ধৰি কয় যে ডিব্ৰুগড় চহৰত ধঁপাত নিয়ন্ত্ৰণ আইন মুকলিভাৱে উলংঘা হৈছে।

চহৰখনত ধঁপাত বিক্ৰী কৰা ৬৭% দোকানতেই নাই বাধ্যতামূলকভাৱে থাকিবলগীয়া ধঁপাত বিক্ৰী সম্পৰ্কীয় সতৰ্কতামূলক জাননী। প্ৰতিখন দোকানতে ধঁপাতজাত সামগ্ৰীসমূহ গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰাকৈ মুকলিমূৰীয়াভাৱে ৰখা হয়। ৫০% দোকানত ধঁপাতজাত সামগ্ৰীৰ বিজ্ঞাপন আঁৰি থোৱা আছে। ৩৩% দোকানেই পেকেটৰ পৰা উলিয়াই খোলাকৈ চিগাৰেট বিক্ৰী কৰে। ৮৭% দোকানেই ধঁপাতজাত সামগ্ৰীৰ লগতে চকলেট, চিপছ আদি বিক্ৰী কৰে, যাৰ ফলত কিশোৰসকল এনে দোকানসমূহলৈ আহে।

ধঁপাতজাতীয় সামগ্রী বিক্ৰী কৰা দোকানৰ বাবে পৌৰ নিকায় নিগমৰ জৰিয়তে অনুজ্ঞাপত্ৰৰ ব্যৱস্থা কৰি ধঁপাত জাত সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰিবলৈ ২০১৭ চনৰ ছেপ্টেম্বৰ মাহতেই কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক দিয়া কঠোৰ নিৰ্দেশ আজি পৰ্যন্ত কাৰ্যকৰী নকৰিলে অসম চৰকাৰে, অভিযোগ সংস্থাকেইটাৰ।

যুৱ প্ৰজন্মক ধঁপাত ব্যৱহাৰৰপৰা কেনেকৈ আঁতৰাই ৰাখিব পাৰি সেই বিষয়ে কৰ্মশালাত অসম মেডিকেল কলেজৰ অধ্যাপক ডাঃ সীমান্ত মাধৱ বৰুৱা, ডিব্ৰুগড় জিলাৰ ধঁপাত নিয়ন্ত্ৰণ কোষৰ নদাল বিষয়া ডাঃ ৰিক্তম বৰগোহাঁই আৰু ডিব্ৰুগড় জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ উদয়ন বৰুৱাই বিস্তৃতভাৱে আলোচনা আগবঢ়ায়।

ধঁপাত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পৌৰ নিকায় নিগমৰ ভূমিকা সন্দৰ্ভত ডিব্ৰুগড় পৌৰ সভাৰ উপ সভাপতি মুকুল চন্দ্ৰ ডেকাই মতামত আগবঢ়ায়।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ত ধঁপাত ব্যৱহাৰ পূৰ্বৰ তুলনাত ৬% হ্ৰাস পোৱাৰ বিপৰীতে অসমত ধঁপাত ব্যৱহাৰকাৰীৰ সংখ্যা ৯% বৃদ্ধিহে পাইছে।

Recent News

Kerala to London on bicycleচাইকেলেৰে কেৰালাৰ পৰা লণ্ডনলৈ ৩০,০০০ কিলোমিটাৰৰ  যাত্ৰা! ৪৫০ দিনত উপস্থিত হ’ব লণ্ডনত

Kerala to London on bicycleচাইকেলেৰে কেৰালাৰ পৰা লণ্ডনলৈ ৩০,০০০ কিলোমিটাৰৰ যাত্ৰা! ৪৫০ দিনত উপস্থিত হ’ব লণ্ডনত

Durand Cup 2022

আৰম্ভ হ’ল ডুৰাণ্ড কাপ, ২০২২: উদ্বোধনী মেচত এফ চি গোৱাৰ বিৰুদ্ধে ৩-১ ব্যৱধানত জয় মহমেদান স্প’ৰ্টিঙৰ

maharashtra train accident

মহাৰাষ্ট্ৰত ৰেল দুৰ্ঘটনা: মালবাহী ৰেলত খুন্দা যাত্ৰীবাহী ৰেলৰ, আহত ৫০ গৰাকী যাত্ৰী

Jinnah International Airport Karachi

পাকিস্তানৰ কৰাচী বিমানবন্দৰত জৰুৰী অৱতৰণ ভাৰতৰ পৰা যোৱা চাৰ্টাৰ জেটৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd