• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

টেষ্টত ভাৰতৰ বিৰুদ্ধে সৰ্বাধিক শতক অৰ্জনকাৰীৰ ৰেকৰ্ড গঢ়িলে ষ্টিভ স্মিথে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 8, 2021 11:09 am

2 min read

টেষ্টত ভাৰতৰ বিৰুদ্ধে সৰ্বাধিক শতক অৰ্জনকাৰীৰ ৰেকৰ্ড গঢ়িলে ষ্টিভ স্মিথে
187
VIEWS
Share on FacebookShare on Twitter

ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত চলি থকা তৃতীয় টেষ্টৰ দ্বিতীয় দিনা অৰ্থাৎ শুকুৰবাৰে অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছ ৩৩৮ ৰানত অন্ত পেলাই ভাৰতীয় বলাৰে।

ঘৰুৱা দলটোৱে নিজৰ প্ৰথম ইনিংছত ১০৫.৪ অভাৰ খেলিবলৈ সক্ষম হয়। অষ্ট্ৰেলিয়া দলৰ হৈ ষ্টিভ স্মিথে ১৩১ আৰু মাৰ্নছ লেবুচানেই ৯১ ৰানৰ ইনিংছ খেলে।

মেচৰ প্ৰথম দিনটোত অষ্ট্ৰেলিয়াৰ অপেনিং বেটছমেন হিচাপে অভিষেক ঘটা বিল পুকোবস্কিয়ে ৬২ ৰানৰ এটা আকৰ্ষণীয় ইনিংছ খেলিছিল।

ইফালে স্মিথে আজি টেষ্ট ক্ৰিকেটত নিজৰ ২৭ সংখ্যক শতকীয় ইনিংছটো খেলে। আৰু ইয়াৰ লগে লগে তেওঁ বহু মহান খেলুৱৈক অতিক্ৰম কৰি এটা অনন্য কৃতিত্বৰ অধিকাৰী হয়।

উল্লেখ্য যে, ভাৰতৰ বিৰুদ্ধে টেষ্টত সৰ্বাধিক শতক অৰ্জন কৰা বেটছমেনৰ তালিকাত শীৰ্ষ স্থানত অধিষ্ঠিত হ’ল ষ্টিভ স্মিথ।

ভাৰতৰ বিৰুদ্ধে মাত্ৰ ২৫টা ইনিংছ খেলি স্মিথে এই পৰ্যন্ত ৮টা শতকীয় ইনিংছ খেলিবলৈ সক্ষম হৈছে।

আনহাতে ৱেষ্ট ইণ্ডিজৰ গেলী ছোবৰ্ছ, ভিভি্য়ান ৰিচাৰ্ডছ আৰু অষ্ট্ৰেলিয়াৰ ৰিকি পণ্টিঙেও ভাৰতৰ বিৰুদ্ধে ৮টা শতকীয় ইনিংছ খেলিছে। কিন্তু স্মিথৰ তুলনাত আটাই কেইগৰাকীয়ে বেছি ইনিংছ খেলিবলগীয়া হৈছিল।

তালিকাখন তলত উল্লেখ কৰা হ’ল

 বেটছমেন                                           ইনিংছ                    শতক

১. ষ্টিভ স্মিথ (অষ্ট্ৰেলিয়া)                         ২৫                        ৮

২. গেলী ছোবৰ্ছ (ৱেষ্ট ইণ্ডিজ)                 ৩০                        ৮

৩. ভিভ ৰিচাৰ্ডছ (ৱেষ্ট ইণ্ডিজ)                ৪১                         ৮

৪. ৰিকি পণ্টিং (অষ্ট্ৰেলিয়া)                     ৫১                        ৮

৫. এভাৰ্টণ উইকছ (ৱেষ্ট ইণ্ডিজ)             ১৫                        ৭

৬ জেক কালিছ (দক্ষিণ আফ্ৰিকা)          ৩১                        ৭

৭. মাইকেল ক্লাৰ্ক (অষ্ট্ৰেলিয়া)                ৪০                        ৭

৮. শিৱনাৰায়ণ চন্দ্ৰপ’ল (ৱেষ্ট ইণ্ডিজ)     ৪৪                        ৭

৯. ক্লাইব লয়ড (ৱেষ্ট ইণ্ডিজ)                  ৪৪                        ৭

১০. এলেয়াষ্টাৰ কুক (ইংলেণ্ড)                ৫৪                        ৭

উল্লেখ্য যে ভাৰতৰ বিৰুদ্ধে চলি থকা টেষ্ট মেচৰ শৃংখলাৰ প্ৰথম দুখন মেচত ৰান কৰাত সম্পূৰ্ণৰূপে বিফল হৈছিল ষ্টিভ স্মিথ।

উল্লেখ্য যে এডিলেইডত প্ৰথম ইনিংছত ১ ৰান কৰি আউট হৈছিল আৰু দ্বিতীয় ইনিংছত ১ ৰানত নটআউট হৈ আছিল।

ইয়াৰ পিছৰ মেলবৰ্ণত হোৱা দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছত শূন্যতে পেভেলিয়নলৈ উভতিছিল। আৰু দ্বিতীয় ইনিংছতো মাত্ৰ ৮ ৰান কৰি আউট হৈছিল।

উল্লেখ্য যে প্ৰথম দুখন টেষ্টত নিৰাশাজনক প্ৰদৰ্শনৰ পিছত তৃতীয় টেষ্টত শক্তিশালী ৰূপত প্ৰত্যাৱৰ্তন কৰাত অষ্ট্ৰেলিয়া দলৰ বাবে ভাল খবৰ।

Recent News

বাংলাদেশৰ এই দুগৰাকী বিশিষ্ট ব্যক্তিলৈ ভাৰতৰ পদ্মশ্ৰী সন্মান

বাংলাদেশৰ এই দুগৰাকী বিশিষ্ট ব্যক্তিলৈ ভাৰতৰ পদ্মশ্ৰী সন্মান

shashi-tharoor

লালকিল্লাত প্ৰতিবাদী কৃষকৰ পতাকা উৰুওৱাক দুৰ্ভাগ্যজনক আখ্যা কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd