• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্মাৰ্ট মিটাৰৰ নামত উপদ্ৰৱ আৰু গ্ৰাহকক লুণ্ঠন বন্ধ কৰক ঃ  চিপিআই(এম)

এন ই নাও নিউজ by এন ই নাও নিউজ
August 21, 2024 8:34 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বিজেপি-নেতৃত্বাধীন চৰকাৰখনৰ জনবিৰোধী নীতিৰ অংশ হিচাপে বিদ্যুৎ খণ্ডত তথাকথিত স্মাৰ্ট মিটাৰ সংযোজন কৰি ৰাজ্যৰ জনসাধাৰণৰ ওপৰত অত্যধিক হাৰত বিদ্যুত মাচুল বৃদ্ধি আৰু গ্ৰাহকক নানা প্ৰকাৰে হাৰাশাস্তি কৰাৰ বাবে চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ প্ৰতিবাদ জনাইছে।

১৯-২০ আগষ্টত গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত পাৰ্টিৰ ৰাজ্যিক কমিটিৰ সভাই স্মাৰ্ট মিটাৰ সংযোজনৰ নামত ৰাজ্যৰ শক্তি বিভাগে বিদ্যুৎ গ্ৰাহকৰ ওপৰত চলোৱা উপদ্ৰৱ আৰু লুণ্ঠন অচিৰেই বন্ধ কৰাৰো দাবী উত্থাপন কৰি এক প্ৰস্তাৱ গ্ৰহণ কৰে।

Apply Now

পাৰ্টিৰ কেন্দ্ৰীয় কমিটিৰ সদস্য ইচফাকুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সভাত চিপিআই(এম)ৰ পলিট ব্যুৰ’ৰ সদস্য তথা ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰৰ উপৰি বিভিন্ন জিলাৰ ৰাজ্যিক কমিটিৰ সদস্যসকল উপস্থিত থাকে আৰু ৰাজ্যখনৰ বৰ্তমান পৰিস্থিতি সন্দৰ্ভত বিতং আলোচনা কৰে। পাৰ্টিৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে ৰাজনৈতিক পৰিস্থিতি আৰু আশু কৰ্তব্য সন্দৰ্ভত প্ৰতিবেদন উত্থাপন কৰে। সদস্যসকলৰ মাজত আলোচনাৰ পাছত প্ৰতিবেদন সৰ্বসন্মতিক্ৰমে গৃহীত হয়।

চিপিআই(এম)ৰ ৰাজ্যিক কমিটিৰ পূৰ্ণাংগ বৈঠকত গৃহীত স্মাৰ্ট মিটাৰ সন্দৰ্ভত প্ৰস্তাৱটোত উল্লেখ কৰা হয় যে ৰাজ্যত নিত্যপ্ৰয়োজনীয় সকলো বয়-বস্তুৰ অভাৱনীয় হাৰত মূল্যবৃদ্ধি হৈ থকাৰ সময়তে ৰাজ্য চৰকাৰে স্মাৰ্ট মিটাৰৰ নামত গ্ৰাহকৰ ওপৰত উপদ্ৰৱ আৰু আতিশয্য চলাইছে আৰু অভাৱনীয় হাৰত বঢ়াই আছে বিদ্যুৎ মাচুল।

ইপিনে বিদ্যুৎ খণ্ডত প্ৰদৰ্শন কৰা অসম চৰকাৰৰ সীমাহীন ব্যৰ্থতা তথা অপদাৰ্থতাৰ হেতু অনিয়মীয়া বিদ্যুৎ যোগানেও ৰাজ্যৰ সৰ্বসাধাৰণ জনতাক অতিষ্ঠ কৰি তুলিছে। স্মাৰ্ট মিটাৰ সংযোগৰ ফলত পূৰ্বতকৈ বিদ্যুতৰ বিল হোৰাহোৰে বৃদ্ধি পাইছে। বিদ্যুৎ খণ্ডক ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়াৰ অংশ হিচাপে ৰাজ্য চৰকাৰে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল)ত কুখ্যাত আদানী গ্ৰুপৰ প্ৰৱেশ নিশ্চিত কৰিছে আৰু প্ৰধানমন্ত্ৰী মোদীৰ ঘনিষ্ঠ গৌতম আদানীৰ কোম্পানীটোৱে ইতিমধ্যে ৮৪০ কোটি টকাৰ ঠিকা লাভ কৰিবলৈ সক্ষম হৈছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

অভিযোগ অনুসৰি কেন্দ্ৰৰ মোদী চৰকাৰৰ শক্তি মন্ত্ৰালয়ে পোনপটীয়াকৈ এপিডিএচএলৰ অধীনত অসমত স্মাৰ্ট মিটাৰ স্থাপনৰ ঠিকা প্ৰদান কৰিছে এন ই স্মাৰ্ট মিটাৰিং লিমিটেডৰ নামত আদানী ট্ৰেন্সমিছন লিমিটেডে। এয়া ৰাইজক লুণ্ঠনৰ এক বৃহৎ কেলেংকাৰী বুলিও অভিযোগ উত্থাপিত হৈছে।

দৰাচলতে বিগত বৰ্ষৰ পৰাই আদানী গ্ৰূপে ৰাজ্যৰ কেইবাখনো চহৰত স্মাৰ্ট মিটাৰ সংযোগ আৰম্ভ কৰিছে। এই গ্ৰুপে সংস্থাপন কৰা স্মাৰ্ট মিটাৰে বিদ্যুৎ গ্ৰাহকক তেজ শোহাৰ দৰে মাচুল শুহিছে। সেয়ে ১৯-২০ আগষ্টত অনুষ্ঠিত চিপিআই(এম)ৰ ৰাজ্যিক কমিটিৰ পূৰ্ণাংগ বৈঠকে স্মাৰ্ট মিটাৰ বাধ্যতামূলকভাৱে জাপি দিয়াৰ তীব্ৰ বিৰোধিতা কৰাৰ উপৰি স্মাৰ্ট মিটাৰ কেলেংকাৰীৰ তদন্ত, স্মাৰ্ট মিটাৰৰ নামত চলা হাৰাশাস্তি শীঘ্ৰেই বন্ধ, শক্তিখণ্ডত চৰকাৰী ৰাজসাহায্য বৃদ্ধি কৰি সাধাৰণ ৰাইজৰ বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ দাবী উত্থাপন কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd