ছাত্ৰ-ছাত্ৰীৰ আন্দোলনত অংশগ্ৰহণ ৰোধ কৰিবলৈ জাৰি কৰা বিতৰ্কিত নিৰ্দেশনাক লৈ তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পাছত অৱশেষত পিছুৱাবলৈ বাধ্য হ’ল তামিলনাডুৰ বিজয়ৰ দল তামিলগা ভেট্ৰি কাজাগাম (TVK)। চৰকাৰৰ এই সিদ্ধান্তক লৈ বামপন্থী দল আৰু ‘ককৰোচ জনতা পাৰ্টি’ (CJP)-য়ে তীব্ৰ প্ৰতিবাদ জনোৱাৰ পাছতে বুধবাৰে নিৰ্দেশনাখন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হয়।
যোৱা ১৪ আগষ্টত তামিলনাডুৰ স্কুল শিক্ষা আৰু উচ্চশিক্ষা বিভাগলৈ এখন নিৰ্দেশনা জাৰি কৰা হৈছিল। সেই নিৰ্দেশনাত কোৱা হৈছিল যে দিল্লীৰ যন্তৰ মন্তৰত সাম্প্ৰতিক ছাত্ৰ আন্দোলনৰ নেতৃত্ব দিয়া CJP আৰু বামপন্থী দলসমূহৰ আন্দোলন বা প্ৰতিবাদত যাতে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱ সমাজ ‘প্ৰৰোচিত’ নহয়, তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লগতে ২০ আগষ্টৰ ভিতৰত এই বিষয়ত গ্ৰহণ কৰা ব্যৱস্থাৰ প্ৰতিবেদন দাখিল কৰিবলৈও কোৱা হৈছিল।
নিৰ্দেশনাখন ৰাজহুৱা হোৱাৰ পাছতে ইয়াক লৈ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয়। CJP-ৰ ৰাষ্ট্ৰীয় সহ-আহ্বায়ক সৌৰভ দাসে এই সিদ্ধান্তক অসাংবিধানিক, অযৌক্তিক আৰু বিবেকহীন বুলি সমালোচনা কৰে। আনহাতে, বিজেপিৰ নেতা বিনোজ পি সেলভমে চৰকাৰৰ এই সিদ্ধান্তক সমৰ্থন কৰি CJP আৰু বামপন্থী সংগঠনসমূহক বিশৃংখলা সৃষ্টি কৰা শক্তি বুলি অভিযোগ কৰে।
এই ঘটনাৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে, জুন মাহৰ তামিলনাডু বিধানসভা নিৰ্বাচনৰ পাছত বিজয়ৰ TVK চৰকাৰ গঠনৰ সময়ত বামপন্থী দলসমূহে বাহিৰৰ পৰা বিনাশৰ্তে সমৰ্থন আগবঢ়াইছিল। TVK একক বৃহৎ দল হিচাপে উঠি আহিলেও ১১৮খন আসনৰ সংখ্যাগৰিষ্ঠতাৰ পৰা দলটো কিছু দূৰত আছিল। ফলত চৰকাৰ গঠন আৰু আস্থা ভোটত কংগ্ৰেছ, VCK আৰু বামপন্থী দলসমূহৰ সমৰ্থন গুৰুত্বপূৰ্ণ হৈ পৰিছিল। এনে পৰিস্থিতিত বাম দলসমূহৰ আন্দোলন ৰোধ কৰিবলৈ জাৰি কৰা নিৰ্দেশনাই মিত্ৰতাতো অস্বস্তিৰ সৃষ্টি কৰে।
ইফালে, দেশৰ বিভিন্ন প্ৰান্তত শিক্ষা ব্যৱস্থা, পৰীক্ষাৰ প্ৰশ্নপত্ৰ ফাদিল, চৰকাৰী চাকৰিৰ নিযুক্তিত অনিয়ম আৰু ছাত্ৰ-যুৱ সমাজৰ বিভিন্ন সমস্যাক লৈ প্ৰতিবাদ বৃদ্ধি পাইছে। দিল্লীৰ যন্তৰ মন্তৰত হোৱা ছাত্ৰ আন্দোলনো দেশজুৰি যথেষ্ট চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল।
২০ জুলাইত যন্তৰ মন্তৰৰ পৰা সংসদ ভৱনৰ দিশে ছাত্ৰ-ছাত্ৰীয়ে মিছিল উলিয়াবলৈ চেষ্টা কৰাৰ সময়ত পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল। আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ কৰিবলৈ কন্দুৱা গেছ আৰু পানীৰ কামান ব্যৱহাৰ কৰিছিল। ঘটনাটোক লৈ দেশৰ বিভিন্ন স্থানত প্ৰতিবাদো হৈছিল।
দিল্লীৰ পাছত ঝাৰখণ্ডতো চৰকাৰী নিযুক্তি পৰীক্ষাত অনিয়মৰ অভিযোগক লৈ যুৱ সমাজে প্ৰতিবাদ আৰম্ভ কৰে। ইয়াৰ পিছত উত্তৰ প্ৰদেশ, ৰাজস্থান আৰু চণ্ডীগড়তো শিক্ষা আৰু মৌলিক সুবিধাৰ দাবীত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হয়।
এই পৰিস্থিতিত তামিলনাডুত ছাত্ৰ আন্দোলনৰ প্ৰভাৱ ৰোধ কৰিবলৈ TVK চৰকাৰে লোৱা পদক্ষেপেই উলটি দলটোৰ বাবে ৰাজনৈতিক চাপৰ কাৰণ হৈ পৰে। তীব্ৰ সমালোচনা আৰু প্ৰতিবাদৰ পাছত অৱশেষত বিতৰ্কিত নিৰ্দেশনাখন প্ৰত্যাহাৰ কৰি চৰকাৰে পিছ হুহকি আহিবলগীয়া হয়।





