DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ভাবুকিত নতিস্বীকাৰ! : প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজেপি নেতা চিন্ময়ানন্দৰ বিৰুদ্ধে তোলা ধৰ্ষণৰ অভিযোগ প্ৰত্যাহাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 14, 2020 5:41 pm
index
317
VIEWS
Share on FacebookShare on Twitter

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মন্ত্ৰী সভাৰ মন্ত্ৰী তথা বিজেপি নেতা স্বামী চিন্ময়ানন্দৰ বিৰুদ্ধে উত্থাপিত ধৰ্ষণৰ অভিযোগ প্ৰত্যাহাৰ কৰিছে নিৰ্যাতিত হোৱা বুলি দাবী কৰি অহা যুৱতী গৰাকীয়ে।

উল্লেখ্য যে বিগত বৰ্ষৰ আগষ্ট মাহত উত্তৰ প্ৰদেশৰ এগৰাকী আইনৰ ছাত্ৰীয়ে প্ৰাক্তন মন্ত্ৰী তথা বিজেপি নেতা চিন্ময়ানন্দৰ বিৰুদ্ধে ফেইচবুকৰ এক ভিডিঅ’ পোষ্টৰ যোগে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল।

এই অভিযোগৰ পিছতে উত্তৰ প্ৰদেশৰ ৰাজনীতিত তুমুল চাঞ্চল্যৰ সৃষ্টি হৈছিল। কিন্তু শ্বাহজাহানপুৰৰ আইনৰ ছাত্ৰী গৰাকীয়ে এই অভিযোগ প্ৰত্যাহাৰ কৰাৰ পিছত বিৰোধীয়ে অভিযোগ তুলিছে যে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা গৰাকীৰ ভাবুকি তথা হেঁচাত এই অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছে যুৱতীগৰাকীয়ে।

ইফালে এতিয়া উত্তৰ প্ৰদেশ চৰকাৰে যুৱতী গৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ’ব বুলিও জানিবলৈ দিছে।

উল্লেখ্য যে মংগলবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত লক্ষ্মৌৰ বিশেষ আদালতত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী স্বামী চিন্ময়ানন্দৰ বিৰুদ্ধে উত্থাপিত উক্ত ধৰ্ষণৰ অভিযোগৰ শুনানি আছিল।

সেই শুনানিতে যুৱতী গৰাকীয়ে পূৰ্বৰ অভিযোগ প্ৰত্যাহাৰ কৰি প্ৰাক্তন মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে তেওঁ যৌন নিৰ্যাতন আৰু ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা নাই বুলি দাবী কৰে।

ইয়াৰ পিছতে চৰকাৰী অধিবক্তাই যুৱতীগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪০ ধাৰাত এক গোচৰ ৰুজু কৰিছে।

উভয় পক্ষৰ যু্ক্তি শুনাৰ পিছত লক্ষ্মৌৰ বিশেষ আদালতৰ বিচাৰপতি পি কে ৰায়ে যুৱতী গৰাকীৰ বক্তব্য নথিভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ একোটা কপি যুৱতী গৰাকীৰ লগতে স্বামী চিন্ময়ানন্দক অৰ্পণ কৰা হয়।

উল্লেখ্য যে বিগত বৰ্ষৰ আগষ্টত যুৱতী গৰাকীৰ লগতে পিতৃৰ অভিযোগৰ ভিত্তিত ২০ ছেপ্টম্বৰত অভিযুক্ত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী স্বামী চিন্ময়ানন্দক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত চিন্ময়ানন্দই জামিন লাভ কৰে।

বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে যে জেইলৰ পৰা উলাই অহাৰ পিছতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে যুৱতী গৰাকীক ভাবুকি প্ৰদান কৰি অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰাইছে।

Recent News

বটদ্ৰৱাৰ হিংসাত্মক কাণ্ড: শালনাবাৰী গাঁৱৰ অভিযুক্তৰ ঘৰত জিলা প্ৰশাসনে চলালে উচ্ছেদ

বটদ্ৰৱাৰ হিংসাত্মক কাণ্ড: শালনাবাৰী গাঁৱৰ অভিযুক্তৰ ঘৰত জিলা প্ৰশাসনে চলালে উচ্ছেদ

বটদ্ৰৱা আৰক্ষী থানাত অগ্নিসংযোগ! ক্ষিপ্ৰ আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া; ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিলম্বন

বটদ্ৰৱা আৰক্ষী থানাত অগ্নিসংযোগ! ক্ষিপ্ৰ আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া; ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিলম্বন

Australia Elections: পৰাজিত প্ৰধানমন্ত্ৰী স্কট মৰিছন; লেবাৰ পাৰ্টিৰ হাতত অষ্ট্ৰেলিয়াৰ শাসনভাৰ

Australia Elections: পৰাজিত প্ৰধানমন্ত্ৰী স্কট মৰিছন; লেবাৰ পাৰ্টিৰ হাতত অষ্ট্ৰেলিয়াৰ শাসনভাৰ

ৰাছিয়াত প্ৰৱেশ নিষিদ্ধ ৰাষ্ট্ৰপতি বিডেনকে ধৰি ৯৬৩ গৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকৰ

ৰাছিয়াত প্ৰৱেশ নিষিদ্ধ ৰাষ্ট্ৰপতি বিডেনকে ধৰি ৯৬৩ গৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd