এক উদ্বেগজনক ঘটনা ঘটিছে কোকৰাঝাৰত৷
কোকৰাঝাৰ গৌৰাং নৈত সন্ধানহীন এগৰাকী ছাত্র। বন্ধুৰ সৈতে গা ধুব আহি নদীত সন্ধানহীন বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ অন্টৰিশ শৰ্মা ।
কোকৰাঝাৰ বি বি ইঞ্জিনীয়াৰিং কলেজৰ ছাত্র অন্টৰিশ শৰ্মাৰ ঘৰ মিৰ্জাত ।
এন ডি আৰ এফে ইতিমধ্যে ছাত্ৰ জনৰ সন্ধানত নদীত অভিযান আৰম্ভ কৰিছে।
কিন্তু এতিয়ালৈকে পোৱা নাই ছাত্ৰ জনৰ কোনো সন্ধান৷
উদ্বিগ্ন হৈ পৰিছে ছাত্ৰ জনৰ সহপাঠীসকল৷
কোকৰাঝাৰ বি বি ইঞ্জিনীয়াৰিং কলেজৰ বহু শিক্ষাৰ্থীয়ে এতিয়া গৌৰাং নৈৰ পাৰত ভিৰ কৰিছে৷
উদ্ধাৰ অভিযানৰ সবিশেষ খবৰৰ বাবে অপেক্ষা কৰা হৈছে৷