NORTHEAST NOW (Assamese)

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

July 6, 2022 7:21 pm · ৰিনয় বসুমতাৰী,কোকৰাঝাৰ
Updated: July 6, 2022 7:30 pm

এক উদ্বেগজনক ঘটনা ঘটিছে কোকৰাঝাৰত৷

কোকৰাঝাৰ গৌৰাং নৈত সন্ধানহীন এগৰাকী ছাত্র। বন্ধুৰ সৈতে গা ধুব আহি নদীত সন্ধানহীন বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ অন্টৰিশ শৰ্মা ।

কোকৰাঝাৰ বি বি ইঞ্জিনীয়াৰিং কলেজৰ ছাত্র অন্টৰিশ শৰ্মাৰ ঘৰ মিৰ্জাত ।

এন ডি আৰ এফে ইতিমধ্যে ছাত্ৰ জনৰ সন্ধানত নদীত অভিযান আৰম্ভ কৰিছে।

কিন্তু এতিয়ালৈকে পোৱা নাই ছাত্ৰ জনৰ কোনো সন্ধান৷

উদ্বিগ্ন হৈ পৰিছে ছাত্ৰ জনৰ সহপাঠীসকল৷

কোকৰাঝাৰ বি বি ইঞ্জিনীয়াৰিং কলেজৰ বহু শিক্ষাৰ্থীয়ে এতিয়া গৌৰাং নৈৰ পাৰত ভিৰ কৰিছে৷

উদ্ধাৰ অভিযানৰ সবিশেষ খবৰৰ বাবে অপেক্ষা কৰা হৈছে৷

Related News