• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পঞ্জাৱৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা শিৰোমণি আকালি দলৰ মুৰব্বী সুখবীৰ সিং বাদলক আক্ৰমণ

এটা ভিডিঅ’ দেখা গৈছে য’ত ৬৪ বছৰীয়া ব্যক্তিজনক বাওঁহাতখন ঢাকি চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 13, 2026 3:54 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

48
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাৰাষ্ট্ৰৰ নন্দেডৰ মাতা চাহাব গুৰুদ্বাৰাৰ সমীপত আজি (বৃহস্পতিবাৰে) পঞ্জাৱৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা শিৰোমণি আকালি দলৰ মুৰব্বী সুখবীৰ সিং বাদলক আক্ৰমণৰ ঘটনা সংঘটিত হয়। সূত্ৰ অনুসৰি তেওঁক চোকা অস্ত্ৰৰে আক্ৰমণ কৰা হয়। ততাতৈয়াকৈ তেওঁক স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। এই ঘটনাত এজন লোককো আটক কৰিছে আৰক্ষীয়ে।

সূত্ৰসমূহৰ পৰা জানিব পৰা মতে, বাদল হাতত আঘাতপ্ৰাপ্ত হৈছে। অৱশ্যে এয়া প্ৰথমবাৰৰ বাবে নহয়। ইয়াৰ পূৰ্বে ২০২৪ চনত অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ বাহিৰত তেওঁক আক্ৰমণ কৰা হৈছিল।

Apply Now

পঞ্জাৱৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী বাদলে মাতা চাহাব গুৰুদ্বাৰা পৰিদৰ্শন কৰিবলৈ নন্দেডত উপস্থিত হোৱাৰ সময়তে এই আক্ৰমণ সংঘটিত হয়। এটা ভিডিঅ’ দেখা গৈছে য’ত ৬৪ বছৰীয়া ব্যক্তিজনক বাওঁহাতখন ঢাকি চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

বাদলৰ বাহিৰেও তেওঁৰ নিৰাপত্তাৰক্ষীৰ দায়িত্বত থকা পৰিদৰ্শক সন্তোষ কেন্দ্ৰে নামৰ এজন নিৰাপত্তাৰক্ষীও এই আক্ৰমণত আহত হয়। অৱশ্যে নিৰাপত্তাৰক্ষীৰ আঘাত সন্দৰ্ভত কোনো সবিশেষ জানিব পৰা হোৱা নাই।

আক্ৰমণকাৰী কোন আছিল সেয়া স্পষ্ট হোৱা নাই যদিও তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই সন্দৰ্ভত অধিক সবিশেষ তদন্তৰ অন্তত আৰক্ষীয়ে প্ৰকাশ কৰিব।

উল্লেখ্য যে প্ৰায় দুবছৰৰ ভিতৰত পঞ্জাৱৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীৰ ওপৰত এইটো দ্বিতীয়টো আক্ৰমণ। ২০২৪ চনৰ ডিচেম্বৰ মাহত বাদল অমৃতসৰৰ স্বৰ্ণমন্দিৰৰ প্ৰৱেশদ্বাৰত আছিল। আক্ৰমণকাৰীজনক ডেৰাবাবাৰ বাসিন্দা আৰু দল খালছাৰ সদস্য নাৰায়ণ সিং চুৱাৰা বুলি চিনাক্ত কৰা হৈছিল।

২০১৩ চনত তেওঁক অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউএপিএ)ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল।

২০০৭ চনত গুৰু গ্ৰন্থ চাহাবৰ অপৱিত্ৰকৰণত ডেৰা সচা সৌদাৰ মুৰব্বী গুৰমীত ৰাম ৰহিমক সমৰ্থন কৰাৰ বাবে দোষী সাব্যস্ত কৰি অকল তখতে বাদলক শাস্তি ‘টানখাহ’ ঘোষণা কৰাৰ পিছতে এই আক্ৰমণ সংঘটিত হৈছিল।

ইপিনে, দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰাৰ কিছুদিন পিছতে বাদলৰ ওপৰত এই আক্ৰমণ সংঘটিত হৈছে। অহা বছৰ পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ সৈতে পুনৰ আকালি দলে হাত মিলাব পাৰে বুলি জল্পনা-কল্পনাৰ আৰম্ভ হৈছে। যোৱা সপ্তাহত সংসদ ভৱন চৌহদত থকা প্ৰধানমন্ত্ৰী মোডীৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছিল এই বৈঠক।

বৈঠকৰ এদিন পিছতে বাদলৰ দলটোৱে মহিলা সংৰক্ষণ বিধেয়ক আৰু সমষ্টি সীমা নিৰ্ধাৰণ বিধেয়ক শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবী জনাইছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এদিনতে ছয়জনক দোষী সাব্যস্ত, পাঁচজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে ডিব্ৰুগড়ৰ আদালতে

এদিনতে ছয়জনক দোষী সাব্যস্ত, পাঁচজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে ডিব্ৰুগড়ৰ আদালতে

September 4, 2026 8:26 am
এংজাইটি নে হাৰ্ট এটেক? দুয়োটাৰে লক্ষণ প্ৰায় একেই, জানক কেনেকৈ বুজিব পাৰ্থক্য

এংজাইটি নে হাৰ্ট এটেক? দুয়োটাৰে লক্ষণ প্ৰায় একেই, জানক কেনেকৈ বুজিব পাৰ্থক্য

September 4, 2026 7:24 am
শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এদিনতে ছয়জনক দোষী সাব্যস্ত, পাঁচজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে ডিব্ৰুগড়ৰ আদালতে

এদিনতে ছয়জনক দোষী সাব্যস্ত, পাঁচজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে ডিব্ৰুগড়ৰ আদালতে

September 4, 2026 8:26 am
এংজাইটি নে হাৰ্ট এটেক? দুয়োটাৰে লক্ষণ প্ৰায় একেই, জানক কেনেকৈ বুজিব পাৰ্থক্য

এংজাইটি নে হাৰ্ট এটেক? দুয়োটাৰে লক্ষণ প্ৰায় একেই, জানক কেনেকৈ বুজিব পাৰ্থক্য

September 4, 2026 7:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd