• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

অদম্য সুনীল: পাকিস্তানক বিধস্ত কৰি ছাফ চেম্পিয়নশ্বিপত ভাৰতৰ প্ৰত্যাশিত আৰম্ভণি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 22, 2023 6:55 am
India vs Pakistan SAFF Championship
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৩৮ বৰ্ষীয় এক ‘তৰুণ’; সেউজ ঘাঁহনিৰ বৰ্গাকাৰ জগতখনত ৩৮ মানেই যেন প্ৰাচীন! কিন্তু কথিত এই ধাৰণা ভাঙি বয়সক মাথোন এক সংখ্যা ৰূপত পতীয়মান কৰি এতিয়াও অদম্য ৰূপত ‘ব্লু টাইগাৰ্ছ’ৰ ধ্বজা বহন কৰি আছে এই ৩৮ বৰ্ষীয় ‘তৰুণ’ সুনীল ছেত্ৰীয়ে।

ছেত্ৰীৰ দুৰন্ত প্ৰদৰ্শনৰ সুবাদতে যোৱা নিশা ভাৰতীয় ফুটবল দলে পাকিস্তানক ৪-০ গ’লত পৰাস্ত কৰি ছাফ চেম্পিয়নশ্বিপত প্ৰত্যাশিত আৰম্ভণি ঘটায়। গত দেওবাৰে ইণ্টাৰকণ্টিনেণ্টেল কাপৰ খিতাপ জয়েৰে আত্মবিশ্বাসী ভাৰতে কালি পাকিস্তানক প্ৰায় বিধস্ত কৰি তোলে।

Apply Now

ভাৰতৰ এই জয়ত মুখ্য ভূমিকা লয় অধিনায়ক সুনীল ছেত্ৰীয়ে। দুৰ্দান্ত হেট্ৰিকেৰে ছেত্ৰীয়ে ভাৰতৰ বিজয় নিশ্চিত কৰাৰ লগতে দলৰ হৈ চতুৰ্থটো গল স্ক’ৰ কৰে উদান্ত সিঙে। খেলৰ দহ মিনিটতে পাকিস্তানী গলৰক্ষক ছাকিব হানিফৰ এক ভুলৰ সুযোগ লৈ ছেত্ৰীয়ে ভাৰতক প্ৰথমটো গলৰ সোৱাদ দিয়ে।

ইয়াৰ কিছু সময় পিছতে ১৬ মিনিটত এটা পেনাল্টিৰ সুযোগ কাৰ্যকৰী কৰি ভাৰতক ২-০ ৰ অগ্ৰগতি দিয়ে ছেত্ৰীয়ে। অৱশ্যে ইয়াৰ পিছত দুয়োটা দলে গল স্ক’ৰৰ কেইবাটাও সুযোগ নষ্ট কৰাৰ ফলস্বৰূপে ২-০ ব্যৱধানতে মেচখনৰ প্ৰথমাৰ্ধ অন্ত পৰে।

ইফালে প্ৰথমাৰ্ধ অন্ত পৰিবলৈ কিছু সময় থকা অৱস্থাতে বিধিনিষিদ্ধ আচৰণৰ বাবে ৰেড কাৰ্ডৰ সন্মুখীন হ’বলগীয়া হয় ভাৰতৰ প্ৰশিক্ষক ইগৰ ষ্টিমাক। পাক খেলুৱৈক এক থ্ৰ’ লোৱাৰ সময়ত বাধা দিয়াৰ বাবে ষ্টিমাকক ৰেড কাৰ্ড দেখুওৱায় ৰেফাৰীয়ে।

ষ্টিমাকৰ এই আচৰণৰ পিছত খেলপথাৰত কিছু সময় ধৰি এক উত্তেজনাপূৰ্ণ মুহূৰ্তৰো সৃষ্টি হয়। অৱশ্যে দুই দলৰ অধিনায়কৰ প্ৰচেষ্টাত এই অনাহক পৰিস্থিতিৰ শাম কাটে।

আনহাতে দ্বিতীয়াৰ্ধৰ ৭৪ মিনিটত আন এক পেনাল্টি কাৰ্যকৰী কৰি হেট্ৰিক সম্পূৰ্ণ কৰাৰ লগতে দলক ৩-০ ৰ অগ্ৰগতি দিয়ে ছেত্ৰীয়ে। এই গলৰ ৭ মিনিট পিছতে আনৱাৰ আলীৰ এক দৰ্শনীয় পাছক গললৈ ৰূপান্তৰ কৰি ভাৰতৰ বিজয় নিশ্চিত কৰে উদান্ত সিঙে।

উল্লেখ্য যে, ভাৰত আৰু পাকিস্তান আজিৰ পূৰ্বে ২০১৮ চনৰ ছেপ্টেম্বৰত অন্তিমবাৰৰ বাবে মুখামুখি হৈছিল। ছাফ টুৰ্ণামেণ্টৰে উক্ত ছেমিফাইনেল মেচখনতো ভাৰত ৩-১ গলৰ ব্যৱধানত জয়লাভ কৰিছিল।

কালিৰ জয়ৰ পিছত ডিফেণ্ডিং চেম্পিয়ন ভাৰতে খিতাপ অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে অহা ২৪ জুনত নেপালৰ বিৰুদ্ধে আৰু ২৭ জুনত কুৱেইটৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ইফালে পাকিস্তানে আজিৰ খেলৰ পিছত ২৪ জুনত কুৱেইট আৰু ২৭ জুনত নেপালৰ বিৰুদ্ধে খেলিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm
যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm
অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm
যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd