আন এখন মেচত দেখা গ’ল শেষ অভাৰৰ শ্বাসৰুদ্ধকৰ নাটক। শনিবাৰে আই পি এলৰ দ্বিতীয়খন মেচ শেষ অভাৰৰ উত্তেজনাপূৰ্ণ যুঁজলৈ পৰিণত হয়। পূৰ্বৰ মেচখনত নায়ক হিচাপে পৰিগণিত হোৱা ছানৰাইজাৰ্ছ হায়দৰাবাদৰ নায়ক প্ৰফুল্ল হিংগে পুনৰবাৰ নায়ক হিচাপে পৰিগণিত হয়। অৱশেষত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে শেষ অভাৰত ভয়ংকৰ চাপৰ মাজত শেষহাঁহি মাৰিলে ছানৰাইজাৰ্ছে। হায়দৰাবাদৰ দলটোৱে ঘৰৰ মাটিত ১০ ৰানৰ এক দুৰ্দান্ত জয় সাৱ্যস্ত কৰিলে।
চেন্নাই ছুপাৰ কিংছক জয়ী হ’বলৈ শেষ অভাৰত অৰ্থাৎ শেষৰ ছটা বলত ১৮ ৰানৰ প্ৰয়োজন হৈছিল। টি-২০ ক্ৰিকেটত এই লক্ষ্য অসম্ভৱ নহয়। আৰু এই চাপৰ মুহূৰ্ততে এছ আৰ এইচৰ অধিনায়ক ঈশান কিষানে প্ৰফুল্ল হিংগেৰ হাতত বলটো তুলি দিয়ে।
এই মেচখনত তেওঁ তেতিয়ালৈকে বিশেষ ছন্দত নাছিল, প্ৰথম তিনিটা অভাৰত ৫৪ ৰান দি কোনো উইকেট দখল কৰিব পৰা নাছিল। কিন্তু প্ৰফুল্লে শেষৰ অভাৰত গোটেই কাহিনীটো সলনি কৰি দিলে। চাপৰ মাজত আহিতেওঁ মাত্ৰ ৭ ৰানহে দিয়ে আৰু চতুৰ্থটো বলত জেমী অভাৰটনক আউট কৰে। অভাৰটনে ১৫টা বলত ১৬ ৰান সংগ্ৰহ কৰে। ইয়াৰ পিছত ছানৰাইজাৰ্ছ হায়দৰাবাদে খেলখনৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ লয় আৰু তাৰ পৰাই তেওঁলোকৰ জয় নিশ্চিত হয়।
টছত পৰাস্ত হোৱাৰ পিছত হায়দৰাবাদে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। দলটোৰ যুৱ অ’পেনাৰ অভিষেক শৰ্মাই আৰম্ভণিতে খেলপথাৰত ধুমুহাৰ সৃষ্টি কৰে। ২০২৬ চনৰ আই পি এলত কেইবাটাও বিস্ফোৰক ইনিংছ খেলি চকু কপালত তুলিছে বৈভৱ সূৰ্যবংশীয়ে। এই ছিজনত তেওঁৰ দৰে আগ্ৰাসী বেটিঙৰ উত্তৰ দিয়াটো বেছিভাগ বেটছমেনৰ বাবে কঠিন হৈ পৰিছে যদিও অভিষেক শৰ্মা ইয়াৰ ব্যতিক্ৰম। তেওঁ মাত্ৰ ১৫টা বলত অৰ্ধশতক অৰ্জন কৰি বৈভৱৰ অভিলেখ স্পৰ্শ কৰে। বৈভৱেও ১৫টা বলত অৰ্ধশতক অৰ্জন কৰি এক অভিলেখ গঢ়ি তুলিছে। তদুপৰি, হায়দৰাবাদৰ বেটছমেনৰ মাজত এইটোৱেই হৈছে আই পি এলৰ ইতিহাসত সৰ্বাধিক দ্ৰুত অৰ্ধশতকৰ অভিলেখ।
আৰম্ভণিৰ পৰাই অভিষেকে আক্ৰমণাত্মকভাৱে বেটিং আৰম্ভ কৰিছিল। ইনিংছৰ পঞ্চম অভাৰত তেওঁ ১৫টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে। তেওঁ মুঠতে ২২টা বলত ৫৯ ৰান সংগ্ৰহ কৰি আউট হয়, য’ত ৬টা চাৰি আৰু ৪টা ছয় আছিল। অভিষেকৰ সহায়ত ছানৰাইজাৰ্ছৰ ইনিংছ দ্ৰুত গতিত আৰম্ভ হৈছিল যদিও শেষত তেওঁলোকে এটা ডাঙৰ স্ক’ৰ কৰিব নোৱাৰিলে।
অভিষেকৰ উপৰিও হাইনৰিখ ক্লাচেনেও অৰ্ধশতক অৰ্জন কৰে। তেওঁ ২টা ছয় আৰু ৬টা চাৰিৰ সৌজন্যত ৩৯টা বলত ৫৯ ৰান সংগ্ৰহ কৰে। এই দুগৰাকী তাৰকাৰ ইনিংছৰ সহায়ত হায়দৰাবাদে ৯ উইকেটত ১৯৪ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইয়াৰ বাহিৰে বাকীবোৰে বিশেষ দৃষ্টি আকৰ্ষণ কৰিব পৰা নাছিল।
তৃতীয় সৰ্বাধিক স্ক’ৰ হিচাপে ট্ৰেভিছ হেডে ২০টা বলত ২৩ ৰান সংগ্ৰহ কৰে। বাকী কোনোৱেই ১৫ ৰানো স্পৰ্শ কৰিব নোৱাৰিলে। ঈশান শূন্য ৰানত ড্ৰেছিং ৰুমলৈ উভতি যায়। চেন্নাইৰ হৈ অংশুল কম্বোজ আৰু জেমী অভাৰটনে তিনিটাকৈ উইকেট দখল কৰে। মুকেশ চৌধাৰীয়ে দুটা উইকেট দখল কৰে। গুৰজাপনীত সিঙে এটা উইকেট দখল কৰে।
১৯৫ ৰানৰ লক্ষ্য অনুসৰণ কৰি চি এছ কেয়ে আৰম্ভণিৰে পৰাই সংগ্ৰাম কৰি আছিল। দ্বিতীয় অভাৰত (৩ বলৰ পৰা ৭ ৰান) ড্ৰেছিং ৰুমলৈ উভতি আহিছিল সঞ্জু ছেমছন। পাৱাৰ প্লে’ত আৰু ২টা উইকেট হেৰুৱায় চেন্নাইয়ে। আয়ুষ মাত্ৰেই কিছু আক্ৰমণাত্মক মুডত বেটিং কৰিছিল। কিন্তু ইনিংছৰ পঞ্চম অভাৰত ১৩টা বলত ৩০ ৰান কৰি আউট হয়।
ঋতুৰাজ গাইকোৱাডেও পুনৰ নিৰাশ কৰে (১৩টা বলত ১৯ ৰান)। আয়ুছৰ বাহিৰেও মেথিউ শ্বৰ্টে ৩০টা বলত ৩৪ ৰান, সৰফৰাজ খানে ১৯টা বলত ২৫ ৰান, শিৱম ডুবেই ১৬টা বলত ২১ ৰান সংগ্ৰহ কৰে। বাকীসকলৰ অৱস্থা হতাশজনক। শেষত ৮ উইকেটত ১৮৪ ৰানত চি এছ কেৰ ইনিংছৰ অন্ত পৰে ।
হায়দৰাবাদৰ হৈ আটাইতকৈ সফল বলাৰ আছিল ঈশান মালিংগা। তেওঁ ৪ অভাৰত ২৯ ৰানত ৩ উইকেট দখল কৰে। নীতিশ কুমাৰ ৰেড্ডীয়ে ২টা উইকেট দখল কৰে। ইয়াৰ উপৰিও প্ৰফুল্ল হিংগে, চাকিব হুছেইন আৰু শিৱাং কুমাৰে এটাকৈ উইকেট দখল কৰে।





