ভাৰতীয় ন্যায়পালিকাৰ ইতিহাসত আজি এক ঐতিহাসিক দিন। মঙলবাৰে উচ্চতম ন্যায়ালয়ে নিথাৰি ধাৰাবাহিক হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত হোৱা সুৰেন্দ্ৰ কোলিক সকলো অভিযোগৰ পৰা মুক্ত কৰে। দেশৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাই, ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়ধীশ বিক্ৰম নাথৰ বিচাৰপীঠে এই ৰায়প্ৰদান কৰে।
দেশৰ ভিতৰতে চৰ্চিত অপৰাধৰ ভিতৰত অন্যতম এই গোচৰত আদালতে দিয়া ৰায়দানত কয় যে পৰ্যাপ্ত প্ৰমাণৰ অভাৱ আৰু তদন্তৰ অসামঞ্জস্যতাৰ বাবে কোলিৰ দোষ প্ৰমাণিত নহ’ল। অন্য কোনো গোচৰত প্ৰয়োজন নহ’লে তেওঁক শীঘ্ৰে মুকলি কৰি দিয়াৰ নিৰ্দেশ দিছে আদালতে।
২০০৫ চনৰ পৰা ২০০৬ চনৰ ভিতৰত উত্তৰ প্ৰদেশৰ নয়ডাত ডি-৫ নম্বৰ ঘৰটো—ব্যৱসায়ী মনিন্দৰ সিং পান্ধেৰৰ বাসগৃহ—এই নৰকীয় হত্যাকাণ্ডৰ কেন্দ্ৰবিন্দু আছিল। ঘৰৰ পিছফালে থকা নলা আৰু চেপ্টিক টেংকৰ পৰা ইটোৰ পিছত সিটোকৈ শিশু আৰু মহিলাৰ অৱশিষ্ট দেহাৱশেষ উদ্ধাৰ কৰা হয়। ‘নিথাৰি কাণ্ড’ নামেৰে পৰিচিত এই ঘটনাই সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্য বিয়পাইছিল।
তদন্তত প্ৰকাশ পায় যে পান্ধেৰৰ ঘৰুৱা সহায়ক সুৰেন্দ্ৰ কোলি এই নৃশংস হত্যাকাণ্ডৰ সৈতে জড়িত আছিল। ১৬টা গোচৰত তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছিল। ইয়াৰে ১০টাত আদালতে তেওঁক মৃত্যুদণ্ড আৰু যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। আনহাতে, ৫টা গোচৰৰ ভিতৰত ২টা গোচৰত দোষী সাব্যস্ত হয় মণিন্দৰ সিং পান্ধেৰ।
কিন্তু বছৰ বাগৰাৰ লগে লগে প্ৰমাণ আৰু তদন্ত পদ্ধতিৰ বিভিন্ন অসামঞ্জস্যক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিলে। মানৱ অধিকাৰ কৰ্মী আৰু অধিবক্তাৰ এটা অংশই সদায় দাবী কৰি আহিছিল যে কোলি হয়তো ‘বলিৰ পঠা’। আদালতে তদন্তত বৈজ্ঞানিক ফৰেনছিক প্ৰমাণৰ অভাৱ আৰু কেইবাটাও সাক্ষ্যৰ অস্পষ্টতা লক্ষ্য কৰে।
আজি উচ্চতম ন্যায়ালয়ে কয় যে, “নিম্ন আদালত আৰু উচ্চ ন্যায়ালয়ৰ ৰায়দানত পৰ্যাপ্ত যুক্তি নাছিল। প্ৰমাণসমূহ পৰোক্ষ আৰু অনিশ্চিত আছিল। এনে পৰিস্থিতিত কোনো ব্যক্তিক মৃত্যুদণ্ড দিয়াটো ন্যায্য নহয়।” ন্যায়াধীশ দুগৰাকীয়ে কয় যে, “অভিযুক্তৰ বিৰুদ্ধে প্ৰমাণ যুক্তিসংগত সন্দেহৰ বাহিৰত নহয়। সেয়েহে তেওঁক দোষমুক্ত কৰা হৈছে।”
ৰায় ঘোষণাৰ পিছত নয়ডা আৰু আৰক্ষী মুখ্য কাৰ্যালয়ত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। বহুতে আচৰিত হ’লেও আইনী বিশেষজ্ঞসকলে ইয়াক ন্যায়ৰ বাবে জয় বুলি ভাবে। প্ৰখ্যাত অধিবক্তা সঞ্জয় হাজৰিকাই কয়, ‘এই ৰায় কেৱল এজন ব্যক্তিৰ মুক্তি নহয়, বৰঞ্চ আমাৰ ন্যায় ব্যৱস্থাৰ মানৱীয়তাৰ প্ৰতিফলন। যদি প্ৰমাণ পৰ্যাপ্ত নহয়, তেন্তে কেতিয়াও মৃত্যুদণ্ড প্ৰদান কৰা উচিত নহয়।”
আনহাতে, নিথাৰি অঞ্চলৰ স্থানীয় বাসিন্দাসকলৰ মাজত এতিয়াও ভয়ৰ স্মৃতি জীৱন্ত হৈ আছে। বহুতৰ মতে এই ঘটনাৰ বিচাৰ যিমানেই দিন চলি নাথাকক কিয়, মানসিক ঘাঁবোৰ এতিয়াও সতেজ হৈ আছে। মৃত শিশুসকলৰ পৰিয়ালে কয়, “আমাৰ সন্তানৰ হত্যাকাৰীক মুকলি কৰি দিয়াটো আমাৰ বাবে মানি লোৱাটো কঠিন।”
নয়ডা আৰক্ষীয়ে ৰায়দানৰ প্ৰতিলিপি লাভ কৰাৰ পিছত পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। কিন্তু এতিয়াৰ বাবে ১৯ বছৰ কাৰাবাসৰ অন্তত সুৰেন্দ্ৰ কোলি নতুন জীৱনৰ দুৱাৰমুখত থিয় দিছে। নিথাৰি কাণ্ড ভাৰতৰ অপৰাধ ইতিহাসৰ এক ভয়ানক অধ্যায় চিৰদিনৰ বাবে হৈ থাকিব।



