• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিমান ভাড়াত অস্বাভাৱিক উত্থান-পতন নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰক নতুন নিয়মাৱলী দাখিলৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ভাৰতীয় বিমান ভাড়াত দেখা দিয়া অস্বাভাৱিক উত্থান-পতন আৰু গ্ৰাহকক শোষণ কৰা প্ৰৱণতা ৰোধ কৰিবলৈ উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 13, 2026 8:29 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় বিমান ভাড়াত দেখা দিয়া অস্বাভাৱিক উত্থান-পতন আৰু গ্ৰাহকক শোষণ কৰা প্ৰৱণতা ৰোধ কৰিবলৈ উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। সোমবাৰে উচ্চতম ন্যায়ালয়ে ভাৰতীয় বায়ুযান অধিনিয়ম ২০২৪ ৰ অধীনত প্ৰস্তুত কৰা নতুন বিমান নিয়মাৱলীআদালতত দাখিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছে। আদালতক জনোৱা হৈছে যে এই নিয়মাৱলী ইতিমধ্যে চূড়ান্ত কৰা হৈছে আৰু বৰ্তমান ইয়াক সংসদত উত্থাপন কৰাৰ পূৰ্বে হিন্দীৰ লগতে আন চৰকাৰী ভাষাসমূহলৈ অনুবাদ কৰাৰ কাম চলি আছে।

নাগৰিক বিমান পৰিবহন সঞ্চালকালয় চমুকৈ ডিজিচিএ আৰু কেন্দ্ৰীয় চৰকাৰৰ হৈ হাজিৰ হোৱা অতিৰিক্ত ছলিচিটৰ জেনেৰেল অনিল কৌশিকে ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ বিচাৰপীঠক অৱগত কৰে যে অহা ২১ জুলাইৰ পৰা আৰম্ভ হ‘বলগীয়া সংসদৰ বৰ্ষাকালীন অধিবেশনত এই নিয়মসমূহ উত্থাপন কৰা হ’ব। ইয়াৰ বাবে তেওঁ অলপ সময় বিচাৰিছিল যদিও আবেদনকাৰীৰ অধিবক্তাই যুক্তি দৰ্শায় যে নিয়ম অনুসৰি এইসমূহ সংসদত উত্থাপন কৰাৰ পূৰ্বে ৰাইজৰ মতামতৰ বাবে প্ৰকাশ কৰিব লাগে। এই যুক্তিক গ্ৰহণ কৰি বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰক আগন্তুক দুসপ্তাহৰ ভিতৰত এই নিয়মৰ খচৰা বন্ধ খামৰ ভিতৰত আদালতত জমা দিবলৈ নিৰ্দেশ দিয়ে।

Apply Now

সমাজকৰ্মী এছ লক্ষ্মীনাৰায়ণে দাখিল কৰা এক জনস্বাৰ্থজনিত আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে এই শুনানি গ্ৰহণ কৰিছে। আবেদনখনত উৎসৱ-পাৰ্বন, বন্ধৰ দিন বা জৰুৰীকালীন সময়ত ব্যক্তিগত বিমান সংস্থাসমূহে লোৱা হঠকাৰী বিমান ভাড়া আৰু অন্যান্য অতিৰিক্ত মাচুল নিয়ন্ত্ৰণৰ বাবে এক বাধ্যতামূলক নিয়ম প্ৰস্তুত কৰাৰ দাবী কৰা হৈছে। আবেদনকাৰীৰ অধিবক্তাই আদালতত কয় যে উৎসৱৰ সময়ত বিমান ভাড়া অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাটো গ্ৰাহকৰ বাবে অত্যন্ত শোষণমূলক আৰু ইয়াৰ বাবে ডিজিচিএৰ নিষ্ক্ৰিয়তা দায়ী।

পূৰ্বে ডিজিচিএই বিমান সংস্থাসমূহক ৬০ শতাংশ আসন কোনো ধৰণৰ আসন বাছনি মাচুল নোলোৱাকৈ যাত্ৰীক যোগান ধৰিবলৈ আৰু একেটা পিএনআৰত যাত্ৰা কৰা লোকক একেলগে বহাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছিল, কিন্তু চৰকাৰে সেই নিৰ্দেশ পিছুৱাই ৰাখিছে। শুনপানীৰ সময়ত ন্যায়াধীশ মেহতাই উল্লেখ কৰে যে ইৰানে হৰমুজ প্ৰণালী বন্ধ কৰিব পাৰে বুলি ওলোৱা খবৰৰ সুযোগ লৈ বিমান সংস্থাসমূহে পুনৰ ইন্ধন সংকটৰ অজুহাতত ভাড়া বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। আনহাতে আবেদনকাৰীৰ ফালৰ পৰা কোৱা হয় যে বিমান ভাড়াত ইন্ধনৰ অংশ মাত্ৰ ১০ শতাংশহে, তথাপিও ভাড়া ১০০ ৰ পৰা ৩০০ শতাংশ পৰ্যন্ত বৃদ্ধি কৰা হয়।

বৰ্তমান বিমান ভাড়া পৰ্যালোচনা বা নিয়ন্ত্ৰণ কৰাৰ বাবে কোনো স্বতন্ত্ৰ কৰ্তৃপক্ষ নাই, যাৰ ফলত সাধাৰণ আৰু অৰ্থনৈতিকভাৱে পিছপৰা যাত্ৰীসকল তীব্ৰ সমস্যাৰ সন্মুখীন হৈছে। চহকী লোকসকলে আগতীয়াকৈ টিকট বুক কৰিব পাৰে যদিও জৰুৰীকালীন সময়ত সাধাৰণ লোকসকলে অত্যধিক ভাড়া ভৰিবলগীয়া হয়। আদালতে এই গোটেই বিষয়টো গুৰুত্বসহকাৰে পৰীক্ষা কৰিবলৈ সন্মত হৈছে আৰু পৰৱৰ্তী শুনানিৰ দিন অহা ৩ আগষ্ট ধাৰ্য কৰিছে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগালেণ্ডত ভয়ংকৰ আই ই ডি বিস্ফোৰণ! আসাম ৰাইফলছৰ কনভয়লৈ লক্ষ্য কৰি চলোৱা আক্ৰমণত ৩ জোৱানৰ মৃত্যু

নাগালেণ্ডত ভয়ংকৰ আই ই ডি বিস্ফোৰণ! আসাম ৰাইফলছৰ কনভয়লৈ লক্ষ্য কৰি চলোৱা আক্ৰমণত ৩ জোৱানৰ মৃত্যু

July 13, 2026 9:03 pm
“তেজ দিম, জীৱন দিম, কিন্তু এক ইঞ্চিও মাটি নিদিওঁ”

“তেজ দিম, জীৱন দিম, কিন্তু এক ইঞ্চিও মাটি নিদিওঁ”

July 13, 2026 8:59 pm
বিমান ভাড়াত অস্বাভাৱিক উত্থান-পতন নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰক নতুন নিয়মাৱলী দাখিলৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বিমান ভাড়াত অস্বাভাৱিক উত্থান-পতন নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰক নতুন নিয়মাৱলী দাখিলৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 13, 2026 8:29 pm
ৰাম মন্দিৰত ওলাইছে নতুন চাকৰি : স্নাতক উত্তীৰ্ণই কৰিব পাৰিব আবেদন

ৰাম মন্দিৰত ওলাইছে নতুন চাকৰি : স্নাতক উত্তীৰ্ণই কৰিব পাৰিব আবেদন

July 13, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগালেণ্ডত ভয়ংকৰ আই ই ডি বিস্ফোৰণ! আসাম ৰাইফলছৰ কনভয়লৈ লক্ষ্য কৰি চলোৱা আক্ৰমণত ৩ জোৱানৰ মৃত্যু

নাগালেণ্ডত ভয়ংকৰ আই ই ডি বিস্ফোৰণ! আসাম ৰাইফলছৰ কনভয়লৈ লক্ষ্য কৰি চলোৱা আক্ৰমণত ৩ জোৱানৰ মৃত্যু

July 13, 2026 9:03 pm
“তেজ দিম, জীৱন দিম, কিন্তু এক ইঞ্চিও মাটি নিদিওঁ”

“তেজ দিম, জীৱন দিম, কিন্তু এক ইঞ্চিও মাটি নিদিওঁ”

July 13, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd