• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নাগৰিকত্ব নিৰ্ধাৰণ প্ৰক্ৰিয়া ন্যায্য আৰু যুক্তিসংগত হ’ব লাগিব! ২৭ গৰাকী ব্যক্তিক বিদেশী সজোৱা উচ্চ ন্যায়ালয়ৰ ৰায় নাকচ উচ্চতম ন্যায়ালয়ৰ

নাগৰিকত্বৰ বিষয়টো সাংবিধানিকভাৱে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ খণ্ডপীঠৰ নিৰ্দেশ, বিদেশী ন্যায়াধিকৰণত নিৰপেক্ষ বিচাৰৰ পোষকতা

এন ই নাও নিউজ. গুৱাহাটী by এন ই নাও নিউজ. গুৱাহাটী
July 13, 2026 2:39 pm
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী উচ্চ ন্যায়ালয়ে ২৭ গৰাকী আবেদনকাৰীক বিদেশী হিচাপে ঘোষণা কৰি প্ৰদান কৰা ৰায়দান সোমবাৰে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছে। ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাক লৈ গঠিত উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠে এই গোচৰসমূহ পুনৰ নতুনকৈ বিচাৰ কৰাৰ বাবে সংশ্লিষ্ট বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰিছে। নাগৰিকত্ব আৰু বিদেশী মৰ্যাদা নিৰ্ধাৰণৰ বিষয়টোৱে সাংবিধানিকভাৱে এক গভীৰ তাৎপৰ্য বহন কৰে বুলি উল্লেখ কৰি সৰ্বোচ্চ ন্যায়ালয়খনে স্পষ্ট কৰি দিয়ে যে এই সমগ্ৰ প্ৰক্ৰিয়াটো এক ন্যায্য, আইনসন্মত আৰু যুক্তিসংগত ব্যৱস্থাৰ মাজেৰে সম্পন্ন হ’ব লাগিব।

আবেদনকাৰীসকলৰ আবেদন গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে নাগৰিকত্ব আৰু বিদেশীৰ মৰ্যাদা সাংবিধানিক আৰু আইনী দিশৰ পৰা এক অতি গুৰুত্বপূৰ্ণ ক্ষেত্ৰ। অৱশ্যে, ভাৰতীয় নাগৰিকত্বৰ অবৈধ দাবী প্ৰতিহত কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ স্বাৰ্থকো ন্যায়ালয়ে স্বীকৃতি প্ৰদান কৰে। বিচাৰপীঠে উল্লেখ কৰে যে আইনীভাৱে ভাৰতীয় নাগৰিকত্ব দাবী কৰাৰ অধিকাৰ নথকা ব্যক্তিয়ে যাতে প্ৰক্ৰিয়াৰ অপব্যৱহাৰ, মিছা দাবী বা পলম হোৱাৰ সুযোগ লৈ এনে মৰ্যাদা লাভ কৰিব নোৱাৰে, সেয়া নিশ্চিত কৰাটো ৰাষ্ট্ৰৰ এক আইনগত আৰু বাধ্যতামূলক স্বাৰ্থ। কিন্তু একে সময়তে ন্যায়ালয়ে গুৰুত্ব আৰোপ কৰে যে অবৈধ প্ৰব্ৰজন ৰোধ কৰাৰ চৰকাৰী লক্ষ্যই প্ৰক্ৰিয়াগত নিৰপেক্ষতাক আওকাণ কৰিব নোৱাৰে। এই মৰ্যাদা নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো ন্যায্য, আইনসন্মত আৰু যুক্তিসংগত হোৱাটো বাঞ্চনীয় হোৱাৰ সমান্তৰালকৈ ১৯৪৬ চনৰ বিদেশী আইনৰ ৯ নং ধাৰাৰ অধীনত থকা আইনী বাধ্যবাধকতা সম্পূৰ্ণৰূপে প্ৰযোজ্য হৈ থাকিব বুলি ৰায়দানটোত প্ৰকাশ কৰিছে।

Apply Now

নিজৰ স্থিতি আৰু হস্তক্ষেপৰ পৰিসৰ স্পষ্ট কৰি বিচাৰপীঠে জনায় যে তেওঁলোকে আবেদনকাৰীসকলৰ ভাৰতীয় নাগৰিকত্বৰ দাবীৰ গুণাগুণ বা তেওঁলোকে দাখিল কৰা নথিপত্ৰৰ প্ৰকৃত অৱস্থা, গ্ৰহণযোগ্যতা অথবা প্ৰাসংগিকতা সন্দৰ্ভত কোনো মতামত আগবঢ়োৱা নাই। এই প্ৰশ্নসমূহৰ সিদ্ধান্ত সংশ্লিষ্ট ন্যায়াধিকৰণসমূহে স্বাধীনভাৱে ল’ব লাগিব। উচ্চতম ন্যায়ালয়ে লগতে স্পষ্ট কৰি দিয়ে যে গোচৰসমূহ পুনৰ ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰা কাৰ্যই আবেদনকাৰীসকলক কোনো ধৰণৰ সকাহ প্ৰদান কৰা নাই। যিগৰাকী ব্যক্তিয়ে নিজৰ দাবী সাব্যস্ত কৰিব নোৱাৰে, তেওঁৰ সপক্ষে কোনো সমতা প্ৰদান কৰাৰ উদ্দেশ্য এই নিৰ্দেশৰ নাই। ইয়াৰ একমাত্ৰ উদ্দেশ্য হৈছে বিদেশী হিচাপে ঘোষণা কৰাৰ দৰে গুৰুতৰ পৰিণতি যাতে ১৯৪৬ চনৰ বিদেশী আইন, ১৯৬৪ চনৰ বিদেশী (ন্যায়াধিকৰণ) নিৰ্দেশ আৰু নিৰপেক্ষতাৰ সাংবিধানিক বাধ্যবাধকতা পূৰণ কৰা এক বিচাৰ প্ৰক্ৰিয়াৰ পৰাহে আহে, সেয়া নিশ্চিত কৰা।

উচ্চতম ন্যায়ালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিতৰ্কিত ৰায়দানসমূহ আৰু বিদেশী ন্যায়াধিকৰণে পূৰ্বে প্ৰদান কৰা মতামত আৰু নিৰ্দেশনাসমূহো বাতিল কৰে। সংশ্লিষ্ট ন্যায়াধিকৰণসমূহে উচ্চ ন্যায়ালয় বা ন্যায়াধিকৰণে পূৰ্বে প্ৰদান কৰা কোনো পৰ্যবেক্ষণৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ গোচৰসমূহৰ নতুনকৈ সিদ্ধান্ত ল’ব বুলি খণ্ডপীঠখনে নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে, এই আবেদনসমূহৰ মূল গোচৰটোত গৌহাটী উচ্চ ন্যায়ালয়ে বিদেশী ন্যায়াধিকৰণৰ একতৰফীয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই দাখিল কৰা আৱেদন খাৰিজ কৰিছিল। উচ্চ ন্যায়ালয়ে লক্ষ্য কৰিছিল যে জাননীসমূহ যথাযথভাৱে প্ৰদান কৰা হৈছিল যদিও অভিযুক্ত ব্যক্তিগৰাকী ন্যায়াধিকৰণৰ সন্মুখত হাজিৰ হোৱা নাছিল আৰু প্ৰায় তেইশ বছৰৰ পাছতহে নিৰ্দেশটোক প্ৰত্যাহ্বান জনাইছিল। অভিযুক্তৰ তৰফৰ পৰা কোনো লিখিত বিবৃতি, নথি-পত্ৰ বা প্ৰমাণ নথকাৰ বাবে ন্যায়াধিকৰণৰ হাতত পূৰ্বৰ সিদ্ধান্ত বাহাল ৰখাৰ বাহিৰে আন কোনো বিকল্প নাছিল বুলি উচ্চ ন্যায়ালয়ে মত প্ৰকাশ কৰে। তদুপৰি, উচ্চ ন্যায়ালয়ে উল্লেখ কৰিছিল যে এক নিৰপেক্ষ সুযোগ প্ৰদান কৰা উচিত যদিও ইয়াক এক অন্তহীন অনুশীলনলৈ সম্প্ৰসাৰিত কৰিব নোৱাৰি।

অসমৰ বিদেশী ন্যায়াধিকৰণসমূহ হৈছে অৰ্ধ-ন্যায়িক সংস্থা যিয়ে বংশাৱলী আৰু ১৯৭১ চনৰ ভিত্তিবৰ্ষৰ ওপৰত নিৰ্ভৰ কৰি নাগৰিকত্বৰ বিষয়ত বিচাৰ কৰে। ১৯৭১ চনৰ পূৰ্বে অসম বা ভাৰতত নিজৰ পৰিয়ালৰ বাসস্থান প্ৰমাণ কৰিবলৈ ব্যক্তিয়ে দাখিল কৰা নথি-পত্ৰৰ ওপৰত এই সংস্থাসমূহে প্ৰধানকৈ নিৰ্ভৰ কৰে। অৱশ্যে ন্যায়াধিকৰণসমূহৰ বিৰুদ্ধে সৰু-সুৰা বানানৰ ভুল, নথি-পত্ৰৰ অভাৱ বা স্মৃতিশক্তিৰ ত্ৰুটিৰ ভিত্তিত ব্যক্তিক বিদেশী ঘোষণা কৰাৰ দৰে পক্ষপাতিত্বমূলক আৰু স্বেচ্ছাচাৰী আচৰণৰ অভিযোগ উত্থাপন হৈ আহিছে।

বৰ্তমান উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে বিদেশী ন্যায়াধিকৰণসমূহে বাতিল হোৱা পূৰ্বৰ ৰায়দানসমূহৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ আবেদনকাৰীসকলৰ গোচৰসমূহ পুনৰ নতুনকৈ বিচাৰ কৰিব লাগিব। ন্যায়পালিকাই ৰাষ্ট্ৰৰ সুৰক্ষা আৰু নাগৰিকৰ সাংবিধানিক অধিকাৰৰ মাজত এক ভাৰসাম্য ৰক্ষা কৰি পৰৱৰ্তী সময়ত ন্যায়াধিকৰণসমূহৰ বিচাৰ প্ৰক্ৰিয়াত নিৰপেক্ষতা আৰু স্বচ্ছতা নিশ্চিত কৰাৰ দিশত এই ৰায়ৰ জৰিয়তে এক গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিছে।

 

এন ই নাও নিউজ. গুৱাহাটী

এন ই নাও নিউজ. গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিট কেলেংকাৰী: এসপ্তাহ নৌহওঁতেই সলনি হ’ল ফাষ্ট ট্ৰেক ন্যায়ালয়ৰ বিচাৰক! নতুন দায়িত্বত অজয় গুপ্তা

নিট কেলেংকাৰী: এসপ্তাহ নৌহওঁতেই সলনি হ’ল ফাষ্ট ট্ৰেক ন্যায়ালয়ৰ বিচাৰক! নতুন দায়িত্বত অজয় গুপ্তা

August 2, 2026 6:43 pm
যোৰহাটত শোকাৱহ ঘটনা: ভোগদৈ নদীত ডেৰ বছৰীয়া সন্তানসহ সন্ধানহীন মাতৃ

যোৰহাটত শোকাৱহ ঘটনা: ভোগদৈ নদীত ডেৰ বছৰীয়া সন্তানসহ সন্ধানহীন মাতৃ

August 2, 2026 4:37 pm
বিদেশত পঢ়াৰ খৰচ ক’ৰ পৰা আহিল? চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ পিতৃৰ সম্পত্তিৰ তদন্তৰ দাবী আৰটিআই কৰ্মীৰ

বিদেশত পঢ়াৰ খৰচ ক’ৰ পৰা আহিল? চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ পিতৃৰ সম্পত্তিৰ তদন্তৰ দাবী আৰটিআই কৰ্মীৰ

August 2, 2026 3:09 pm
ভাৰতৰ মানচিত্ৰত নাই উত্তৰ-পূব! স্কটলেণ্ডৰ ৰেষ্টুৰেণ্টত ক্ষুব্ধ হৈ পৰিল লাভলিনা; সৰৱ ভাৰতীয় বক্সিং সন্থাও

ভাৰতৰ মানচিত্ৰত নাই উত্তৰ-পূব! স্কটলেণ্ডৰ ৰেষ্টুৰেণ্টত ক্ষুব্ধ হৈ পৰিল লাভলিনা; সৰৱ ভাৰতীয় বক্সিং সন্থাও

August 2, 2026 2:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিট কেলেংকাৰী: এসপ্তাহ নৌহওঁতেই সলনি হ’ল ফাষ্ট ট্ৰেক ন্যায়ালয়ৰ বিচাৰক! নতুন দায়িত্বত অজয় গুপ্তা

নিট কেলেংকাৰী: এসপ্তাহ নৌহওঁতেই সলনি হ’ল ফাষ্ট ট্ৰেক ন্যায়ালয়ৰ বিচাৰক! নতুন দায়িত্বত অজয় গুপ্তা

August 2, 2026 6:43 pm
যোৰহাটত শোকাৱহ ঘটনা: ভোগদৈ নদীত ডেৰ বছৰীয়া সন্তানসহ সন্ধানহীন মাতৃ

যোৰহাটত শোকাৱহ ঘটনা: ভোগদৈ নদীত ডেৰ বছৰীয়া সন্তানসহ সন্ধানহীন মাতৃ

August 2, 2026 4:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd