DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিল্লীৰ জাহাংগীৰপুৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান বন্ধ কৰিলে উচ্চতম ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 20, 2022 1:03 pm
দিল্লীৰ জাহাংগীৰপুৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান বন্ধ কৰিলে উচ্চতম ন্যায়ালয়ে
142
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে পুৱাই দিল্লীৰ জাহাংগীৰপুৰীত ‘অবৈধ নিৰ্মাণকাৰী’ৰ বিৰুদ্ধে উত্তৰ দিল্লী পৌৰ নিগমে উচ্ছেদ অভিযান আৰম্ভ কৰে। কিন্তু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত সেই অভিযান বন্ধ কৰিবলগীয়া হয়।  

জ্যেষ্ঠ অধিবক্তা দুষ্মন্ত ডাভে, কপিল ছিবাল, পাভ সুৰেন্দ্ৰ নাথ আৰু প্ৰশান্ত ভূষণে আজি উচ্চতম ন্যায়ালয়ত বিষয়টো উত্থাপন কৰাৰ পিছত শীৰ্ষ আদালতখনে সদ্যহতে উচ্ছেদ অভিযান বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়ে।

মুখ্য ন্যায়াধীশ এন ভি ৰামানাই কাইলৈ এই গোচৰৰ শুনানি অনুষ্ঠিত কৰা হ’ব বুলি জানিবলৈ দিয়ে।

লগতে পঢ়ক: কৰ’নাৰ চতুৰ্থ ঢৌৰ আশংকা! দেশত বিগত ২৪ ঘন্টাত ৬৬ শতাংশ বৃদ্ধি পালে দৈনিক সংক্ৰমণ

আদালতত অধিবক্তা দুষ্মন্ত ডাভেই কয়,’’সংঘৰ্ষত ক্ষতিগ্ৰস্ত জাহাংগীৰপুৰীত উচ্ছেদ এটা সম্পূৰ্ণ বেআইনী ধ্বংসকাৰ্য। কাকো কোনো জাননী দিয়া হোৱা নাই আৰু কাৰো কথাও শুনা হোৱা নাই। আমি এই অভিযান বন্ধৰ বাবে আবেদন জনাইছো।‘’

ইয়াৰ পিছতে মুখ্য ন্যায়াধীশ ৰামানাই কয় যে, ‘’ঠিক আছে, আমি স্থগিতাদেশ দিছো।কাইলৈ আন বিষয়সমূহৰ সৈতে এই বিষয়টোও উত্থাপন কৰা হ’ব।‘’

ইয়াৰ পূৰ্বে জমিয়ত উলেমা-ই হিন্দে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈ প্ৰশ্ন উত্থাপন কৰিছিল যে কাৰোবাৰ ওপৰত হিংসাত্মক ঘটনা সংঘটিত কৰাৰ সন্দেহ থাকিলে তেওঁৰ ঘৰত কিয় বুল’ডজাৰ চলোৱা হ’ব।

উল্লেখ্য যে কেইদিন পূৰ্বে এই জাহাংগীৰপুৰীতে হনুমান জয়ন্তীত দুটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ ঘটিছিল। এনে পৰিস্থিতিতে এই উচ্ছেদ অভিযানকলৈ অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছিল। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আগৰে পৰা আৰক্ষী বাহিনী মোতায়েন কৰা হৈছিল।

লগতে পঢ়ক: সুব্ৰমনিয়াম স্বামীৰ বিস্ফোৰণ! অৰ্থনীতিৰ পৰা ৰাষ্ট্ৰীয় সুৰক্ষালৈকে সকলোতে ব্যৰ্থ প্ৰধানমন্ত্ৰী মোদী

প্ৰশানৰ উচ্ছেদ অভিযানত পথৰ ওপৰত থকা ঠেলাগাড়ীৰ পৰা আৰম্ভ কৰি বস্তি অঞ্চল এটাৰ পিছত এটাকৈ ভাঙি যোৱা হয়। এনে উচ্ছেদ অভিযান চলি থকাৰ মাজতে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বৰ বিচাৰপীঠে অভিযান বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে।  

ইপিনে, উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়াৰ পিছতো প্ৰশাসনে বহু সময়লৈকে জাহাংগীৰপুৰীত বুল’ডজাৰেৰে  উচ্ছেদ অভিযান চলাই যোৱাৰ অভিযোগ উত্থাপন হয়। 

Recent News

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

World's Shortest Adolescent

নেপালৰ ডৰ বাহাদুৰলৈ বিশ্বৰ আটাইতকৈ চাপৰ কিশোৰৰ স্বীকৃতি গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ

‘ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰক’-এনচিপি নেত্ৰীলৈ নাৰী বিদ্বেষী মন্তব্য বিজেপি নেতাৰ

‘ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰক’-এনচিপি নেত্ৰীলৈ নাৰী বিদ্বেষী মন্তব্য বিজেপি নেতাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd