নতুন ঔদ্যোগিক সম্পৰ্ক বিধি, ২০২০-ৰ ক্ষেত্ৰত ১৯৭৮ চনৰ এক ঐতিহাসিক ৰায়দানত নিৰ্ধাৰণ কৰা ‘উদ্যোগ’ৰ বহল সংজ্ঞা ব্যৱহাৰ কৰিব পৰা নাযাব। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ ন-জনীয়া সাংবিধানিক বিচাৰপীঠখনে ৬:৩ সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত এই গুৰুত্বপূৰ্ণ ৰায়দান কৰে। অৱশ্যে মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত এই বিচাৰপীঠখনে স্পষ্ট কৰি দিয়ে যে ‘উদ্যোগ’ৰ অৰ্থৰ সন্দৰ্ভত ১৯৭৮ চনৰ ৰায়টোৰ পুনৰ্বিচাৰৰ বাবে জনোৱা আবেদনখন বৈধ আছিল।
উচ্চতম ন্যায়ালয়ে ১৯৭৮ চনৰ বাংগালোৰ ৱাটাৰ ছাপ্লাই এণ্ড ছুৱেৰেজ ব’ৰ্ডৰ (Bangalore Water Supply and Sewerage Board) গোচৰত স্থাপন কৰা আইনী স্থিতি পৰীক্ষা কৰি আছিল। সেই ৰায়টোৱে ঔদ্যোগিক বিবাদ আইন, ১৯৪৭-ৰ অধীনত ‘উদ্যোগ’ হিচাপে গণ্য কৰিব পৰা ক্ষেত্ৰসমূহৰ পৰিসৰ যথেষ্ট বৃদ্ধি কৰিছিল। মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ লগতে ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মা, অলোক আৰাধে আৰু বিপুল এম পাঞ্চোলিয়ে প্ৰদান কৰা সংখ্যাগৰিষ্ঠ ৰায়টোত স্পষ্ট কৰা হৈছে যে ১৯৭৮ চনৰ ৰায়দানত বিকশিত তিনিতৰপীয়া পৰীক্ষা এতিয়াও বৈধ, যদিও ইয়াৰ কিছুমান দিশ পৰিমাৰ্জনৰ প্ৰয়োজন আছে।
কিন্তু এই নিয়ম বাতিল হোৱা ১৯৪৭ চনৰ আইনখনৰ অধীনত বৰ্তমানো চলি থকা পুৰণি শ্ৰম সম্পৰ্কীয় গোচৰসমূহৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব। সংখ্যাগৰিষ্ঠ বিচাৰপতিসকলে লগতে স্পষ্ট কৰে যে ১৯৭৮ চনৰ নীতিসমূহ ২০২০ চনৰ নতুন ঔদ্যোগিক সম্পৰ্ক বিধিৰ ক্ষেত্ৰত স্বয়ংক্ৰিয়ভাৱে প্ৰযোজ্য নহ’ব। নতুন আইনখনৰ অধীনত উত্থাপিত গোচৰসমূহ ইয়াৰ নিজা তথ্য আৰু পৰিস্থিতিৰ ভিত্তিত স্বতন্ত্ৰভাৱে মীমাংসা কৰা হ’ব। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে পুৰণি ৰায়টোৰ নীতিসমূহ নতুন আইনখনৰ বাবে একমাত্ৰ আধাৰ হ’ব নোৱাৰে আৰু নতুন আইনখনক নিজস্বভাৱে ব্যাখ্যা কৰা হ’ব।
ন্যায়াধীশ ভি আৰ কৃষ্ণ আয়াৰে ১৯৭৮ চনত আগবঢ়োৱা ‘তিনিতৰপীয়া পৰীক্ষা’ৰ সূত্ৰ অনুসৰি, সামগ্ৰী আৰু সেৱা উৎপাদন বা বিতৰণৰ বাবে নিয়োগকৰ্তা আৰু কৰ্মচাৰীৰ মাজত সহযোগিতা থকা যিকোনো প্ৰণালীবদ্ধ কাম-কাজক ‘উদ্যোগ’ হিচাপে গণ্য কৰিব পাৰি। এই বহল ব্যাখ্যাৰ ফলত চিকিৎসালয়, শিক্ষানুষ্ঠান, ক্লাব আৰু চৰকাৰী কল্যাণমূলক বিভাগসমূহকো ১৯৪৭ চনৰ আইনখনৰ সুৰক্ষাৰ আওতালৈ অনা হৈছিল আৰু লাখ লাখ শ্ৰমিকে আইনী সুৰক্ষা লাভ কৰিছিল।
এই ৰায়দানত ন্যায়াধীশ পি এছ নৰসিংহ আৰু জয়মাল্য বাগচীয়ে পৃথককৈ ৰায় দিলেও মূলতঃ সংখ্যাগৰিষ্ঠৰ মতকে সমৰ্থন কৰে। আনহাতে ন্যায়াধীশ বি ভি নাগাৰত্ন, দীপংকৰ দত্ত আৰু উজ্জ্বল ভূঞাই এই ৰায়ৰ বিৰোধিতা কৰি কয় যে ১৯৭৮ চনৰ ৰায়টো শুদ্ধ আছিল আৰু ইয়াৰ পুনৰ্বিচাৰৰ প্ৰয়োজন নাছিল। অৱশ্যে আটাইকেইগৰাকী ন্যায়াধীশে ইয়াকো স্বীকাৰ কৰে যে ১৯৪৭ চনৰ আইনখন ইতিমধ্যে বাতিল কৰি তাৰ ঠাইত নতুন আইন অনা হৈছে, সেয়েহে এই ৰায়ৰ প্ৰত্যক্ষ প্ৰভাৱ মূলতঃ পুৰণি অমীমাংসিত গোচৰসমূহৰ ক্ষেত্ৰতহে সীমাবদ্ধ থাকিব। এই নতুন ৰায়টোৱে পুৰণি শ্ৰম আইনৰ অধীনত থকা অমীমাংসিত গোচৰ আৰু নতুন আইনৰ অধীনত উত্থাপন হ’বলগীয়া গোচৰসমূহৰ মাজত এক স্পষ্ট সীমাৰেখা নিৰ্ধাৰণ কৰিছে।





