অসম বিজেপিৰ অফিচিয়েল এক্স (Twitter) হেণ্ডেলত প্ৰচাৰিত এটা এআই-নিৰ্মিত ভিডিঅ’ই তুলপাৰ লগাইছে ৰাজনৈতিক ক্ষেত্ৰত। অভিযোগ অনুসৰি এই ভিডিঅ’টোত মুছলমান সম্প্ৰদায়ক অপমানজনক ৰূপত চিত্ৰিত কৰি সাম্প্ৰদায়িক বিভেদ সৃষ্টি কৰাৰ চেষ্টা কৰিছে। উচ্চতম ন্যায়ালয়ে অসম চৰকাৰ, বিজেপিৰ অসম শাখা আৰু এক্সক সাম্প্ৰদায়ীক বিভেদ সৃষ্টি কৰিব পৰা এই ভিডিঅ’টোৰ সন্দৰ্ভত জাননী জাৰি কৰিছে।
প্ৰতিবেদন অনুসৰি, এই ভিডিঅ’টো ২০২৫ চনৰ ১৫ চেপ্তেম্বৰত অসম বিজেপিৰ অফিচিয়েল এক্স হেণ্ডেলত প্ৰচাৰ কৰা হৈছিল। ভিডিঅ’টোত মুছলমানসকলে চাহ বাগিচা, গুৱাহাটী বিমানবন্দৰ আৰু চৰকাৰী ভূমি দখল কৰিছে বুলি দেখুওৱা হৈছে। ভিডিঅ’টোৱে লগতে দাবী কৰিছে যে বিজেপি পৰাজিত হ’লে অসমত মুছলমানৰ জনসংখ্যা ৯০ শতাংশলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু তেওঁলোকৰ পূৰ্ণ আধিপত্য স্থাপন হ’ব।
অসম বিজেপিৰ এনে কাৰ্যকলাপৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংবাদিক কুৰ্বান আলী আৰু জ্যেষ্ঠ অধিবক্তা অঞ্জনা প্ৰকাশ উচ্চতম ন্যায়ালয়ৰ কাষ চাপে। শুনানিৰ সময়ত অধিবক্তা নিজাম পাছাই আদালতক জনোৱা মতে, ভিডিঅ’টোৱে মুছলমান সম্প্ৰদায়ক ‘দানৱীয় ৰূপত’ চিত্ৰিত কৰিছে, যি ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষ মূল্যবোধৰ ওপৰত আঘাত হানিছে। তেওঁ লগতে যুক্তি দাঙি ধৰে যে এই ভিডিঅ’ই নিৰ্বাচনত ধৰ্মীয় ভিত্তিত ভোটৰক আকৰ্ষিত কৰাৰ চেষ্টা কৰিছে। শুনানিৰ অন্তত বিক্ৰম নাথ আৰু সন্দীপ মেহতাৰ নেতৃত্বাধীন বিচাৰপীঠে অসম চৰকাৰ, বিজেপি আৰু এক্সলৈ জাননী জাৰি কৰে। গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ২৭ অক্টোবৰত ধাৰ্য কৰা হৈছে।
দ্য ৱায়াৰৰ প্ৰতিবেদন অনুসৰি, ভিডিঅ’টোৱে কেৱল হিংসাত্মক বাৰ্তা প্ৰচাৰ কৰাই নহয়, ই ১৯৫১ চনৰ জনপ্ৰতিনিধিত্ব আইনৰ ১২৩(৩এ) আৰু ১২৫ ধাৰাৰো লংঘন কৰিছে। এই ধাৰাসমূহত নিৰ্বাচনৰ সময়ত ধৰ্মৰ ভিত্তিত ভোট বিচৰা বা শত্রুতা বৃদ্ধি কৰাৰ দৰে কাৰ্য নিষিদ্ধ কৰা হৈছে। তথাপিও নিৰ্বাচন আয়োগে এই ভিডিঅ’ৰ বিৰুদ্ধে এতিয়ালৈ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।
আনহাতে, বিজেপিয়ে এই ভিডিঅ’ৰ পক্ষে যুক্তি দি কয় যে ই বাংলাদেশৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীৰ ভাবুকিক হে প্ৰদৰ্শন কৰিছে, মুছলমান সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা নাই। কিন্তু বিৰোধী দলসমূহে ইয়াক “সাম্প্ৰদায়িক বিভেদ সৃষ্টিৰ চেষ্টা” আখ্যা দিছে। কংগ্ৰেছে এই বিষয়ত আনুষ্ঠানিক অভিযোগ দাখিল কৰাৰ উপৰিও এআইএমআইএমৰ নেতা আছাদুদ্দিন ওৱাইচীয়ে ভিডিঅ’টোক “মুছলমান-বিৰোধী প্ৰচাৰ” বুলি সমালোচনা কৰিছে। আাৰু অভিযোগ কৰিছে যে চৰকাৰে উন্নয়নমূলক কাৰ্যকলাপৰ পৰা আঁতৰি সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ চেষ্টা কৰিছে। এতিয়া উচ্চতম ন্যায়ালয়ে এই গোচৰৰ কি ৰায় প্ৰদান কৰে আৰু উক্ত ভিডিঅ’টো আঁতৰোৱা হয় নে নহয়, সেয়া অৱশ্যে লক্ষণীয় হ’ব।





