• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 25, 2026 6:08 pm
190
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তৃণমূল কংগ্ৰেছৰ ২০ জন বিদ্ৰোহী সাংসদৰ বিৰুদ্ধে চলি থকা দলত্যাগ-বিৰোধী আইনৰ গোচৰত মঙলবাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে। তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক তথা লোকসভাৰ সাংসদ অভিষেক বন্দ্যোপাধ্যায়ে দাখিল কৰা আবেদন সন্দৰ্ভত শীৰ্ষ আদালতে ২০ জন বিদ্ৰোহী সাংসদলৈ জাননী জাৰি কৰি তেওঁলোকৰ পৰা উত্তৰ বিচাৰিছে।

এই আবেদনৰ মূল দাবী আছিল – লোকসভাৰ অধ্যক্ষ ওম বিৰলাই দলত্যাগৰ অভিযোগত দাখিল কৰা অযোগ্য ঘোষণাৰ আবেদনসমূহৰ ওপৰত অতিৰিক্ত পলম নকৰি সময়সীমাৰ ভিতৰত সিদ্ধান্ত লওক। গোচৰটো মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বাধীন ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰে গঠিত বেঞ্চে শুনানি গ্ৰহণ কৰে।

Apply Now

কিন্তু শুনানিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে – ন্যায়ালয়ে ২০ জন সাংসদলৈ জাননী জাৰি কৰিলেও লোকসভাৰ অধ্যক্ষ বা তেওঁৰ কাৰ্যালয়লৈ পৃথককৈ জাননী জাৰি কৰা নাই। তাৰ কাৰণো আদালতত স্পষ্ট হৈ পৰে।

শুনানিত লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু লোকসভাৰ মহাসচিবকো পক্ষভুক্ত কৰা হৈছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতক জনায় যে, তেওঁ অধ্যক্ষ আৰু লোকসভা সচিবালয়ৰ হৈ আদালতত উপস্থিত থাকিব আৰু তেওঁৰ হাতত অধ্যক্ষৰ পৰা প্ৰয়োজনীয় নিৰ্দেশনাও আছে।

আদালতে প্ৰথমে সংশ্লিষ্ট উত্তৰদাতাসকললৈ জাননী জাৰি কৰাৰ কথা বিবেচনা কৰিছিল। কিন্তু ছলিচিটৰ জেনেৰেলে স্পষ্ট কৰে যে অধ্যক্ষৰ কাৰ্যালয়লৈ পৃথক জাননী দিয়াৰ প্ৰয়োজন নাই, কিয়নো তেওঁ নিজেই অধ্যক্ষৰ হৈ আদালতত সঁহাৰি দিব। ইয়াৰ পিছতেই আদালতে ২০ জন বিদ্ৰোহী সাংসদলৈ জাননী জাৰি কৰে।

অৰ্থাৎ, স্পীকাৰক বাদ দিয়া হোৱা নাই; বৰং তেওঁৰ হৈ চৰকাৰৰ শীৰ্ষ আইন বিষয়া আদালতত উপস্থিত থকাৰ বাবে পৃথক জাননীৰ প্ৰয়োজন নথকা বুলি আদালতৰ সন্মুখত অৱস্থা স্পষ্ট কৰা হয়।

শুনানিৰ সময়ত ন্যায়াধীশ জয়মাল্য বাগচীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে বিষয়টো কেৱল জাননী জাৰি কৰাৰ নহয়; মূল প্ৰশ্ন হৈছে সমগ্ৰ প্ৰক্ৰিয়াটো এটা যুক্তিসংগত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰা।

তৃণমূলৰ অভিযোগ হৈছে – ২০ জন সাংসদৰ বিৰুদ্ধে অযোগ্য ঘোষণাৰ আবেদন দাখিল কৰাৰ পিছতো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত পলম হৈছে। সেইবাবেই দলটোৱে এই প্ৰক্ৰিয়াত আদালতৰ হস্তক্ষেপ বিচাৰিছে।

এই সমগ্ৰ ৰাজনৈতিক-আইনী সংঘাতৰ আৰম্ভণি হয় যেতিয়া তৃণমূল কংগ্ৰেছৰ ২০ জন সাংসদে দলৰ পৰা পৃথক হৈ Nationalist Citizens Party of India (NCPI) নামৰ এটা সৰু ৰাজনৈতিক দলৰ সৈতে সংযুক্ত হয় পৃথক গোট হিচাপে  নিজকে  দাবী কৰে। বিদ্ৰোহী সাংসদসকলে লোকসভাত পৃথক গোট হিচাপে স্বীকৃতি আৰু পৃথক আসন বিচাৰিছিল। লোকসভাৰ অধ্যক্ষই পিছত তেওঁলোকৰ বাবে পৃথক আসনৰ ব্যৱস্থা কৰিছিল।

বিদ্ৰোহী সাংসদসকলৰ যুক্তি হৈছে, তৃণমূলৰ লোকসভা গোটৰ ২৮ জন সাংসদৰ ভিতৰত ২০ জনেই তেওঁলোকৰ সৈতে আছে। অৰ্থাৎ সংখ্যাটো দুই-তৃতীয়াংশৰো অধিক। সেয়ে সংবিধানৰ দশম অনুসূচীৰ অধীনত ‘মাৰ্জাৰ’ৰ সুৰক্ষা তেওঁলোকৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব পাৰে বুলি তেওঁলোকে দাবী কৰিছে।

সংবিধানৰ দশম অনুসূচী, অৰ্থাৎ Anti-Defection Law-ত সাধাৰণতে কোনো সাংসদে নিজৰ ৰাজনৈতিক দলৰ সদস্যপদ ত্যাগ কৰিলে বা দলীয় নিৰ্দেশৰ বিপৰীতে ভোট দিলে অযোগ্য ঘোষণাৰ ব্যৱস্থা আছে। কিন্তু ইয়াৰ এটা গুৰুত্বপূৰ্ণ ব্যতিক্ৰম হৈছে ‘মাৰ্জাৰ’।

দশম অনুসূচীৰ ৪ নম্বৰ অনুচ্ছেদ অনুসৰি, কোনো মূল ৰাজনৈতিক দল আন এটা দলৰ সৈতে একত্ৰিত হ’লে, আৰু সংশ্লিষ্ট দলৰ কমেও দুই-তৃতীয়াংশ সদস্যই সেই মাৰ্জাৰত সন্মতি দিলে, তেনে মাৰ্জাৰৰ ক্ষেত্ৰত দলত্যাগ-বিৰোধী আইনৰ অধীনত অযোগ্যতা প্ৰযোজ্য নহ’বও পাৰে।

কিন্তু ইয়াতেই আছে গোচৰটোৰ আটাইতকৈ ডাঙৰ আইনী প্ৰশ্ন – কেৱল সংসদীয় গোটৰ দুই-তৃতীয়াংশ সাংসদে আন এটা দলত যোগ দিলেই মূল ৰাজনৈতিক দলটো ‘মাৰ্জ’ হোৱা বুলি ধৰা হ’ব নেকি? নে মূল দলটোৰ নিজস্ব সাংগঠনিক মাৰ্জাৰো হ’ব লাগিব?

তৃণমূল কংগ্ৰেছৰ মতে ২০ জন সাংসদে দলীয় প্ৰতীকৰ অধীনত নিৰ্বাচিত হৈ পিছত আন এটা ৰাজনৈতিক গোষ্ঠীৰ সৈতে যোগদান কৰিছে। দলটোৰ দাবী অনুসৰি, এই কাৰ্য দশম অনুসূচীৰ অধীনত দলত্যাগৰ আওতাত পৰে আৰু তেওঁলোকৰ সাংসদ পদ খাৰিজ হ’ব লাগে।

অভিষেক বন্দ্যোপাধ্যায়ে সেয়ে লোকসভাৰ অধ্যক্ষৰ ওচৰত পৃথক পৃথক অযোগ্য ঘোষণাৰ আবেদন দাখিল কৰিছিল আৰু সেই আবেদনসমূহৰ শীঘ্ৰে নিষ্পত্তি বিচাৰি সুপ্ৰিম ক’ৰ্টৰ কাষ চাপিছিল।

ইয়াৰ বিপৰীতে বিদ্ৰোহী গোটে মাৰ্জাৰৰ বৈধতাৰ যুক্তি আগবঢ়াইছে। তেওঁলোকৰ মতে, প্ৰয়োজনীয় দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা তেওঁলোকৰ আছে আৰু সেইবাবেই Anti-Defection Law-ৰ অধীনত তেওঁলোকক অযোগ্য ঘোষণা কৰিব নোৱাৰি।

শুনানিৰ সময়ত আৰু এটা গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ পায়। ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই সুপ্ৰিম ক’ৰ্টক জনায় যে লোকসভাৰ অধ্যক্ষয়ো ইতিমধ্যে ২০ জন বিদ্ৰোহী সাংসদলৈ অযোগ্যতা সম্পৰ্কীয় জাননী জাৰি কৰিছে।

সুপ্ৰিম ক’ৰ্টৰ এই গোচৰত উত্তৰদাতা হিচাপে থকা ২০ জন সাংসদ হৈছে – কাকলি ঘোষ দস্তিদাৰ, সুদীপ বন্দ্যোপাধ্যায়, শতাব্দী ৰায়, প্ৰসূন বন্দ্যোপাধ্যায়, ৰচনা বন্দ্যোপাধ্যায়, জগদীশ চন্দ্ৰ বৰ্মা বসুনিয়া, পাৰ্থ ভৌমিক, অৰূপ চক্ৰৱৰ্তী, অধিকাৰী দীপক দেৱ, সায়নী ঘোষ, বাপী হালদাৰ, মহম্মদ আবু তাহেৰ খান, কালিপদ সৰেন খেৰৱাল, অসিত কুমাৰ মাল, জুন মালিয়া, মিতালি বাগ, খলিলুৰ ৰহমান, মালা ৰায়, শর্মিলা চৰকাৰ আৰু পাঠান ইউছুফ।

এতিয়া ২০ জন বিদ্ৰোহী সাংসদে ন্যায়ালয়ত নিজৰ উত্তৰ দিব লাগিব। একে সময়তে লোকসভাৰ অধ্যক্ষৰ সন্মুখত চলি থকা অযোগ্যতা-সংক্ৰান্ত প্ৰক্ৰিয়াটোও আগবাঢ়িব। আদালতে স্পষ্ট কৰি দিছে যে লক্ষ্য কেৱল জাননী জাৰি কৰা নহয়-যুক্তিসংগত সময়সীমাৰ ভিতৰত বিষয়টোৰ নিষ্পত্তি নিশ্চিত কৰাটো অধিক গুৰুত্বপূৰ্ণ। শীৰ্ষ আদালতৰ পৰৱৰ্তী শুনানিত এই বিতৰ্কই আৰু অধিক গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

October 1, 2026 11:27 am
দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

October 1, 2026 7:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

October 1, 2026 11:27 am
দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd