• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিল্লীৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ জামিন আবেদন নাকচ; আত্মসমৰ্পণৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 18, 2024 7:52 pm
230
VIEWS
Share on FacebookShare on Twitter

অবৈধ বিত্তীয় লেনদেনৰ অভিযোগত দিল্লীৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ জামিন আবেদন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে। ইফালে, আম আদমী পাৰ্টিৰ নেতাক শীঘ্ৰে আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ বাবে সত্যেন্দ্ৰ তিহাৰ কাৰাগাৰলৈ উভতি যাব লগা হ’ব। তদুপৰি এই গোচৰত আন দুজন অভিযুক্ত অংকুশ জৈন আৰু বৈভৱ জৈনৰ জামিন আৱেদনো নাকচ কৰা হৈছে।

অসুস্থতাৰ বাবে দেশৰ শীৰ্ষ আদালতে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল সত্যেন্দ্ৰক। একেদৰে বিগত বৰ্ষৰ মে’ মাহত তিহাৰ কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছিল প্ৰাক্তন স্বাস্থ্যমন্ত্ৰীগৰাকীক। সত্যেন্দ্ৰৰ অধিবক্তাই চিকিৎসা কাৰণ দেখুৱাই জামিনৰ সময়সীমা বৃদ্ধিৰ বাবে আদালতত আবেদন জনায়। কেইবাবাৰো সেই আবেদনও মঞ্জুৰ হৈছিল।

লগতে পঢ়কঃ প্ৰতি ১৪ মিনিটৰ মূৰে মূৰে ভাৰতত চুৰি হয় এখন গাড়ী; চোৰৰ প্ৰথম পছন্দ মাৰুতি চুজুকি

সোমবাৰে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ জামিনৰ ম্যাদ বৃদ্ধিৰ আৱেদন পুনৰ উত্থাপন হোৱাৰ পাছত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বেলা এম ত্ৰিবেদী আৰু ন্যায়াধীশ পংকজ মিথালৰ বিচাৰপীঠে সত্যেন্দ্ৰৰ জামিন আবেদন নাকচ কৰে। লগতে তেওঁক অতি সোনকালে তিহাৰ জেললৈ উভতি যাবলৈ নিৰ্দেশ দিয়া হয় ।

উল্লেখ্য যে ইডিয়ে ২০২২ চনত আৰ্থিক জালিয়াতিৰ গোচৰত সত্যেন্দ্ৰ জৈনক গ্ৰেপ্তাৰ কৰিছিল। অভিযোগ অনুসৰি মন্ত্ৰী হিচাপে থকা সময়ছোৱাত ক্ষমতাৰ অপব্যৱহাৰ কৰি জৈনে অবৈধ ধনেৰে মাটি ক্ৰয় কৰিছিল।

তিহাৰ কাৰাগাৰত বন্দী হৈ অসুস্থ হৈ পৰে দিল্লীৰ প্ৰাক্তন মন্ত্ৰীগৰাকী। যোৱা বছৰ মে’ মাহত তেওঁ চেতনা হেৰুৱাই কাৰাগাৰৰ শৌচাগাৰত পৰি যায়। ইয়াৰ পিছত আদালতত সত্যেন্দ্ৰৰ অসুস্থতাৰ কাৰণ উল্লেখ কৰি তেওঁৰ অধিবক্তাই জামিনৰ বাবে আবেদন জনায়। আদালতেও এই আবেদন মঞ্জুৰ কৰে।

লগতে পঢ়কঃ এইবাৰৰ নিৰ্বাচন আটাইতকৈ দীঘলীয়া; এক দেশ এক নিৰ্বাচন বিচৰাসকলে কথাটো মন কৰিছেনে?

কিন্তু দীৰ্ঘদিন জামিনত মুক্ত হৈ থকাৰ পিছত আদালতৰ নিৰ্দেশত এইবাৰ পুনৰ জেললৈ উভতিবলগীয়া হৈছে দিল্লীৰ প্ৰাক্তন মন্ত্ৰীগৰাকী। 

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd