• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ঋষিকেশ বনাঞ্চল বেদখলক লৈ উত্তৰাখণ্ড চৰকাৰক উচ্চতম ন্যায়ালয়ৰ তীব্ৰ সমালোচনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 7, 2026 11:01 am
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰাখণ্ড চৰকাৰক তীব্ৰ সমালোচনা কৰি উচ্চতম ন্যায়ালয়ে ঋষিকেশৰ বনাঞ্চলৰ মাটিত বৃহৎ পৰিসৰত হোৱা অবৈধ বেদখলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। আদালতে ৰাজ্য চৰকাৰক অহা দুসপ্তাহৰ ভিতৰত এই সন্দৰ্ভত এক সম্পূৰ্ণ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মল্য বাগচীৰ বিচাৰপীঠে পৰিস্থিতিটোক অত্যন্ত চিন্তনীয় বুলি অভিহিত কৰি মন্তব্য কৰে যে ৰাজ্যিক প্ৰশাসনৰ সহযোগিতা আৰু ৰাজনৈতিক সমৰ্থন অবিহনে এনে বৃহৎ পৰিসৰৰ বেদখল কেতিয়াও সম্ভৱ নহয়।

Apply Now

আদালতে কৰ্তৃপক্ষৰ পৰা সকলো বেদখলকাৰীৰ সবিশেষ তথ্য দাবী কৰিছে। বেদখলকাৰীসকলে প্ৰশাসনৰ পৰা কিবা সুৰক্ষা লাভ কৰিছে নেকি, সেয়া পৰীক্ষা কৰিবলৈ তেওঁলোকৰ পৰিচয় পত্ৰও বিচাৰিছে। ইয়াৰ উপৰিও বেদখল হোৱা অঞ্চলৰ মানচিত্ৰ, মাটিৰ জোখ-মাপ আৰু সীমাৰ বিতং বিৱৰণ আৰু সেই মাটিত নিৰ্মাণ কৰা অবৈধ অট্টালিকাসমূহৰ বিতং তথ্য বিচাৰিছে আদালতে। উত্তৰাখণ্ড চৰকাৰে ২০২৬ চনৰ ২১ জানুৱাৰীৰ ভিতৰত এই সন্দৰ্ভত এক বিশদ শপতনামা দাখিল কৰিব লাগিব।

এই বিতৰ্কৰ মূলতে আছে ১৯৫০ চনত ‘পশুলোক সেৱা সমিতি‘ক ভূমিহীন পৰিয়ালৰ বাবে লিজত দিয়া প্ৰায় ২,৮৬৬ একৰ ভূমি। ১৯৮৪ চনত এই লিজৰ ম্যাদ শেষ হোৱাৰ পিছত মাটিখিনি ৰাজ্য চৰকাৰৰ অধীনলৈ ঘূৰি আহিব লাগিছিল, কিন্তু ব্যক্তিগত দখল দশক দশক ধৰি চলি থাকিল। ২০২৫ চনত এগৰাকী মহিলাই তেওঁক কৰা উচ্ছেদক প্ৰত্যাহ্বান জনাইছিল যদিও উচ্চ ন্যায়ালয়ে চৰকাৰী উচ্ছেদৰ সিদ্ধান্তক সমৰ্থন কৰে। তাৰ পাছতে গোচৰটোৱে উচ্চতম ন্যায়ালয়ৰ মজিয়া পায়গৈ।

বিচাৰপীঠে লক্ষ্য কৰে যে ২০০০ চনৰ পৰা ২০২৩ চনলৈকে ৰাজ্য চৰকাৰ একপ্ৰকাৰ “নিদ্ৰামগ্ন” হৈ আছিল। কেৱল আদালতৰ হেঁচাৰ পিছতহে চৰকাৰে কাম আৰম্ভ কৰিছে। ২০০০ চনত উত্তৰাখণ্ডত গঠন হোৱাৰ পিছত চৰকাৰক নিজৰ মাটি পুনৰ উদ্ধাৰ কৰিবলৈ আদালতৰ আদেশৰ প্ৰয়োজন কিয় হ’ল, তাক লৈও বিচাৰপীঠে প্ৰশ্ন উত্থাপন কৰে।

উল্লেখ্য যে ২০২৫ চনৰ ২২ ডিচেম্বৰত আদালতে উক্ত মাটিত সকলো ধৰণৰ নতুন নিৰ্মাণত নিষেধাজ্ঞা আৰোপ কৰি খালী ভূমিখিনি চৰকাৰীভাৱে অধিগ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd