• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ে কয়, ‘আপোনালোকে যদি কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে, আমি কৰিম।’

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 13, 2026 8:39 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ে উচ্চ মাত্ৰাৰ চেনি, নিমখ আৰু চৰ্বি থকা খাদ্যৰ পেকেটত সতৰ্কবাণী লেবেল লগোৱাৰ নিৰ্দেশ দিছিল। কিন্তু সেই পথ অনুসৰণ কৰাৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণে (এফ এছ এছ এ আই) এটা ওলোটা প্ৰস্তাৱ দাখিল কৰে। এইবাৰ উচ্চতম ন্যায়ালয়ে ইয়াকে লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।

আদালতে কেন্দ্ৰ আৰু এফ এছ এছ এ আইক কয় যে এই গোচৰত পূৰ্বে যি কোৱা হৈছিল সেয়া কোনো সাধাৰণ পৰ্যবেক্ষণ নহয়। বৰঞ্চ ই আছিল এক কঠোৰ আদেশ। ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ে কয়, ‘আপোনালোকে যদি কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে, আমি কৰিম।’

Apply Now

ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰনৰ বিভাগীয় বিচাৰপীঠে এই প্ৰশ্ন উত্থাপন কৰে যে, কোনো কৰ্পৰেট সংস্থাৰ হেঁচাত পৰি সংশ্লিষ্ট কৰ্তৃপক্ষই উচ্চতম ন্যায়ালয়ৰ প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ পথ অনুসৰণ কৰা নাই নেকি? উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে সমগ্ৰ বিষয়টো দেশৰ সাধাৰণ নাগৰিক বিশেষকৈ ভৱিষ্যত প্ৰজন্মৰ শিশুসকলৰ স্বাস্থ্যৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। গতিকে কোম্পানী এটাৰ বাণিজ্যিক লাভৰ স্বাৰ্থত কোটি কোটি মানুহৰ স্বাস্থ্য বিপদত পেলাব নোৱাৰি।

বৃহস্পতিবাৰে কেন্দ্ৰ আৰু এফ এছ এছ এ আইয়ে প্ৰস্তাৱ দিছিল যে পেকেটত কোনো ধৰণৰ ‘সতৰ্ক বাৰ্তা’ বা ৱাৰ্ণিং লেবেল লিখাৰ পৰিৱৰ্তে এজন ব্যক্তিয়ে এদিনত সৰ্বাধিক পৰিমাণৰ চেনি (২৫ গ্ৰাম), চেচুৰেটেড ফেট (১০ গ্ৰাম) বা নিমখ (৫ গ্ৰাম) সেৱন কৰিব পৰাকৈ ছবিৰ জৰিয়তে লিখি দিব পাৰে।

এফ এছ এছ এ আইৰ হৈ যুক্তি দি কেন্দ্ৰৰ অতিৰিক্ত চলিচিটৰ জেনেৰেল ব্রিজেন্দৰ মণিন্দৰ সিঙে কয় যে খাদ্য উৎপাদনকাৰী কোম্পানীসমূহে পেকেটসমূহত সতৰ্কবাণী দিয়াৰ বিৰোধিতা কৰিছে। তেওঁলোকে দাবী কৰে যে ইয়াৰ ফলত গ্ৰাহকৰ মনত ভয়ৰ সৃষ্টি হ’ব পাৰে।

ইয়াৰ উত্তৰত আবেদনকাৰী ‘৩এছ এণ্ড আৱাৰ হেল্থ ছ’চাইটি’ৰ হৈ হাজিৰ হৈ অধিবক্তা ৰাজীৱ শংকৰ দ্বিবেদীয়ে কয় যে কেৱল পেকেটত পুষ্টি সম্পৰ্কীয় কিছু গাণিতিক সংখ্যা লিখিলেই সাধাৰণ মানুহৰ কোনো লাভ নহয়। কোনো খাদ্যৰ পুষ্টিকৰ মূল্যৰ বিষয়ে কিছুমান সংখ্যা চাই সকলো মানুহেই বিচাৰ কৰাটো সম্ভৱ নহয়। যদি পেকেটৰ সন্মুখত ৰঙা-সেউজীয়া ৰং বা স্পষ্ট ‘সতৰ্কবাণী’ থাকে, তেন্তে বজাৰ কৰোতে খাদ্যখিনি স্বাস্থ্যকৰ নে অস্বাস্থ্যকৰ সেইটো সাধাৰণ মানুহে এবাৰতে বুজিব পাৰে।

কেন্দ্ৰই ওলোটা যুক্তিও দিয়ে। কোৱা হয় যে বিদেশী খাদ্য আৰু ভাৰতীয় খাদ্যৰ মাজত পাৰ্থক্য আছে। ভাৰতীয় খাদ্য সাধাৰণতে অধিক মচলাযুক্ত হয়, গতিকে ভাৰতৰ ওপৰত কঠোৰ বিদেশী নিয়ম-নীতি জাপি দিয়াটো সঠিক নহয়।

ইয়াৰ পৰিপ্ৰেক্ষিতত আদালতে প্ৰশ্ন কৰে যে তেনেহ’লে এই দেশৰ জনসাধাৰণে গোটেই জীৱন অস্বাস্থ্যকৰ খাদ্যF খাবনে? ভাৰত সদায় পিছ পৰি থাকিবনে?

ন্যায়াধীশ পাৰ্দিৱালাই কয়, ‘আমাৰ দেশৰ কিমান শিশুৱে প্ৰতিদিনে কাজু বা শুকান ফল খাব পাৰে? আৰু কিমান ল’ৰা-ছোৱালীয়ে পেকেটত ভৰোৱা চিপচ আৰু স্নেকছ কিনি খায়? এইটোৱেই সমস্যা।’ উচ্চতম ন্যায়ালয়ে FSSAIক নিজৰ প্ৰস্তাৱ পুনৰ বিবেচনা কৰিবলৈ ২ সপ্তাহৰ সময় দিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

August 13, 2026 8:39 pm
ভাড়া ১০, ২০, ৩০ টকা বঢ়াই ৰাইড বুকিং বন্ধ; অ’লা, উবেৰ, ৰেপিডোৰ দৰে কেব কোম্পানীক নিৰ্দেশ কেন্দ্ৰৰ

ভাড়া ১০, ২০, ৩০ টকা বঢ়াই ৰাইড বুকিং বন্ধ; অ’লা, উবেৰ, ৰেপিডোৰ দৰে কেব কোম্পানীক নিৰ্দেশ কেন্দ্ৰৰ

August 13, 2026 7:16 pm
যোৱা ১২ বছৰত ১০ লাখ কোটি টকাৰ বৃহৎ কৰ্পৰেট ঋণ বন্ধ কৰি দিছে মোডী চৰকাৰে

যোৱা ১২ বছৰত ১০ লাখ কোটি টকাৰ বৃহৎ কৰ্পৰেট ঋণ বন্ধ কৰি দিছে মোডী চৰকাৰে

August 13, 2026 6:23 pm
লিকাবালিৰ সমীপত অসম-অৰুণাচল সীমান্তত উত্তেজনা; শিলগুটি নিক্ষেপ, আৰক্ষীৰ গুলী

লিকাবালিৰ সমীপত অসম-অৰুণাচল সীমান্তত উত্তেজনা; শিলগুটি নিক্ষেপ, আৰক্ষীৰ গুলী

August 13, 2026 5:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

August 13, 2026 8:39 pm
ভাড়া ১০, ২০, ৩০ টকা বঢ়াই ৰাইড বুকিং বন্ধ; অ’লা, উবেৰ, ৰেপিডোৰ দৰে কেব কোম্পানীক নিৰ্দেশ কেন্দ্ৰৰ

ভাড়া ১০, ২০, ৩০ টকা বঢ়াই ৰাইড বুকিং বন্ধ; অ’লা, উবেৰ, ৰেপিডোৰ দৰে কেব কোম্পানীক নিৰ্দেশ কেন্দ্ৰৰ

August 13, 2026 7:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd