• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘পতঞ্জলি’ৰ বিজ্ঞাপনত বিভ্ৰান্তিকৰ প্ৰচাৰ; ৰামদেৱক সোঁশৰীৰে হাজিৰ হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 19, 2024 2:35 pm
400
VIEWS
Share on FacebookShare on Twitter

বিভ্ৰান্তিকৰ বিজ্ঞাপন দিয়াৰ ‘পতঞ্জলি’ৰ বিৰুদ্ধে অভিযোগ উঠে। তাক লৈ আদালত অৱমাননাৰ জাননী দিয়াৰ পিছতো সেই সন্দৰ্ভত মৌনতা অৱলম্বন কৰিছে। এইবাৰ উচ্চতম ন্যায়ালয়ে যোগগুৰু ৰামদেৱক চমন জাৰি কৰিছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিমা কোহলী আৰু এহছানুদ্দিন আমানুল্লাহৰ বিচাৰপীঠে ৰামদেৱক সোঁশৰীৰে হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে। পতঞ্জলিৰ পৰিচালন সঞ্চালক আচাৰ্য বালকৃষ্ণকো হাজিৰ হ’বলৈ কোৱা হৈছে।

ইয়াৰ পূৰ্বে যোৱা মাহত আদালতে তীব্ৰ ভর্ৎসনা কৰিছিল ‘পতঞ্জলি’ক। তেওঁলোকৰ সামগ্ৰী সন্দৰ্ভত আদালতত দাখিল কৰা তথ্য আৰু তেওঁলোকৰ সামগ্ৰীৰ ঔষধি কাৰ্যকাৰিতা সম্পৰ্কে দিয়া বক্তব্যৰ বাবে তেওঁলোকক তীব্ৰ ভর্ৎসনা কৰা হৈছিল। বালকৃষ্ণক জাননী প্ৰেৰণ কৰা হয় যে তেওঁলোকৰ বিৰুদ্ধে আদালত অৱমাননাৰ কোনো ব্যৱস্থা কিয় লোৱা নহ’ব। জাননী ৰামদেৱলৈও যায়।

কিন্তু তাৰ পিছতো আদালতত ‘পতঞ্জলি’ৰ কোনো শপতনামা দিয়া নহ’ল। অৱশ্যে উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশৰ পিছতে সংবাদমেল অনুষ্ঠিত কৰে। সেয়েহে আদালতত উত্তৰ কিয় দিয়া নহ’ল সেই প্ৰশ্ন উত্থাপন কৰে আদালতে।

লগতে পঢ়কঃ বায়ুসেনাৰ হেলিকপ্টাৰ ব্যৱহাৰ কৰি মোডীৰ নিৰ্বাচনী প্ৰচাৰ! নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ তৃণমূলৰ

ন্যায়াধীশসকলে প্ৰশ্ন কৰে, “এতিয়ালৈকে কোনো সঁহাৰি কিয় নাই? আদালতৰ পৰৱৰ্তী শুনানিত পৰিচালন সঞ্চালক উপস্থিত থাকিব লাগে।”

যোৱা ২৭ ফেব্ৰুৱাৰীত ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে (আই এম এ) দাখিল কৰা গোচৰৰ শুনানি গ্ৰহণ কৰি আদালতে এই নিৰ্দেশ দিছিল। বিপথে পৰিচালিত বিজ্ঞাপন প্ৰচাৰৰ বাবে ‘পতঞ্জলি’ৰ বিৰুদ্ধে আই এম এয়ে গোচৰ তৰিছিল। আদালতে কয় যে পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে ‘পতঞ্জলি’ আয়ুৰ্বেদে কোনো সামগ্ৰীৰ বিজ্ঞাপন দিব নোৱাৰিব। বজাৰত বিক্ৰী হোৱা কোনো ঔষধৰ বিৰুদ্ধে ‘পতঞ্জলি’য়ে কোনো মন্তব্য দিব নোৱাৰে বুলিও জনোৱা হয়।

আদালতে জাৰি কৰা জাননীখনত ৰামদেৱ আৰু বালকৃষ্ণ দুয়োজনেই ঔষধ আৰু নিৰাময় আইনৰ ৩ আৰু ৪ নং ধাৰা উলংঘা কৰা বুলি উল্লেখ কৰিছে, য’ত ঔষধৰ বিষয়ে বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ ব্যৱস্থাৱলী আছে।

লগতে পঢ়কঃ বিজেপিৰ টিকট নাপাই বিদ্ৰোহ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ; আন দলৰ সৈতে চলিছে কথা!

আদালতে জানিব বিচাৰিছে যে পতঞ্জলিৰ সহ-প্ৰতিষ্ঠাপক ৰামদেৱৰ বিৰুদ্ধে কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ব। ‘পতঞ্জলি’ৰ হৈ আদালতত যুক্তি দিছিল মুকুল ৰোহাটগীয়ে। তেওঁ প্ৰশ্ন উত্থাপন কৰে যে ৰামদেৱক কিয় টানি অনা হৈছে। ইয়াৰ উত্তৰত আদালতে কয় যে প্ৰথমে তেওঁ আদালতত হাজিৰ হ’ব লাগিব। ইয়াৰ পিছত বাকী কথা দেখা যাব।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd