• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গোটা আৱৰ্জনা ব্যৱস্থাপনা কেৱল চাফাই কৰ্মীৰ দায়িত্ব নহয়, নিয়ম নামানিলে কাটিব পানী-বিদ্যুৎ সংযোগ: উচ্চতম ন্যায়ালয়

গোটা আৱৰ্জনা বা কঠিন বৰ্জ্য পদাৰ্থৰ ব্যৱস্থাপনাক লৈ দেশজুৰি সজাগতা বৃদ্ধি কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। এই দায়িত্ব কেৱলমাত্ৰ চাফাই কৰ্মীসকলৰ ওপৰতে এৰি দিলে নহ'ব, বৰঞ্চ প্ৰতিগৰাকী নাগৰিকৰে ইয়াত সমান দায়িত্ব আছে। শেহতীয়াকৈ এক গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 20, 2026 3:28 pm
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোটা আৱৰ্জনা বা কঠিন বৰ্জ্য পদাৰ্থৰ ব্যৱস্থাপনাক লৈ দেশজুৰি সজাগতা বৃদ্ধি কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। এই দায়িত্ব কেৱলমাত্ৰ চাফাই কৰ্মীসকলৰ ওপৰতে এৰি দিলে নহ’ব, বৰঞ্চ প্ৰতিগৰাকী নাগৰিকৰে ইয়াত সমান দায়িত্ব আছে। শেহতীয়াকৈ এক গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। দেশজুৰি গোটা আৱৰ্জনা ব্যৱস্থাপনা আইন কঠোৰভাৱে প্ৰয়োগ কৰা আৰু এই আইন উলংঘা কৰোঁতাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাত শীৰ্ষ আদালতখনে বিশেষ গুৰুত্ব আৰোপ কৰিছে।

 

Apply Now

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এছ ভি এন ভাট্টি আৰু ন্যায়াধীশ এন ভি অঞ্জৰিয়াৰ খণ্ড বিচাৰপীঠত গোটা আৱৰ্জনা ব্যৱস্থাপনা সম্পৰ্কীয় এটা গোচৰৰ শুনানি গ্ৰহণ কৰা হৈছিল। বিচাৰপীঠখনে স্পষ্টকৈ কয় যে যিবোৰ স্থানৰ পৰা বৃহৎ পৰিমাণৰ আৱৰ্জনা ওলায়, সেই স্থানসমূহক নিৰ্দিষ্টভাৱে চিনাক্ত কৰি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। এই প্ৰসংগত শপিং মল, ৰেষ্টুৰেণ্ট, হোটেল, বৃহৎ আৱাসিক প্ৰকল্প, চিকিৎসালয় আৰু বাণিজ্যিক ভৱনসমূহৰ কথা বিশেষভাৱে উল্লেখ কৰা হৈছে। আদালতে কঠোৰ নিৰ্দেশ দিছে যে যদি এইধৰণৰ প্ৰতিষ্ঠানসমূহৰ পৰা বৃহৎ পৰিমাণৰ আৱৰ্জনা নিৰ্গত হোৱাৰ পাছতো তেওঁলোকে ব্যৱস্থাপনাৰ নিয়ম মানি চলা নাই, তেন্তে মাত্ৰ ছসপ্তাহৰ ভিতৰত তেওঁলোকক চিনাক্ত কৰি পানী আৰু বিদ্যুতৰ সংযোগ কৰ্তন কৰিব লাগিব। আৱৰ্জনাবোৰ পৃথককৈ জমা কৰি সঠিক প্ৰক্ৰিয়াৰে আৰু আইন মানি যাতে ব্যৱস্থাপনা কৰা হয়, তাৰ ওপৰত আদালতে সৰ্বাধিক গুৰুত্ব দিছে।

 

উল্লেখ্য যে, ভূপাল পৌৰ নিগমৰ গোটা আৱৰ্জনা ব্যৱস্থাপনা সম্পৰ্কীয় এক গোচৰৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশ দিছে। প্ৰথমে এই গোচৰটো ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণত চলি আছিল। এন জি টিৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই ভূপাল পৌৰ নিগমে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। আদালতে আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত ডিজিটেল নিৰীক্ষণ ব্যৱস্থা প্ৰয়োগ কৰিবলৈকো পৰামৰ্শ দিছে।

 

ইয়াৰ উপৰিও, উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিযুক্ত নিৰীক্ষণ কমিটীক প্ৰতিখন ৰাজ্যৰ মুখ্য সচিবৰ জৰিয়তে জিলা উপায়ুক্তসকললৈ এই বাৰ্তা প্ৰেৰণ কৰিবলৈ কোৱা হৈছে যাতে বৃহৎ পৰিমাণৰ আৱৰ্জনা সৃষ্টিকাৰীসকলক অনতিপলমে চিনাক্ত কৰি তেওঁলোকক নিয়ম মানি চলিবলৈ সতৰ্ক কৰি দিয়া হয়। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ বিদ্যালয় আৰু উচ্চ শিক্ষা বিভাগকো আৱৰ্জনা ব্যৱস্থাপনাৰ পাঠ্যক্ৰম আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবলৈ আদালতে নিৰ্দেশ দিছে। শিক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰি প্ৰশিক্ষণপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীৰ জৰিয়তে সমাজত সজাগতা বঢ়োৱাৰ কাম কৰিবলৈ শীৰ্ষ আদালতে আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am
ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

September 11, 2026 9:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd