• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ৱাৰ্নাৰ পাৰ্কত সূৰ্যৰ তাণ্ডৱ: তৃতীয় টি-২০ত জয়েৰে শৃংখলাত অগ্ৰগতি ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2022 8:55 am
India vs West Indies
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দ্বিতীয় মেচত শোচনীয় পৰাজয়ৰ পিছত পুনৰ জয়ৰ ট্ৰেকলৈ উভটিছে ভাৰতীয় ক্ৰিকেট দল। মঙ্গলবাৰে বাচেটেৰেৰ ৱাৰ্ণাৰ পাৰ্কত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলিত টি-২০ শৃংখলাৰ তৃতীয়খন মেচত ৭ উইকেটত সহজ বিজয় সাব্যস্ত কৰি পুনৰ অগ্ৰগতি লাভ কৰিছে ভাৰতে।

মেচখনত ভাৰতৰ অন্যতম জয়ৰ নায়ক হৈ পৰে সূৰ্যকুমাৰ যাদৱ। দলৰ অপেনাৰৰ দৰে নতুন দায়িত্ব লৈ প্ৰথম দুখন মেচত ব্যৰ্থ হ’লেও মঙ্গলবাৰে পুনৰ নিজৰ স্বভাৱসিদ্ধ প্ৰদৰ্শনেৰে উজ্জ্বলি উঠিল ভাৰতীয় দলৰ নিৰ্ভৰযোগ্য তাৰকাত পৰিণত হোৱা খেলুৱৈগৰাকী।

Apply Now

১৬৫ ৰানৰ জয়ৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে যাদৱৰ মাৰমুখী বেটিঙৰ সহায়ত সহজেই লক্ষ্য অতিক্ৰম কৰে। আৰম্ভণিৰে পৰাই আক্ৰমণাত্মক শৈলীৰে ইনিংছ আৰম্ভ কৰা যাদৱে মাত্ৰ ৪৪ টা বলত ৪ টা ছয় আৰু ৮ টা চাৰিৰে ৭৬ ৰান সংগ্ৰহ কৰি ভাৰতৰ জয় সহজ কৰি তোলে।

যাদৱৰ উপৰি পণ্টে ৩৩ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে। গুৰুত্বপূৰ্ণ ২৪ ৰানৰ অৱদান আগবঢ়ায় শ্ৰেয়স আয়াৰে। ৰবীন্দ্ৰ জাদেজাৰ স্থানত মূল একাদশত অন্তৰ্ভুক্ত হোৱা দীপক হুডা ৭ ৰানত অপৰাজিত থাকে। ব্যৰ্থ হয় হাৰ্দিক পাণ্ডিয়া (৪)।

আনহাতে আঘাতৰ বাবে ব্যক্তিগত ১১ ৰানৰ স্ক’ৰত ক্ৰীজ এৰে অধিনায়ক ৰোহিত শৰ্মাই। ৰোহিত শৰ্মাই ক্ৰীজ এৰাৰ কিছু সময় পিছতে বিচিচিআই- এ এক টুইটযোগে তেওঁৰ আঘাতৰ কথা নিশ্চিত কৰে। অৱশ্যে খেলুৱৈগৰাকীৰ আঘাত সামান্য নে গুৰুতৰ, সেই বিষয়ে এতিয়ালৈকে জানিব পৰা হোৱা নাই।

ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰি ৱেষ্ট ইণ্ডিজে অপেনাৰ কাইল মেয়াৰ্ছৰ ৭৩ ৰানৰ দৰ্শনীয় ইনিংছৰ সহায়েৰে পাঁচ উইকেটত ১৬৪ ৰাণ সংগ্ৰহ কৰিছিল। মেয়াৰ্ছে আনগৰাকী অপেনাৰ ব্ৰেণ্ডন কিঙ (২০) ৰ সৈতে প্ৰথম উইকেটত ৫৭ ৰানৰ যুটি বান্ধি দলক এক শক্তিশালী আৰম্ভণি প্ৰদান কৰে।

কিঙৰ উইকেট পতনৰ পিছত ক্ৰীজলৈ অহা অধিনায়ক নিকোলাছ পুৰানে ২২ ৰানৰ অবদান আগবঢ়াই ভুৱনেশ্বৰ কুমাৰৰ চিকাৰ হয়। শেষলৈ ৰ’ভমেন পাৱেল (২৩) আৰু ছিমৰন হেটমেয়াৰে (২০) কিছু আক্ৰমণাত্মক বেটিঙেৰে দলৰ স্ক’ৰ ১৬৪ লৈ লৈ যায়।

ভাৰতৰ হৈ ভুৱনেশ্বৰ কুমাৰে ৩৫ ৰানত দুটা উইকেট লাভ কৰাৰ বিপৰীতে হাৰ্দিক পাণ্ডিয়াই মিতব্যয়ী বলিঙেৰে ১৯ ৰানত এটা উইকেট দখল কৰে। উদীয়মান পেচাৰ অৰ্শদ্বীপৰ হাতলৈ যায় আন এটা উইকেট।

এই জয়েৰে শৃংখলাত ২-১ ব্যৱধানত অগ্ৰগতি লাভ কৰে ভাৰতে। শৃংখলাৰ চতুৰ্থখন মেচ অহা ৬ আগষ্টত চেণ্ট্ৰেল ব্ৰাৱাৰ্ড ৰিজিঅ’নেল পাৰ্ক ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

September 6, 2026 7:14 pm
মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

September 6, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd