DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জাগুনত আলফা স্বাধীনে অপহৰণ কৰিলে শিলভঙা উদ্যোগৰ মেনেজাৰক

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
November 19, 2018 9:06 pm
Apurba Kakati

অপহৃত অপূৰ্ব কাকতী। ফাইল ফটো।

348
VIEWS
Share on FacebookShare on Twitter

আলফা স্বাধীনত বহু সংখ্যক নতুন যুৱক-যুৱতী যোগদানৰ বাতৰিয়ে অসম তোলপাৰ লগাই থকাৰ সময়তে আজি তিনিচুকীয়া জিলাৰ জাগুনৰ পৰা এজন লোকক আলফা স্বাধীনে অপহৰণ কৰা বুলি সন্দেহ কৰা হৈছে।

আৰক্ষীয়ে এই পৰ্য্যন্ত ঘটনাটোত জড়িত পক্ষটো নিশ্চিত কৰা নাই যদিও আঁৰত আলফা (স্বাঃ)ই থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে।

ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীৰ সূত্ৰই কয় যে আজি সন্ধ্যা ৫:৩০ বজাত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুনৰ এটা শিলভঙা উদ্যোগৰ মেনেজাৰ অপূৰ্ব কাকতীক(৩০) ৩ জনীয় সন্দেহযুক্ত আলফা স্বাধীনৰ দলে অপহৰণ কৰি লৈ যায়।

এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়াও কাকো গ্ৰেপ্তাৰ কৰা নাই বা অপহৰণকাৰীৰ শুংসূত্ৰ পোৱা নাই।

স্থানীয় লোকে জনোৱামতে, জাগুনৰ ১০ মাইলস্থিত এই শিলভঙা উদ্যোগটো ডিগবৈ ৰামনগৰ নিৱাসী ব্যৱসায়ী বিজয় বৰাৰ। উদ্যোগটোলৈ আজি সন্ধিয়াৰ ভাগত ৩জনীয় সশস্ত্ৰ দলৰ আগমন ঘটে। সন্দেহযুক্ত আলফা (স্বাঃ) উগ্ৰপন্থী দলটোৱে সেই সময়ত কৰ্তব্যত থকা ডিগবৈৰ ৰামনগৰ নিৱাসী অপূৰ্ব কাকতী(৩০)ক অপহৰণ কৰি লৈ যায়।

ঘটনাটোৰ পাছতেই উদ্যোগটোৰ কৰ্মচাৰীয়ে জাগুন আৰক্ষীক খবৰ দিয়ে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে।

আন এটা অনিৰ্ভৰযোগ্য সূত্ৰই জানিবলৈ দিয়া মতে শিলভঙা উদ্যোগটোৰ মালিক বিজয় বৰাক সন্দেহযুক্ত আলফা স্বাধীনে ধন দাবী কৰিছিল। কিন্তু দাবী কৰা ধন নিদিয়াৰ বাবেই কৰ্মচাৰীক অপহৰণ কৰিলে।

উল্লেখযোগ্য যে এই বছৰটোৰ ভিতৰতে ইতিপূৰ্বে জাগুনৰ দুজনকৈ ব্যৱসায়ীৰ কৰ্মচাৰী আৰু এজনৰ পুত্ৰক আলফা স্বাধীনে অপহৰণ কৰিছিল।

স্থানীয় লোকৰ মতে, পৰৱৰ্তী সময়ত এই অপহৃত লোকসকলক বৃহৎ পৰিমাণৰ ধনৰ বিনিময় আলফা স্বাধীনে মুকলি কৰি দিছিল।

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd