• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গেৰুৱা হ’ল পশ্চিমবংগ! মোডী-শ্বাহৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে শুভেন্দু অধিকাৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 9, 2026 1:30 pm
50
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সকলো জল্পনা-কল্পনাৰ অন্ত পৰিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি শাসিত ৰাজ্যৰ বহুকেইজন মুখ্যমন্ত্ৰীৰ উপস্থিতিত ব্ৰিগেডত ইতিহাস ৰচনা কৰিলে বিজেপিয়ে। শুভেন্দু অধিকাৰীয়ে পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে। ৪ মে’ত ফলাফল ঘোষণা হোৱাৰ পিছৰে পৰা ৰাজ্যৰ ৰাজনীতিত প্ৰত্যাশিতভাৱেই দিল্লীৰ আশীৰ্বাদ পালে শুভেন্দুৱে।

শনিবাৰে তেওঁৰ মন্ত্ৰীসভাৰ প্ৰথম পাঁচজন সদস্যই শুভেন্দু অধিকাৰীৰ সৈতে শপত গ্ৰহণ কৰে। তেওঁলোক হৈছে, খড়গপুৰ সদৰৰ পৰা বিজয়ী বিধায়ক দিলীপ ঘোষ। তেওঁ শুভেন্দুৰ পিছত শপত লোৱা দ্বিতীয়জন ব্যক্তি। ইয়াৰ পিছত অগ্নিমিত্ৰ পাল। আছানছল দক্ষিণৰ পৰা বিজয়ী হৈ বিধানসভালৈ অহা অগ্নিমিত্ৰই আজি কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

Apply Now

ইয়াৰ বাহিৰেও তাত আছিল বনগাঁও উত্তৰৰ বিধায়ক অশোক কীৰ্তনীয়া। মন্ত্ৰীসভাত মতুৱা গড়ৰ পৰা ডাঙৰ প্ৰতিনিধিত্ব। বাংকুৰাৰ ৰাণীবান্ধৰ পৰা জনজাতীয় মুখ বিধায়ক খুদিৰাম টুডুৱে মন্ত্ৰীসভাত স্থান পালে। শেষত আছিল নিশিথ প্ৰমানিক। কোচবিহাৰৰ মাথাভংগাৰ পৰা জয়লাভ কৰি পোনপটীয়াকৈ মন্ত্ৰীসভাত স্থান পাইছে নিশিথে।

অৱশ্যে এই প্ৰথম দিনাৰ শপত গ্ৰহণত কোনো নিৰ্দিষ্ট বিভাগ কাকো বিতৰণ কৰা নহ’ল। নবান্নত অনুষ্ঠিত হোৱা প্ৰথমখন কেবিনেট বৈঠকৰ পিছত কোনে কোনটো দপ্তৰ লাভ কৰিব সেয়া স্পষ্ট হ’ব।

শুকুৰবাৰে বিজেপিৰ বিধায়িনী দলৰ বৈঠকৰ অন্তত স্বয়ং গৃহমন্ত্ৰী অমিত শ্বাহে স্পষ্ট কৰি দিয়ে যে শুভেন্দু কিয় প্ৰথম পছন্দ। শ্বাহে কয় যে বিধায়িনী দলৰ নেতা নিৰ্বাচনত বাৰে বাৰে মাত্ৰ এটা নামহে ওলাই আহিছে। সেই নাম শুভেন্দু অধিকাৰী। কোনেও দ্বিতীয় নাম প্ৰস্তাৱ কৰা নাই। প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে নিৰ্বাচনৰ পূৰ্বে আশ্বাস দিছিল যে পশ্চিমবংগৰ এজন স্থানীয় লোক আৰু বাংলা মাধ্যমত অধ্যয়ন কৰা কোনোবা এজনক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হ’ব। সেই প্ৰতিশ্ৰুতি পালন কৰি দিল্লীয়ে মেদিনীপুৰৰ ভূমিপুত্ৰৰ হাতত শাসনভাৰ গতাই দিলে।

শুভেন্দু অধিকাৰীয়ে একেলগে দুটা হেভিৱেট সমষ্টি নন্দীগ্ৰাম আৰু ভৱানীপুৰৰ পৰা জয়লাভ কৰি ইতিহাস ৰচনা কৰিছে। আজিৰ শপত গ্ৰহণ অনুষ্ঠানে পুনৰবাৰ প্ৰমাণ কৰিলে যে দলৰ ভিতৰত তেওঁৰ আধিপত্য নিঃসন্দেহে প্ৰশ্নাতীত। ২০৭খন আসন লৈ ক্ষমতালৈ অহা বিজেপিৰ প্ৰধান সেনাপতিগৰাকী এতিয়া মছনদত।

অৱশ্যে এই উন্মাদনাৰ মাজতে এটা অনুপস্থিতিয়ে চকু কপালত তুলিছে। উত্তৰ বংগৰ বিজেপিৰ অন্যতম মুখ তথা শিলিগুৰিৰ বিধায়ক শংকৰ ঘোষ মন্ত্ৰীসভাৰ প্ৰথম তালিকাত নাই। কিন্তু ৰাজনৈতিক মহলৰ এটা অংশৰ মতে উত্তৰ বংগত কেবিনেটৰ পৰৱৰ্তী সম্প্ৰসাৰণত অধিক প্ৰতিনিধিত্ব দেখা যাব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

July 14, 2026 9:35 pm
বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

July 14, 2026 9:01 pm
মহাকাশ অভিমুখে ভাৰতীয় মূলৰ মহাকাশচাৰী অনিল মেনন, আৰম্ভ হ’ল আঠ মহীয়া দীঘলীয়া অভিযান

মহাকাশ অভিমুখে ভাৰতীয় মূলৰ মহাকাশচাৰী অনিল মেনন, আৰম্ভ হ’ল আঠ মহীয়া দীঘলীয়া অভিযান

July 14, 2026 8:41 pm
ৰাম মন্দিৰৰ দৰে গুজৰাটৰ অম্বাজী মন্দিৰতো চুৰি : বৰঙণিৰ ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি কৰ্মচাৰী

ৰাম মন্দিৰৰ দৰে গুজৰাটৰ অম্বাজী মন্দিৰতো চুৰি : বৰঙণিৰ ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি কৰ্মচাৰী

July 14, 2026 8:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

July 14, 2026 9:35 pm
বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

July 14, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd