DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম ক্ৰিকেটত অমানিশা! ক্ৰমে ছন্দপতনৰ দিশে অসমৰ ক্ৰিকেটাৰ  

ছৈয়দ মুস্তাক আলী ট্ৰফী টি-টুৱেণ্টিত কৰ্নাটকৰ বিৰুদ্ধে ১৫ ৰানত পৰাস্ত অসম

এন ই নাও নিউজ by এন ই নাও নিউজ
February 22, 2019 11:33 am
ranji-team

প্ৰতিনিধিত্বমূলক চিত্ৰ

510
VIEWS
Share on FacebookShare on Twitter

ৰঞ্জি ট্ৰফী, বিজয় হাজাৰেত অসম দলে শোচনীয় প্ৰদৰ্শন কৰাৰ পিছত এইবাৰ বিপৰ্যয় আৰম্ভ হৈছে ছৈয়দ মুস্তাক আলী ট্ৰফী টি-২০ টুৰ্নামেণ্টত। ২১ ফেব্ৰুৱাৰিত কৰ্নাটকৰ বিৰুদ্ধে খেলা মেচখনত অসম ১৫ ৰানত পৰাস্ত হোৱাৰ পাছত এতিয়া এই শংকাই দেখা দিছে ক্ৰিকেট প্ৰেমীসকলৰ মাজত। মেচখনত অসমৰ পৰাজয়ৰ মূলতে আছিল বেটিং ব্যৰ্থতা।

কটকত অনুষ্ঠিত হোৱা মেচখনত অসমৰ প্ৰাৰম্ভিক পৰ্যায়ৰ কোনো এজন বেটছমেনেই ক্ৰিজত দৃঢ়তা প্ৰদৰ্শন কৰিবলৈ সক্ষম নহ’ল। ইয়াৰ বিপৰীতে উইকেটকীপাৰ বেটছমেন ৱাছিকুৰ ৰহমান আৰু ৰেজেক উদ্দিন আহমেদে অৰ্ধশতকীয় ইনিংছ খেলি মেচখনত জয়ী হ’বলৈ চেষ্টা চলাই যদিও দুয়োৰে প্ৰয়াস অথলে যায়।

ৱাছিকুৰে ৪১টা বলত ৬২ ৰান কৰাৰ বিপৰীতে ৰেজেক উদ্দিনে ৩৪টা বলত ৫৩ ৰান কৰি অপৰাজিত হৈ থাকে।

উল্লেখ্য যে মেচখনত কৰ্নাটকে প্ৰথমে বেট ধৰি অধিনায়ক মনিষ পাণ্ডেৰ ৩৯টা বলত ৭৪, কৃষ্ণমূৰ্তি সিদ্ধাৰ্থৰ ২৭ আৰু বি আৰ শৰতৰ ১৫ ৰানৰ সহায়ত নিৰ্ধাৰিত ২০ অ’ভাৰত ১৬৯ ৰান সংগ্ৰহ কৰে। অসমৰ আবু নেছিম আহমেদে ৩২ ৰানত দুটা উইকেট লাভ কৰাৰ বিপৰীতে মুখতাৰ হুছেইন, ৰেজেক উদ্দিন আৰু ৰিয়ান পৰাগে এটাকৈ উইকেট পায়।

কৰ্নাটকে জয়ৰ বাবে বান্ধি দিয়া ১৭০ ৰানৰ লক্ষ্য পিছা কৰিবলৈ আহি অসম দলে ৬১ ৰানতে প্ৰাৰম্ভিক পৰ্যায়ৰ পাচঁজনকৈ বেটছমেনক হেৰুৱাই শলঠেকত পৰে। ইয়াৰ পাছতে ৱাছিকুৰ আৰু ৰেজেকৰ মাজত ষষ্ঠ উইকেটৰ যুটীত গুৰুত্বপূৰ্ণ ৬৩ ৰান যোগ হয় যদিও মেচখন জয়ী হ’বলৈ সেয়া পৰ্যাপ্ত নহ’ল।

ৰেজেক আৰু ৱাছিকুৰৰ অৰ্ধশতকীয় ইনিংছৰ উপৰি পল্লব দাসে ২৩ ৰান কৰিবলৈ সক্ষম হয়। আনহাতে আই পি এলত ৰাজস্থানৰ হৈ চুক্তিবদ্ধ হোৱা অসমৰ একমাত্ৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ প্ৰদৰ্শন মুঠেও সন্তোষজনক নহয়। ৰঞ্জিত ব্যৰ্থ হোৱাৰ পাছত কৰ্নাটকৰ বিৰুদ্ধে খেলা টি-২০ মেচখনতো শূন্যতে পেভেলিয়নলৈ উভতে ৰিয়ান।

Recent News

Durand Cup

আজিৰ পৰা আৰম্ভ হ’ব ডুৰাণ্ড কাপ: গুৱাহাটীত অনুষ্ঠিত হ’ব দহখন খেল

Guwahati

প্ৰেমৰ ভয়ংকৰ পৰিণতি নে অন্য কিবা! উত্তৰ গুৱাহাটীত যুৱতীক নৃশংস হত্যা

অঘটন! স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ

অঘটন! স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ

ITBP Bus Accident: কাশ্মীৰত খাৱৈত পৰিল ৩৯ জন জোৱান কঢ়িয়াই নিয়া আইটিবিপিৰ বাছ; নিহত কমেও ৭ জোৱান

ITBP Bus Accident: কাশ্মীৰত খাৱৈত পৰিল ৩৯ জন জোৱান কঢ়িয়াই নিয়া আইটিবিপিৰ বাছ; নিহত কমেও ৭ জোৱান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd