আবুধাবিত ৯ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া আই ইউ চি এন বিশ্ব সংৰক্ষণ কংগ্ৰেছত ভাৰতক প্ৰতিনিধিত্ব কৰিব অসম সন্তান তনুজ ছামদ্দাৰে। এই সন্মিলনলৈ ইউ এন এফ চি চি চি(UNFCCC)ৰ দ্বাৰা নিৰ্বাচিত কৰা হয় প্ৰতিনিধি সকলক।
উল্লেখ্য যে প্ৰতি চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা এই সন্মিলনত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিশেষজ্ঞ, নেতা, নীতি নিৰ্ধাৰকসকলক একত্ৰিত কৰি প্ৰকৃতি সংৰক্ষণৰ বিষয়ে আলোচনা কৰে।
সন্মিলনৰ এইবাৰৰ বিষয়বস্তু হৈছে পৰিৱৰ্তনশীল পৰিৱৰ্তনৰ শক্তি (Power of Transformative Change)। ইয়াত জৈৱ বৈচিত্ৰ্য ৰক্ষা আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ ব্যৱহাৰিক পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই অনুষ্ঠানটো জৈৱ বৈচিত্ৰ্য চুক্তি আৰু পেৰিছ চুক্তি (COP21)ৰ লক্ষ্যত উপনীত হোৱাৰ দিশত এক ডাঙৰ পদক্ষেপ হিচাপে বিবেচিত হৈছে।
কামৰূপ জিলাৰ ৰঙিয়াৰ নিবসী তনুজ ছামদ্দাৰ দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতক মহলাৰ ছাত্ৰ। তেওঁ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু বঁটাও লাভ কৰিছে। ইয়াৰোপৰি আই ইউ চি এনৰ পৰিৱেশ, অৰ্থনৈতিক আৰু সামাজিক নীতি আয়োগৰো (চি ই এছ পি) সদস্য সমাদ্দাৰ। তেওঁ অসমৰ জলাশয়ৰ প্ৰতি থকা ভাবুকিৰ বিষয়ে সজাগতা সৃষ্টিৰ পৰিকল্পনা কৰা বুলি জানিব পৰা গৈছে।





