DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মালালাৰ বিয়াক লৈ সুখী নহয় তছলিমা নাছৰিন, কিন্তু কিয়?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 11, 2021 5:04 pm
386
VIEWS
Share on FacebookShare on Twitter

শান্তিৰ ন’বেল বিজয়ী মালালা ইউছুফ জাইৰ যোৱা ৯ নৱেম্বৰত বিয়া হৈ গ’ল।মালালাৰ স্বামী পাকিস্তানৰ এগৰাকী উদ্যোগপতি তথা পাকিস্তান ক্ৰিকেট বোৰ্ডৰ কৰ্মকৰ্তা অছৰ মালিক।

কিন্তু মালালাৰ বিয়াকলৈ সন্তুষ্ট নহয় বাংলাদেশৰ লেখিকা তছলিমা নাছৰিন।মালালাই এজন পাকিস্তানী যুৱকৰ সৈতে বিয়া৩ত বহাৰ বাবেই মনত বেজৰ পাইছে তছলিমাই।

তছলিমাই তেওঁৰ টুইটাৰত এই প্ৰসংগকলৈ একাধিক টুইটো কৰিছে। তছলিমাই কৈছে যে এসময়ত যিসকল লোকে মালালাক হত্যা কৰিবলৈ চেষ্টা কৰিছিল তেনেলোকৰ সৈতেই মালালা বিয়া হ’ল।

পকিস্তানৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বাবেই মালালাই দেশ ত্যাগ কৰি বিদেশত থাকিবলগীয়া হ’ল বুলি মন্তব্য কৰি তছলিমাই কয়— যিয়ে তেওঁক আশ্ৰয় দিছে, আহত অৱস্থাত চিকিৎসা কৰোৱাইছে, ধনৰ যোগান ধৰিছে সেই দেশৰ ইংৰাজ যুৱক এজনৰ সৈতেহে মালালাই বিয়াত বহিব লাগিছিল।

বিয়াত বহাৰ ক্ষেত্ৰত মালালাই খৰখেদা কৰাৰ কথা উল্লেখ কৰি তছলিমাই কৈছে যে মালালাৰ বয়স মাত্ৰ ২৪ বছৰ। তেওঁ অক্সপোৰ্ড বিশ্ববিদ্যালয়ত পঢ়িব বুলি আশা কৰা হৈছিল।

ভবা হৈছিল ৩০ বছৰ বয়সলৈকে হয়তো মালালাই বিয়াৰ কথা চিন্তাই নকৰিব। কিন্তু সয়ো নহ’ল।সেইবাবেই মালালাৰ বিয়াক লৈ সুখী হ’ব পৰা নাই তছলিমা নাছৰিন।

উল্লেখ্য প্ৰাণঘাতী আক্ৰমণৰ পিছতে স্বদেশ পাকিস্তান এৰি ব্ৰিটেইনত বাস কৰি থকা মালালাই অৱশেষত বিবাহপাশত আৱদ্ধ হৈছে ।

শান্তিৰ ন’বেল প্ৰাপক মালালা ইউছুফজায়ে ব্ৰিটেইনৰ বাৰ্মিংহামত মঙলবাৰে বিবাহপাশত আৱদ্ধ হয়।
ছ’চিয়েল মিডিয়াৰ জৰিয়তে মালালাই তেওঁৰ বিয়াৰ কথা ৰাজহুৱা কৰিছে। ২৪ বছৰীয়া মালালাৰ স্বামীৰ নাম হৈছে অছৰ মালিক।

টুইটাৰত মালালাই লিখিছিল—’ আজিৰ দিনটো মোৰ বাবে এক মূল্যৱান দিন।আজি মই আৰু আছিৰে বিবাহপাশত আৱদ্ধ হৈ ইজনে-সিজনক জীৱন সংগী হিচাবে বিচাৰি পালো’। মালালাই টুইটাৰত বিয়াৰ চাৰিখন ফটোও দিছিল।

মালিক Pakistan Cricket Boardৰ High-Performance Centreৰ প্ৰৱন্ধক হিচাবে কৰ্মৰত হৈ আছে।

উল্লেখ্য মালালাই ব্ৰিটেইনৰ পৰা প্ৰকাশিত বিশ্ববিখ্যাত Vogue আলোচনীত চলিত বছৰৰ জুলাই মাহত প্ৰকাশিত এটা সাক্ষাৎকাৰত পূৰ্বে এইবুলি কৈছিল—’মই বুজি নাপাওঁ মানুহে কিয় বিয়া হ’ব লাগে। যদি আপুনি কোনো লোকক জীৱন সংগী কৰিব লাগে তেন্তে কিয় এসোপা নথি-পত্ৰত স্বাক্ষৰ কৰিব লাগে? আমি কিয় সহজ ভাবে জীৱন সংগী বাচি ল’ব নোৱাৰো?’

মালালাৰ সাক্ষাৎকাৰটো প্ৰকাশৰ পিছতে বহুতে ভাছিল যে মালালা হয়তো বিয়াৰ বিষয়কলৈ বিৰক্ত। কিন্তু কথাবোৰ যে তেনে নহয় সেয়া প্ৰমাণ কৰি দিলে মালালাই।

উল্লখ্যে সন্ত্ৰাসবাদীৰ সমান্তৰাল শাসন চলি থকা পাকিস্তানত প্ৰায় ৯ বছৰ পূৰ্বে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল ১৫ বছৰীয়া কিশোৰী মালালা ।

দেশ খনত তালিবানৰ বাধাকো নেওচি মালালাই স্ত্ৰী শিক্ষাৰ হকে দেহে কেহে খাটিছিল।

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যোৱাৰ বাবেই ২০১২ চনত মালালাৰ ওপৰত সন্ত্ৰাসবাদীয়ে চলাইছিল প্ৰাণঘাতী আক্ৰমণ।

মালালাৰ চকুৰ কাষৰে গুলি পাৰহৈ গৈ কান্ধত আঘাত কৰিছিল। সেইবাৰলৈ কথমপি প্ৰাণ ৰক্ষা পৰিছিল মালালাৰ।

তেতিয়াৰে পৰাই ব্ৰিটেইনত আশ্ৰয় গ্ৰহণ কৰি আছে মালালাই।

Recent News

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Punjab CM Bhagwant Mann আজি পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কইনা ডাঃ গুৰপ্ৰীত কৌৰ

Punjab CM Bhagwant Mann আজি পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কইনা ডাঃ গুৰপ্ৰীত কৌৰ

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

Indigenous status to Muslim চৈয়দ আব্দুল মালিক আগতে খিলঞ্জীয়া নাছিল নেকি?- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে ৰকিবুল হুছেইনে

Indigenous status to Muslim চৈয়দ আব্দুল মালিক আগতে খিলঞ্জীয়া নাছিল নেকি?- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে ৰকিবুল হুছেইনে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd