• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৃদ্ধ পিতৃ-মাতৃক চোৱাচিতা নকৰিলে ‘শাস্তি!’ চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ পৰা কৰ্তন কৰা হ’ব ১০ শতাংশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 13, 2026 12:23 pm
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেলেংগানা চৰকাৰে চৰকাৰী কৰ্মচাৰীয়ে বৃদ্ধ পিতৃ-মাতৃৰ যত্ন নল’লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ওলাইছে। মুখ্যমন্ত্ৰী এ ৰেৱন্ত ৰেড্ডীয়ে সোমবাৰে এক অনুষ্ঠানত কয় যে বৃদ্ধ পিতৃ-মাতৃৰ যত্ন নোলোৱা চৰকাৰী বিষয়া বা কৰ্মচাৰীৰ দৰমহাৰ ১০ শতাংশ কৰ্তন কৰা হ’ব আৰু পোনপটীয়াকৈ অভিভাৱকৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হ’ব।

ইতিমধ্যে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত এখন আইন অনাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্রী ৰেড্ডীয়ে কয় যে প্রশাসনে বৃদ্ধ অভিভাৱকসকলে কৰা অভিযোগসমূহ গুৰুত্বসহকাৰে চোৱাচিতা কৰিব আৰু ধন যাতে তেওঁলোকৰ ওচৰলৈ পোনপটীয়াকৈ যায় সেয়া নিশ্চিত কৰিব৷

Apply Now

অনুষ্ঠানত তেওঁ প্ৰতিবন্ধী আৰু বিশেষভাৱে সক্ষম লোকসকলৰ বাবে এক নতুন সাহায্য আঁচনিৰ কথা ঘোষণা কৰে। এই পদক্ষেপৰ অধীনত ৰেট্ৰ’ফিট কৰা মটৰচালিত বাহন, বেটাৰী ট্ৰাইচাইকেল, বেটাৰী হুইল চেয়াৰ, লেপটপ, শ্ৰৱণ যন্ত্ৰ, মোবাইল ফোনকে ধৰি আধুনিক যন্ত্ৰৰ ব্যৱস্থা কৰা হ’ব।

এই প্ৰকল্পৰ বাবে ৰাজ্য চৰকাৰে ৫০ কোটি টকা আবণ্টন দিছে। ইয়াৰ দ্বাৰা শিক্ষা, কৰ্মসংস্থাপন আৰু বিশেষভাৱে সক্ষম লোকসকলৰ প্ৰতি আত্মসন্মানেৰে সমাজত জীয়াই থকাৰ সুযোগ সুনিশ্চিত হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

জ্যেষ্ঠ নাগৰিকৰ বাবে ‘প্ৰণাম’ নামেৰে এটা নতুন ডে কেয়াৰ চেণ্টাৰ স্থাপন কৰা হৈছে। এই কেন্দ্ৰসমূহে বৃদ্ধসকলৰ যত্ন আৰু স্বাস্থ্যসেৱা নিশ্চিত কৰিব। ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেটতো নতুন স্বাস্থ্য নীতি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

সামাজিক অন্তৰ্ভুক্তি আৰু সমতাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ ঘোষণা কৰি তেওঁ কয় যে পৰৱৰ্তী পৌৰসভা নিৰ্বাচনত প্ৰতিটো পৌৰ নিগমৰ এটাকৈ সহ-বিকল্প সদস্য পদ তৃতীয় লিংগৰ বাবে সংৰক্ষিত কৰা হ’ব। ইয়াত তেওঁলোকে নিজৰ সমস্যা আৰু দাবীসমূহ পোনপটীয়াকৈ দাঙি ধৰিব পাৰিব।

বিশেষভাৱে সক্ষম নৱবিবাহিত দম্পতীক ২ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। সমান সুযোগ সুনিশ্চিত কৰিবলৈ অনুসূচিত জাতি শ্ৰেণীবিভাজন ৰূপায়ণৰ কথাও উল্লেখ কৰে। তেওঁ শাৰীৰিক অক্ষমতাৰ মাজতো দেশৰ সফল সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰয়াত কেন্দ্ৰীয় মন্ত্ৰী জয়পাল ৰেড্ডীক স্মৰণ কৰে।

সামগ্ৰিকভাৱে তেলেংগানা চৰকাৰে মানৱতা, সামাজিক ন্যায় আৰু সমতাৰ বাৰ্তাৰে এই নতুন পদক্ষেপসমূহ ৰূপায়ণ কৰি আছে যিয়ে ৰাজ্যখনৰ ৰাজনীতি আৰু সমাজত এক নতুন দিশ দেখুৱাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd