• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

দেশত সাময়িকভাৱে নিষিদ্ধ কৰা হৈছে টেলিগ্ৰাম এপ্। এই নিৰ্দেশৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে সংস্থাটো। এনে পৰিস্থিতিত বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ত টেলিগ্ৰামৰ বিৰুদ্ধে বিস্ফোৰক দাবী উত্থাপন কৰে কেন্দ্ৰীয় চৰকাৰে। চৰকাৰৰ মতে, টেলিগ্ৰাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগতলৈ ৰূপান্তৰিত হৈছে আৰু তাত অপৰাধীৰ দৌৰাত্ম্য বৃদ্ধি পাইছে। আনকি শিশু পৰ্ণ আৰু সন্ত্ৰাসবাদী গোটৰ উদ্দেশ্য বিয়পাবলৈও ইয়াক ব্যৱহাৰ কৰা হৈছে। ইয়াৰ উপৰিও প্ৰশ্নকাকত ফাদিল কৰাৰ এক মাধ্যম হৈ পৰিছে টেলিগ্ৰাম।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 18, 2026 5:51 pm
48
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত সাময়িকভাৱে নিষিদ্ধ কৰা হৈছে টেলিগ্ৰাম এপ্। এই নিৰ্দেশৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে সংস্থাটো। এনে পৰিস্থিতিত বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ত টেলিগ্ৰামৰ বিৰুদ্ধে বিস্ফোৰক দাবী উত্থাপন কৰে কেন্দ্ৰীয় চৰকাৰে। চৰকাৰৰ মতে, টেলিগ্ৰাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগতলৈ ৰূপান্তৰিত হৈছে আৰু তাত অপৰাধীৰ দৌৰাত্ম্য বৃদ্ধি পাইছে। আনকি শিশু পৰ্ণ আৰু সন্ত্ৰাসবাদী গোটৰ উদ্দেশ্য বিয়পাবলৈও ইয়াক ব্যৱহাৰ কৰা হৈছে। ইয়াৰ উপৰিও প্ৰশ্নকাকত ফাদিল কৰাৰ এক মাধ্যম হৈ পৰিছে টেলিগ্ৰাম।

কেন্দ্ৰীয় চৰকাৰে আদালতক জনোৱা মতে অপৰাধীসকলে অতি দ্ৰুতভাৱে টেলিগ্ৰামত এনে কিছুমান লিংক দি দিয়ে য’ত ক্লিক কৰিলে পোনে পোনে ইণ্টাৰনেটৰ সেই গোপন আৰু অন্ধকাৰ জগতখনত প্ৰৱেশ কৰিব পাৰি। প্ৰশাসনৰ বাবে এনে ধৰণৰ কাম-কাজ ধৰা পেলোৱা আৰু অপৰাধীসকলক চিনাক্ত কৰাটো অতি কঠিন হৈ পৰিছে।

Apply Now

আদালতত দাখিল কৰা শপতনামাত উল্লেখ কৰা হৈছে যে টেলিগ্ৰামত নিজৰ পৰিচয় গোপন ৰখাৰ সুবিধা থকাৰ বাবেই ই অপৰাধী চক্ৰৰ বাবে বিশেষভাৱে আকৰ্ষণীয় হৈ পৰিছে। কেন্দ্ৰৰ মতে, ব্যৱহাৰকাৰীসকলে গোপনীয়তাৰ সুবিধা লৈ নিজৰ ফোন নম্বৰ আৰু টেলিগ্ৰামৰ পৰিচয় লুকুৱাই ৰাখিব পাৰে। ফলত তদন্তকাৰী বিষয়াৰ বাবে সেই একাউণ্টবোৰৰ আঁৰত থকা প্ৰকৃত ব্যক্তিক চিনাক্ত কৰাটো কঠিন হৈ পৰে। চৰকাৰে স্পষ্টকৈ অভিযোগ কৰিছে যে নিচা জাতীয় দ্ৰব্যৰ সৰবৰাহ, চাইবাৰ অপৰাধ, সন্ত্ৰাসবাদ আৰু শিশু পৰ্ণৰ দৰে ভয়ংকৰ অপৰাধৰ বাবে ইয়াক ব্যৱহাৰ কৰা হৈছে।

উল্লেখ্য যে ইণ্টাৰনেটৰ এই অন্ধকাৰ জগতখন হ’ল ৱেবৰ সেই লুকাই থকা অংশ যাক সাধাৰণ চাৰ্চ ইঞ্জিনৰ জৰিয়তে বিচাৰি পোৱা নাযায়। তালৈ যাবলৈ বিশেষ ছফ্টৱেৰৰ প্ৰয়োজন হয়। চাইবাৰ অপৰাধ আৰু অবৈধ লেনদেনৰ বাবেই মূলতঃ এই জগতখন ব্যৱহাৰ কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ দাবী যে টেলিগ্ৰামৰ জৰিয়তেই ইণ্টাৰনেটৰ এই অন্ধকাৰ জগতত প্ৰৱেশ কৰাৰ লিংক বিনিময় কৰা হৈছে।

আনহাতে, চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষা আয়োজন কৰা ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই জানিবলৈ দিছে যে যোৱা কেইবামাহ ধৰি বহুতো টেলিগ্ৰাম চেনেলৰ ওপৰত চোৱাচিতা চলাই থকা হৈছে। জানিব পৰা মতে, কিছুমান চেনেলে মুকলিকৈ পৰীক্ষাৰ প্ৰশ্নকাকত দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। পৰীক্ষাৰ্থীৰ পৰা কেইবাহাজাৰৰ পৰা কেইবালক্ষ টকালৈকে দাবী কৰা হৈছিল। অৱশ্যে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই স্পষ্ট কৰি দিছে যে এনে ধৰণৰ প্ৰতিশ্ৰুতি আচলতে এক প্ৰতাৰণা মাথোঁ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm
গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

October 9, 2026 8:28 pm
জনতা ভৱনৰ সন্মুখৰ ব্যক্তিগত সম্পত্তিৰ ভিতৰত চিজেপিক কিয় সভা অনুষ্ঠিত কৰিবলৈ নিদিলে হিমন্ত বিশ্ব শৰ্মাই?

জনতা ভৱনৰ সন্মুখৰ ব্যক্তিগত সম্পত্তিৰ ভিতৰত চিজেপিক কিয় সভা অনুষ্ঠিত কৰিবলৈ নিদিলে হিমন্ত বিশ্ব শৰ্মাই?

October 9, 2026 8:08 pm
প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

October 9, 2026 6:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm
গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

October 9, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd