আজি জাগীৰোডৰ ভোমোৰাগুৰিত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এহাল দম্পতীৰ কৰুণ মৃত্যু ঘটে। দুইখন মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলত ঘটনাস্থলীতে দুয়োগৰাকী আৰোহীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
প্ৰাথমিক তথ্য অনুসৰি, AS 01 GG 8864 নম্বৰৰ মটৰচাইকেলখনত দুয়োগৰাকী গুৱাহাটী অভিমুখে গৈ আছিল। সেই সময়তে বিপৰীত দিশৰ পৰা অহা এখন মটৰচাইকেলৰ সৈতে তেওঁলোকৰ বাইকখনৰ মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষটো ইমানেই ভয়ংকৰ আছিল যে দুয়োগৰাকী গুৰুতৰভাৱে আহত হৈ ঘটনাস্থলীতে প্ৰাণ হেৰুৱায়।
নিহত পুৰুষজনক গুৱাহাটীৰ মালিগাঁৱৰ ২৬ বছৰীয়া ৰূপজ্যোতি নাথ বুলি চিনাক্ত কৰা হৈছে। আনগৰাকী মৃত মহিলা ২৪ বছৰীয়া সোমাংগী বৰা বুলি চিনাক্ত কৰা হৈছে। তেওঁ শোণিতপুৰ জিলাৰ লালমাটিয়াৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে জাগীৰোড আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। আৰক্ষীয়ে দুয়োগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁৱলৈ প্ৰেৰণ কৰে। ইতিমধ্যে আৰক্ষীয়ে দুৰ্ঘটনাটোৰ কাৰণ জানিবলৈ তদন্ত আৰম্ভ কৰিছে।
ঘটনাটোক লৈ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। দুৰ্ঘটনাটোৰ অধিক তথ্য এতিয়াও জানিব পৰা হোৱা নাই।





