• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিক্ষামন্ত্ৰীৰ তুলুঙা মন্তব্যই টেট উত্তীৰ্ণ শিক্ষকৰ মৰ্যাদা হানি কৰিছে : টেট উত্তীৰ্ণ শিক্ষক সমাজ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
March 26, 2022 5:46 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাপ্যৰ পৰা বাৰে বাৰে বঞ্চিত হৈ অৱশেষত বাধ্যত পৰি গণতান্ত্ৰিকভাৱে আন্দোলনৰ পন্থা হাতত ল’বলগীয়া হৈছে ৰাজ্যৰ ৪০,০০০ টেট্ উত্তীৰ্ণ শিক্ষকে।

উল্লেখযোগ্য যে দীৰ্ঘদিন বঞ্চনাৰ পিছত যোৱা ২৪ মাৰ্চত নিজৰ প্ৰাপ্য বিচাৰি কাহিলীপাৰাস্থিত মিছন সঞ্চালকৰ কাৰ্যালয় ঘেৰাও কৰছিল এইসকল শিক্ষকে।

Apply Now

উক্ত কাৰ্যসূচীতে শিক্ষকসকলৰ দাবীসমূহ পূৰণ কৰাৰ প্ৰতিশ্ৰুতিৰে প্ৰাথমিক শিক্ষা বিভাগৰ বিশেষ আয়ুক্ত আৰু সচিব প্ৰীতম শইকীয়াই অৱশেষত শিক্ষক সমাজৰ পৰা স্মাৰকপত্ৰও গ্ৰহণ কৰে।

মুখ্যমন্ত্ৰীলৈ দিয়া এই স্মাৰক পত্ৰখনত প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সকলে বছৰ বছৰ ধৰি বঞ্চিত হৈ থকা প্ৰতিটো প্ৰাপ্য আদায় দিয়াৰ দাবী জনাইছে।

সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে এক বিজ্ঞপ্তিযোগে জনাইছে এই কথা।

আনহাতে শিক্ষকসকলৰ আন্দোলনৰ পাছতে তিনিবাৰকৈ তিনিটা পৃথক মন্তব্য দি শিক্ষামন্ত্ৰী গৰাকীয়ে পুনৰবাৰ শিক্ষকসকলক অৱহেলা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে শিক্ষক সমাজে।

আন্দোলনৰ এঘণ্টাৰ পিছতে টেট্ শিক্ষকৰ আন্দোলনৰ ন্যায্যতা নাই আৰু শিক্ষকসকলে চৰকাৰক ‘ব্লেকমেইল’ কৰিছে বুলি তাৎক্ষণিক প্ৰতিক্ৰিয়া দিছিল শিক্ষা মন্ত্ৰীয়ে।

পুনৰ ২৪ মাৰ্চৰে আবেলি শিক্ষামন্ত্ৰীয়ে শিক্ষকসকলে কাকো এটকাও নিদিয়াকৈ, এখনো তামোল নুখুওৱাকৈ সকলো প্ৰাপ্য পাব বুলি ঘোষণা কৰিছিল।

কিন্তু পুনৰবাৰ ২৪ মাৰ্চৰ নিশা দিছপুৰত শিক্ষাবিভাগৰ উদ্ধৰ্তম বিষয়াৰ সৈতে সভা অনুষ্ঠিত কৰি কিছু সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত পুনৰ ডাঃ পেগুৱে অন্য এক ভাষ্য প্ৰদান কৰে।

শিক্ষামন্ত্ৰীয়ে কৈছিল যে টেট্ শিক্ষকসকল কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ অধীনতহে নিযুক্তি লাভ কৰিছিল আৰু এবছৰৰ মূৰে মূৰে চুক্তিত চহী কৰা শিক্ষকসকলক পৰৱৰ্তী পৰ্যায়ত ৬০ বছৰলৈ চুক্তিত চহী কৰোৱা হয়।

শিক্ষামন্ত্ৰীৰ এনে পৃথক পৃথক মন্তব্যত স্বাভাৱিকতে পুনৰ শিক্ষকসকল অসন্তুষ্ট হৈ পৰিছে।

উল্লেখ্য যে টেট্ উত্তীৰ্ণ শিক্ষকসকলক শিক্ষাৰ অধিকাৰ আইন-২০০৯ ৰ অধীনতহে নিযুক্তি দিয়া হৈছিল আৰু এই আইন অনুযায়ী শিক্ষক নিযুক্তি সদায় “প্ৰশিক্ষিত আৰু স্থায়ী কেডাৰ”ত হ’ব লাগে। কেন্দ্ৰীয় প্ৰজেক্ট এপ্ৰোভেল বোৰ্ডৰ নিৰ্দেশনা মতেও আঁচনিৰ অধীনত শিক্ষক নিযুক্তি হ’ব নোৱাৰে। দ্বৈত কেডাৰ কোনো কাৰণতে বৈধ নহয়। অৰ্থাৎ এইসকল শিক্ষকক ৰাজ্যৰ শিক্ষা বিভাগৰ অধীনলৈ নিয়াটো ৰাজ্য চৰকাৰৰ দায়িত্বৰ ভিতৰত পৰে।

বিজ্ঞপ্তিত উল্লেখ থকা অনুসৰি এইসকল শিক্ষকে শিক্ষামন্ত্ৰীয়ে কোৱাৰ দৰে এবছৰৰ চুক্তিত চহী কৰা নাছিল। প্ৰথমে ৫ বছৰৰ চুক্তি আৰু এদিনৰো বিৰতি নথকাকৈ চাকৰিৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি বাধ্যত পৰি ৬০ বছৰলৈ চুক্তিত স্বাক্ষৰ কৰিছে এইসকল শিক্ষকে। এই দিশৰ পৰা শিক্ষামন্ত্ৰীৰ মন্তব্য যে সঠিক আৰু যুক্তিনির্ভৰ নহয়, সেই কথা স্পষ্ট।

“মন্ত্ৰীৰ ভাষ্যত প্ৰকাশ পোৱা উক্ত চুক্তিখনৰ প্ৰতিটো দফা ভঙ্গ কৰিছে চৰকাৰ তথা শিক্ষা বিভাগে। চুক্তি পত্ৰত উল্লিখিত এটা দফাও আজিলৈ কাৰ্যকৰী হোৱা নাই আৰু ৰহস্যজনকভাৱে অসমত প্ৰজেক্ট এপ্ৰোভেল বোৰ্ডৰ নিৰ্দেশনাও কাৰ্যকৰী হোৱা নাই। অৰ্থাৎ শিক্ষাৰ অধিকাৰ আইন, ‘পেব’ৰ নিৰ্দেশনা, ৰাজ্যপাল অনুমোদিত কেবিনেট সিদ্ধান্ত, চুক্তিপত্ৰৰ দফা- এই সকলোবোৰ ভঙ্গ কৰিছে শিক্ষাবিভাগ আৰু চৰকাৰে।

প্ৰণিধানযোগ্য যে শিক্ষামন্ত্ৰীয়ে বাৰে বাৰে কোৱাৰ দৰে ঠিকাভিত্তিক টেট্ শিক্ষকসকলক নীতি আৰু চুক্তি অনুসৰিও দিবলগীয়া নিয়মীয়া শিক্ষকৰ ‘সমহাৰ’ৰ দা-দৰমহাও প্ৰদান কৰা নাই। আচৰিত ধৰণে তেওঁ ইয়াৰ দ্বাৰা এটা মিছা কথাৰে অসমৰ জনসাধাৰণলৈ ভুল বাৰ্তা এটা প্ৰেৰণৰ বাবে উঠিপৰি লাগিছে আৰু যিয়ে নেকি ঠিকাভিত্তিক শিক্ষকসকলকো অধিক মনোকষ্ট দিছে।” সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ সমাজৰ সভাপতি ত্ৰৈলোক্য ডেকা আৰু সাধাৰণ সম্পাদক মিৰাজুল ৰছিদ স্বাক্ষৰিত এক বিজ্ঞপ্তিত  এনেদৰে উল্লেখ কৰা হৈছে।

আনহাতে শিক্ষক সমাজে শিক্ষামন্ত্ৰীক শিক্ষকসকলৰ প্ৰাপ্যবোৰ তৎকালীনভাৱে আদায় দি এক সুস্থ শৈক্ষিক পৰিৱেশ প্ৰদান কৰাৰ বাবেও শিক্ষকসকলে অনুৰোধ জনায় তথা বিভ্ৰান্তিকৰ তথ্যৰে শিক্ষকসকলৰ সমস্যাক ৰাজনীতিৰ মাজলৈ নাটানিবলৈ আহ্বান জনায়।

দুৰ্ভাগ্যজনকভাৱে বিভাগীয় মন্ত্ৰী গৰাকীয়ে শিক্ষকসকলৰ নিজ প্ৰাপ্য বিচাৰি একান্ত অনিচ্ছাস্বত্তেও সাব্যস্ত কৰা গণতান্ত্ৰিক প্ৰতিবাদক ভেঙুচালি কৰি কোৱা শিক্ষক সমাজে কিবা স্বাৰ্থৰে এহেজাৰ টকাকৈ চান্দা তোলাৰ কথাতো স্বাভাৱিকতে ক্ষুব্ধ হৈ পৰিছে শিক্ষকসকল।

শিক্ষাৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ এটাৰ দায়িত্বত থাকি মন্ত্ৰী গৰাকীয়ে যোৱা দিনবোৰত যিসমূহ তৰল মন্তব্য আগবঢ়াইছে, সি বহুলাংশে শিক্ষকসকলৰ মৰ্যাদা হানি কৰিছে। তেনে তৰল আৰু ভিত্তিহীন মন্তব্যৰ পৰা বিৰত থাকি মূল সমস্যাত গুৰুত্ব প্ৰদান কৰিবলৈও আহ্বান জনাইছে শিক্ষক সমাজে। অন্যথা শিক্ষকৰ ওপৰত অন্যায়, অবিচাৰ আৰু বঞ্চনাৰ চাতুৰী চলি থাকিলে তাৰ যোগ্য প্ৰত্যুত্তৰৰ মুখামুখি হ’বলৈ আৰু তাৰ ফলত উদ্ভৱ হ’ব পৰা পৰিস্থিতিৰ বাবেও চৰকাৰ জগৰীয়া হ’ব বুলি শিক্ষক সমাজৰ নেতৃত্বই সকিয়াই দিয়ে।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

September 1, 2026 3:18 pm
মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

September 1, 2026 3:17 pm
লৰ্ডছত বিপৰ্যয়ৰ পিছত চৰম পদক্ষেপ! ৭গৰাকী ক্ৰিকেটাৰৰ লগতে দুই প্ৰশিক্ষককো অপসাৰণ পাকিস্তানৰ

লৰ্ডছত বিপৰ্যয়ৰ পিছত চৰম পদক্ষেপ! ৭গৰাকী ক্ৰিকেটাৰৰ লগতে দুই প্ৰশিক্ষককো অপসাৰণ পাকিস্তানৰ

September 1, 2026 2:35 pm
সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

September 1, 2026 1:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

উত্তৰ-পূৰ্বাঞ্চলত তেল-গেছ অন্বেষণ আৰু উৎপাদন বৃদ্ধিৰ বাবে Beicip-Franlabৰ সৈতে Vedanta Oil & Gasৰ অংশীদাৰিত্ব

September 1, 2026 3:18 pm
মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

মাতৃৰ মমতাৰ ওচৰত হাৰ মানিলে দাৰিদ্ৰ্যই! শাড়ী পিন্ধি মাৰাথন দৌৰি কন্যাৰ স্কুলৰ মাচুল যোগাৰ ৰমাবাইৰ

September 1, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd